‘শ্বাহৰুখ মুঠেই আকৰ্ষণীয় নহয়, অভিনয়ো নাজানে’; কিং খানক লৈ মন্তব্য অভিনেত্ৰীৰ, তাৰপিছত…

বাদশ্বাহৰ অনুৰাগী কেৱলদেশতে সীমাবদ্ধ নহয়, বৰঞ্চ সমগ্ৰ বিশ্বতে বিয়পি আছে। তেওঁৰ অভিনয়, হাঁহি, ব্যক্তিত্ব… আজিও তেওঁ সহজেই যুৱতীসকলৰ হৃদয়ত ধুমুহা তুলিব পাৰে। তেওঁ হৈছে শ্বাহৰুখ খান। আক্ষৰিক অৰ্থতে যেন কিং খান তেওঁ। বলীউডত ৰাজত্ব বাদশ্বাহ। কিন্তু হঠাৎ ইমান বছৰ পিছত তেওঁৰ অভিনয়ক লৈ উত্থাপন হ’ল প্ৰশ্ন!

শেহতীয়াকৈ জনপ্ৰিয় পাকিস্তানী অভিনেত্ৰী মাহনুৰ বালোচে শ্বাহৰুখক লৈ এটা বিৰূপ মন্তব্য কৰিছিল। শেহতীয়াকৈ পাকিস্তানী শ্ব’ এটাত আহি শ্বাহৰুখ সম্পৰ্কত কৰা মন্তব্যৰ বাবে অভিনেত্ৰীগৰাকীয়ে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে।

তেওঁ দৰাচলতে কি কৈছিল? টক শ্ব’ত শ্বাহৰুখৰ বিষয়ে কথা পাতি থাকোঁতে মাহনুৰে মন্তব্য কৰিছিল যে ‘শ্বাহৰুখ এজন মানুহ হিচাপে বহুত ভাল হ’ব পাৰে, তেওঁৰ ব্যক্তিত্বও অতি ভাল। কিন্তু যদি মই সুদৰ্শন পুৰুষ বা অতি আকৰ্ষণীয় পুৰুষ বুলি কবলগীয়া হয়, তেন্তে শ্বাহৰুখক তেনেদৰে ক’ব নোৱাৰি।’

ইয়াতেই শেষ নহ’ল, মাহনুৰে লগতে মন্তব্য কৰিলে যে শ্বাহৰুখৰ অনুৰাগীসকল সঁচাকৈয়ে জাঙুৰ খাই উঠিছে। মাহনুৰে ক’লে- ‘শ্বাহৰুখ বৰ ভাল ব্যৱসায়ী৷ তেওঁ নিজৰ ছবিখৰ ভাল ব্যৱসায় কৰিব পাৰে। কিন্তু অভিনয় প্ৰকৃততে কেনেকৈ কৰিব লাগে, তেওঁ নাজানে। কেৱল নিজক লৈ ভাল ব্যৱসায় কৰাৰ বাবেই তেওঁ জনপ্ৰিয়।’

এই সকলোবোৰ মন্তব্য শুনি পাকিস্তানী অভিনেত্ৰীগৰাকীক লৈ ক্ষোভিত হৈ পৰিছে শ্বাহৰুখৰ অনুৰাগীসকল। বহুতে লিখিছে- ‘শ্বাহৰুখ খান যিয়েই নহওক কিয়, তেওঁ তোমাতকৈ ভাল মানুহ। কাৰণ তেওঁ কেতিয়াও কাৰো বিষয়ে ইমান বিৰূপ মন্তব্য নকৰে।’

আন এজন অনুৰাগীয়ে কৈছে, ‘আপুনি কি ভুল, ভিত্তিহীন মন্তব্য কৰিছে! শ্বাহৰুখ কেৱল অভিনেতা বা প্ৰযোজক নহয়, তেওঁ এজন কিংবদন্তিও।’ বহু অনুৰাগীয়ে কটুভাৱে কৈছে, ‘শ্বাহৰুখৰ ওপৰত মন্তব্য কৰি আপুনি নিজেই কিছু প্ৰচাৰ লাভ কৰিব বিচাৰিছে যেন লাগে।’

ইয়াৰ পূৰ্বে শ্বাহৰুখে ‘ৰইছ’ ছবিত পাকিস্তানী অভিনেত্ৰী মহিৰা খানক সুযোগ দিছিল। তেতিয়া মহিৰাই তেওঁক প্ৰশংসাৰে উপচাই দিছিল। কিন্তু চুবুৰীয়া ৰাষ্ট্ৰখনৰ এইগৰাকী অভিনেত্ৰী শ্বাহৰুখক লৈ কৰা মন্তব্যই অনুৰাগীক ক্ষুব্ধ কৰি তুলিছে। ছ’চিয়েল মিডিয়াতো বহু ট্ৰ’ল কৰা হৈছে অভিনেত্ৰীগৰাকীক। অৱশ্যে এই সকলোবোৰ কটুক্তিৰ প্ৰত্যুত্তৰত অভিনেত্ৰী মাহনুৰে এতিয়াও মুখ খোলা নাই।