পাকিস্তানৰ কৰাচী চহৰৰ এজন মাছমৰীয়া। বছৰজোৰা কষ্টৰে পৰিয়াল পোহপাল দিছিল মাছমৰীয়াগৰাকীয়ে। পিছে এদিনৰ ভিতৰতে তেওঁৰ ভাগ্যই পোহৰ কৰি দিলে তেওঁৰ ভৱিষ্যত। নিশাৰ ভিতৰতে তেওঁ হৈ পৰিল ধনৱান।
ঔষধি গুণসমৃদ্ধ এক বিৰল মাছ নিলাম কৰি ৰাতিটোৰ ভিতৰতে কোটিপতি হৈ পৰে মাছমৰীয়াজন। নাম তেওঁৰ হাজী বালোচ। কৰাচীৰ ইব্ৰাহিম হাইদেৰী নামৰ এখন পিছপৰা মাছমৰীয়া গাঁৱত বাস কৰে বালোচে।
বালোচ আৰু তেওঁৰ সহকৰ্মী শ্ৰমিকসকলে সোমবাৰে আৰব সাগৰৰ পৰা স্থানীয় উপভাষাত সোণালী মাছ বা “সোৱা” নামেৰে জনাজাত মাছটো ধৰিছিল।
শুকুৰবাৰে পুৱা কৰাচী বন্দৰত মাছমৰীয়াসকলে এই মাছটো নিলাম কৰে আৰু নিলামৰ সময়ত মাছটো প্ৰায় ৭ কোটি টকাত বিক্ৰী হয়।
উল্লেখ্য যে, সোৱা মাছক অমূল্য আৰু বিৰল বুলি গণ্য কৰা হয়। এই মাছটোৰ পেটৰ পৰা ওলোৱা পদাৰ্থক ৰোগ নিৰাময়ক আৰু অত্যন্ত ঔষধি গুণসমৃদ্ধ বুলি কোৱা হয়।
প্ৰায়ে ২০ৰ পৰা ৪০ কিলোগ্ৰাম ওজন আৰু ১.৫ মিটাৰ পৰ্যন্ত বৃদ্ধি হ’ব পৰা এই মাছবিধৰ পূব এছিয়াৰ দেশসমূহত যথেষ্ট সমাদৰ আছে।
মাছটো নিলাম কৰি লাভ কৰা ধনৰাশি তেওঁৰ সাতজনীয়া সহকৰ্মীৰ দলটোৰ সৈতে ভাগ কৰিব বুলি জানিবলৈ দিয়ে বালোচে।