NORTHEAST NOW (Assamese)

অসমত ধৰা পৰিল প্ৰথমগৰাকী পাকিস্তানী, কি ব্যৱস্থা লোৱা হ’ব বিবাহসূত্ৰে ডিব্ৰুগড়ত থকা মহিলাগৰাকীৰ বিৰুদ্ধে?

April 28, 2025 1:32 pm · এন ই নাও নিউজ, গুৱাহাটী

অসমত আছে পাকিস্তানৰ নাগৰিক, ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীয়ে সদৰী কৰিলে এই বৃহৎ তথ্য।

অসমত থকা পাকিস্তানী নাগৰিকগৰাকী এগৰাকী মহিলা। পাকিস্তানী মহিলাগৰাকীয়ে বিবাহসূত্ৰে বাস কৰি আছে তিনিচুকীয়া জিলাত।

শেহতীয়াকৈ পোহৰলৈ আহিছে পাকিস্তানী মহিলাগৰাকীৰ তথ্য। মহিলাগৰাকীৰ নাম ৰাবিয়া আইছ। ২০১৩ চনত অসমৰ যুৱকৰে বিবাহ সম্পন্ন হৈছিল মহিলাগৰাকীৰ। বিবাহৰ পাছৰে পৰা তিনিচুকীয়াৰ ৰঙাগৰাত বাস কৰি আহিছে মহিলাগৰাকীয়ে।

এই সন্দৰ্ভত অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে যোগাযোগ কৰি আছে। কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত অনুযায়ী মহিলাগৰাকীৰ বিৰুদ্ধে কেনে ব্যৱস্থা গ্ৰহণ কৰা হব সেয়া স্থিৰ কৰা হব।

দেওবাৰে ডিব্ৰুগড়ত এই তথ্য সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Related News