• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভোটাধিকাৰ সাব্যস্ত কৰাটো গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত প্ৰতিগৰাকী নাগৰিকৰ নৈতিক দায়িত্ব : যাদৱ পায়েং

NE NOW NEWS মীনাক্ষী ফুকন
গুৱাহাটী , February 16, 2021 8:21 pm

1 min read

ভোটাধিকাৰ সাব্যস্ত কৰাটো গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত প্ৰতিগৰাকী নাগৰিকৰ নৈতিক দায়িত্ব : যাদৱ পায়েং
263
VIEWS
Share on FacebookShare on Twitter

ভোটদাতাসকলক ভোটদানৰ প্ৰতি অধিক সজাগ কৰাৰ উদ্দেশ্যে আজি গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত SVEEP-ৰ অধীনত গোলাঘাট নিৰ্বাচনী জিলাৰ বাবে ব্যাপক সজাগতা অভিযান চলোৱা হয়।

গোলাঘাটৰ তিনিটা শিক্ষানুষ্ঠান ক্ৰমে- হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়, চৰকাৰী শিক্ষক শিক্ষণ মহাবিদ্যালয় আৰু গোলাঘাট বাণিজ্য মহাবিদ্যালয়ত আজি সৰস্বতী পূজাৰ দিনটোতে ভালেসংখ্যক ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী তথা বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত এই সজাগতা কাৰ্যসূচী ৰূপায়ন কৰা হয়।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত বিশিষ্ট পৰিৱেশবিদ, অৰণ্য মানৱৰূপে খ্যাত তথা পদ্মশ্ৰী যাদৱ পায়েঙে অংশ লৈ অংশগ্ৰহণকাৰীসকলক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়।

‘ভোট দিয়াটো গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত একোজন নাগৰিকৰ বাবে কেৱল কৰ্তব্যই নহয়, বৰং ই এটা নৈতিক দায়িত্ব’ যাদৱ পায়েঙে কয়।
প্ৰতিজন নাগৰিকে ভোটদান কৰি গণতান্ত্ৰিক ব্যৱস্থাটোৰ ভেঁটি শক্তিশালী কৰিব লাগিব বুলি তেওঁ মত প্ৰকাশ কৰে।

তেওঁ লগতে প্ৰতিজন ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী তথা অভিভাৱকক কেৱল নিজেই নহয়, ঘৰৰ জ্যেষ্ঠজনকো ভোটদানৰ বাবে উৎসাহিত কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

আজিৰ অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, সহকাৰী আয়ুক্ত পাপু গগৈ আৰু জিলা প্ৰশাসনৰ ভালেমান বিষয়ববীয়া উপস্থিত আছিল।

Recent News

index.jpgb

২০২১ৰ নিৰ্বাচন : ৪,৪৭,২৬১ গৰাকী ভোটাৰে ৯০২ টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিব মৰিগাঁৱত

নাৰীক ধন-সম্পত্তিৰ স’তে তুলনা কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ৰ, সমুখীন হ’ল ব্যাপক সমালোচনাৰ

নাৰীক ধন-সম্পত্তিৰ স’তে তুলনা কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ৰ, সমুখীন হ’ল ব্যাপক সমালোচনাৰ

index.jpgaa

বিজেপি কৰ্মীৰ গুণ্ডাগিৰী আৰম্ভ : নলবাৰীত এজেপিৰ সভাপতিক লুৰীণজ্যোতি গগৈক আক্ৰমণ

আইচিচি টেষ্ট ৰেংকিং : কেৰিয়াৰৰ শীৰ্ষতম স্থানত উপনীত ৰোহিত শৰ্মা, আগুৱালে অশ্বিন-অক্ষৰো

আইচিচি টেষ্ট ৰেংকিং : কেৰিয়াৰৰ শীৰ্ষতম স্থানত উপনীত ৰোহিত শৰ্মা, আগুৱালে অশ্বিন-অক্ষৰো

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd