পাকিস্তানৰ প্ৰতিৰক্ষ মন্ত্ৰী খোৱাজা আছিফে শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে ইছলামাবাদৰ সম্পৰ্কক লৈ এক অত্যন্ত চাঞ্চল্য্যকৰ মন্তব্য কৰিছে। সংসদত ভাষণ দি থাকোঁতে তেওঁ অভিযোগ কৰে যে আমেৰিকাই নিজৰ কৌশলগত স্বাৰ্থত পাকিস্তানক ব্যৱহাৰ কৰিছে আৰু কাম শেষ হোৱাৰ পিছত টয়লেট পেপাৰতকৈও বেয়া ধৰণে দলিয়াই পেলাইছে। তেওঁৰ এই মন্তব্যই এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে।
আছিফে উল্লেখ কৰে যে ১৯৯৯ চনৰ পিছত বিশেষকৈ আফগানিস্তানৰ ইছ্যু লৈ ৱাশ্বিংটনৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি কৰাৰ সিদ্ধান্তটো পাকিস্তানৰ বাবে এক ডাঙৰ ভুল আছিল। তেওঁৰ মতে আমেৰিকাৰ সমৰ্থন পোৱাৰ আশাত লোৱা সেই পদক্ষেপ আছিল এক ভুল হিচাপ যাৰ মাচুল আজিও দেশে ভৰি আছে। তেওঁ দশক দশক ধৰি চলি থকা চৰকাৰী স্থিতিৰ বিপৰীতে গৈ কয় যে আফগান যুদ্ধত পাকিস্তানৰ অংশগ্ৰহণ কোনো ধৰ্মীয় দায়িত্বৰ বাবে নাছিল। তেওঁৰ মতে জিহাদৰ নামত পাকিস্তানৰ লোকসকলক এই যুদ্ধলৈ পঠিওৱাটো আছিল এক বিভ্ৰান্তিকৰ আৰু ধ্বংসাত্মক সিদ্ধান্ত। আনকি এই যুদ্ধক উচিত বুলি দেখুৱাবলৈ সেই সময়ত দেশৰ শিক্ষাব্যৱস্থাকো সলনি কৰি দিয়া হৈছিল বুলি তেওঁ স্বীকাৰ কৰে।
প্ৰতিৰক্ষ মন্ত্ৰীগৰাকীৰ মতে ১৯৮০ৰ দশকত ছোভিয়েট বিৰোধী আফগান যুদ্ধত পাকিস্তানৰ অংশগ্ৰহণ আছিল কেৱল আমেৰিকাৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে। তেওঁ স্পষ্টকৈ কয় যে সেই সময়ত পৰিস্থিতি এনেকুৱা নাছিল যে জিহাদ ঘোষণা কৰিবলগীয়া হয়। আনৰ যুদ্ধত জপিয়াই পৰাৰ বাবেই পাকিস্তানত দীৰ্ঘদিন ধৰি অস্থিৰতা, উগ্ৰপন্থা আৰু সামাজিক অৱক্ষয়ৰ সৃষ্টি হৈছে বুলি তেওঁ আক্ষেপ প্ৰকাশ কৰে।
২০০১ চনৰ ১১ ছেপ্টেম্বৰৰ আক্ৰমণৰ পিছত আমেৰিকাৰ নেতৃত্বত চলা সন্ত্ৰাসবাদ বিৰোধী যুদ্ধত পাকিস্তানৰ ভূমিকা লৈও আছিফে কঠোৰ সমালোচনা কৰে। তেওঁ অভিযোগ কৰে যে তদানীন্তন সামৰিক শাসক জিয়াউল হক আৰু পাৰভেজ মোশ্বাৰফৰ ভুল সিদ্ধান্তই পাকিস্তানক বিদেশী সংঘাতৰ মাজলৈ ঠেলি দিছিল। আমেৰিকাই আফগানিস্তানৰ পৰা নিজৰ সেনা আঁতৰাই নিলেও পাকিস্তানে আজিও হিংসা, সন্ত্ৰাসবাদ আৰু অৰ্থনৈতিক সংকটৰ সৈতে যুঁজি থাকিবলগীয়া হৈছে।
আছিফে কয় যে পাকিস্তানে তালিবানৰ বিৰুদ্ধে আমেৰিকাৰ পক্ষ লৈছিল যদিও সময়ৰ লগে লগে আমেৰিকাই নিজৰ স্বাৰ্থ পূৰণ কৰি আঁতৰি গ’ল। ইয়াৰ ফলত হোৱা ক্ষতি পাকিস্তানে অকলেই বহন কৰিছে আৰু এই ক্ষতি কেতিয়াও পূৰণ কৰা সম্ভৱ নহয়। তেওঁ ক্ষোভেৰে কয় যে বাৰে বাৰে বিদেশী শক্তিৰ ৰাজনৈতিক খেলৰ অংশ হৈ পাকিস্তান কেৱল এটা গুটি হিচাপে ব্যৱহৃত হৈছে। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে প্ৰতিৰক্ষ মন্ত্ৰীগৰাকীৰ এই ভাষণে পাকিস্তানৰ বৈদেশিক নীতি আৰু আমেৰিকাৰ সৈতে থকা ভৱিষ্যতৰ সম্পৰ্কক লৈ নতুন প্ৰশ্নৰ সৃষ্টি কৰিছে।





