সম্পৰ্কৰ পুনৰ স্থাপন! দুবছৰৰ মূৰত ভাৰতৰ পৰা চেনি আৰু কপাহ ক্ৰয় কৰিব পাকিস্তানে

পাকিস্তানে ভাৰতৰ স’তে অৰ্থনৈতিক সম্পৰ্ক পুনৰ স্থাপন কৰিব বিচাৰিছে।

দেশখনে ভাৰতৰ পৰা চেনিৰ আমদানিৰ ক্ষেত্ৰত প্ৰায় দুবছৰ ধৰি আৰোপ কৰা নিষেধাজ্ঞা শেহতীয়াভাৱে উঠাই লৈছে।

বুধবাৰে ইছলামাবাদত পাকিস্তানৰ বিত্তমন্ত্ৰী হাম্মাদ আজহাৰে কয় যে পাকিস্তানে দেশখনৰ মূল্যবৃদ্ধিৰ স’তে যুঁজ দিবলৈ ভাৰতৰ পৰা ৫০০,০০০ টন চেনি আমদানি কৰাৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰিব।

বিত্তমন্ত্ৰীজনে কয় যে ভাৰতত চেনিৰ দাম পাকিস্তানতকৈ কম, সেয়ে ভাৰতৰ স’তে মুকলিভাৱে চেনিৰ ব্যৱসায় কৰিবলৈ তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে।

তদুপৰি বিত্তমন্ত্ৰীজনে কয় যে জুন মাহৰ শেষৰ ফালে ভাৰতৰ স’তে কেঁচা কপাহ আমদানিৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞাও পাকিস্তানে উঠাই ল’ব।

তেওঁ কয় যে পাকিস্তানত কপাহৰ যথেষ্ট চাহিদা আছে আৰু যোৱা বছৰত দেশখনৰ কপাহ উৎপাদন আশানুৰূপ নহ’ল।

অৱশ্যে ভাৰতে এতিয়ালৈকে এই সম্পৰ্কে একো মন্তব্য কৰা নাই।

উল্লেখযোগ্য যে শেহতীয়াভাৱে পাকিস্তানৰ ইমৰাণ খান চৰকাৰে মূল্যবৃদ্ধিৰ স’তে যুঁজ দি আছে।

ভাৰতৰ স’তে ব্যৱসায়িক বিনিময় হ’লে দেশখনৰ লাভ হ’ব বুলি ইমৰাণ খান চৰকাৰে আশা প্ৰকাশ কৰিছে।

২০১৯ চনৰ পৰা ভাৰতৰ স’তে পাকিস্তানৰ সম্পৰ্ক বিচ্ছিন্ন হৈ আছে।

শেহতীয়াকৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজৰ মন্তব্যৰ দ্বাৰা দুয়ো দেশৰ মাজত শান্তিপূৰ্ণ সম্পৰ্কৰ বিষয়ে উত্থাপন কৰিছে।