পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফৰ দেওবাৰে দেহাৱসান ঘটিছে। সংযুক্ত আৰৱ আমিৰাতৰ ডুবাইৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত পাৰভেজ মুছাৰফৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৯ বছৰ।
পাকিস্তানৰ এই প্ৰাক্তন সেনা প্ৰধানজন দীৰ্ঘদিন ধৰি অসুস্থ আছিল। তেওঁ ডুবাইৰ আমেৰিকান হস্পিটেলত চিকিৎসাধীন হৈ আছিল।
পাৰভেজ মুশ্বাৰফৰ জন্ম ১৯৪৩ চনৰ ১১ আগষ্টত ব্ৰিটিছ অধীন ভাৰতৰ দিল্লীত হৈছিল। ১৯৪৭ চনৰ বিভাজনৰ সময়ত তেওঁৰ পৰিয়ালে পাকিস্তানলৈ প্ৰব্ৰজন কৰে।
জেনেৰেল পাৰভেজ মুশ্বাৰফে কৰাচীৰ ছেইণ্ট পেট্ৰিক হাইস্কুলৰ পৰা মাধ্যমিক আৰু কৰাচীৰ ফ’ৰমেন খ্ৰীষ্টান কলেজৰ পৰা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱাৰ পিছত ১৯৬১ চনত তেওঁ পাকিস্তান মিলিটাৰী একাডেমীত যোগদান কৰিছিল আৰু ১৯৬৪ চনত তেওঁ পাকিস্তান সেনাত কমিছনড বিষয়া হিচাপে যোগদান কৰিছিল।
১৯৬৫ চনৰ ইণ্ডো-পাকিস্তান যুদ্ধত পাৰভেজ মুশ্বাৰফে পাকিস্তান সেনাত ছেকেণ্ড লেফটেনেণ্ট হিচাপে যোগদান কৰিছিল।
মুশ্বাৰফে ১৯৯৯ চনত নৱাজ শ্বৰীফক উৎখাত কৰি পাকিস্তানত ক্ষমতা দখল কৰিছিল। পিছত গণ আন্দোলনৰ সন্মুখীন হৈ তেওঁ ক্ষমতা ত্যাগ কৰে।
মুশ্বাৰফৰ পৰিয়ালে জানিবলৈ দিছে যে তেওঁ ডুবাইৰ আমেৰিকান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। একাধিক শাৰীৰিক সমস্যাত ভুগি থকা প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ চিকিৎসালয়ত দীৰ্ঘদিন ধৰি চিকিৎসা চলিছিল।