• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সোমবাৰৰ পৰা পাংচুপাচ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱ-২০২০ আৰম্ভ

বিখ্যাত ষ্টিলৱেল পথ মুকলিৰ দাবী

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
January 22, 2020 8:59 am
Pangsu Pass festival

পাংগচু পাচ মহোৎসৱ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সোমবাৰৰ পৰা পাংচুপাচ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱ-২০২০ আৰম্ভ হৈছে।

অসমৰ সীমাতে লাগি থকা অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামপঙত অনুষ্ঠিত হৈছে এই মহোৎসৱ৷

Apply Now

মূলতঃ অৰুণাচলপ্ৰদেশৰ কৃষ্টি-সংস্কৃতি প্ৰসাৰৰ লগতে পৰ্যটন ক্ষেত্ৰখনক আগুৱাই নিয়াৰ উপৰিও চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ কৃষ্টি-সংস্কৃতিৰ সৈতে আদান-প্ৰদানেৰে দুয়োখন দেশৰ ভ্ৰাতৃত্ববোধ বৃদ্ধিৰ লক্ষ্যৰে বিগত বৰ্ষৰ দৰেই এই বছৰো অনুষ্ঠিত হৈছে এই পাংচুপাচ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱ৷

প্ৰতিকুল বতৰকো নেওচি লোকে লোকাৰণ্য হৈ পৰা মহোৎসৱস্থলীত ৰাজ্যখনৰ বহু কেইটা সাংস্কৃতিক দলে বৰ্ণিল সাংস্কৃতিক কলাকৃষ্টি প্ৰদৰ্শন কৰা পৰিলক্ষিত হয়৷

বিশেষকৈ অৰুণাচল প্ৰদেশৰ টাংছা, ৱাংছু, নকটে, লিচু, গোৰ্খা, খামতিকে আদি কৰি বহু কেইটা সাংস্কৃতিক দলে মহোৎসৱ অংশ গ্ৰহণ কৰি নিজা নিজা পৰম্পৰাগত কলা সংস্কৃতি প্ৰদৰ্শনেৰে সোণত সুৱগা চৰালে প্ৰাকৃতিক সৌন্দৰ্যৰে মনোমোহা নামপুঙৰ উৎসৱস্থলি৷

পাংচুপাচ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱ-২০২০ ক টাংছা জনগোষ্ঠীৰ পৰম্পৰাগত বাদ্যযন্ত্ৰ ‘বৰকাঁ‌হ’ অৰ্থাৎ কং বজাই সোমবাৰে আনুষ্ঠানিক ভাবে শুভদ্ধোধন কৰে চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ ৰাষ্ট্ৰদূত মাও ক্যাও অঙে৷

এই ক্ষেত্ৰত তেখেতক সহযোগিতা আগবঢ়ায় অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চৌনা মিনে৷

অৰুণাচল প্ৰদেশৰ নামপুং-জয়ৰামপুৰ বিধানসভা সমষ্টি তথা স্থানীয় বিধায়ক লাইছাম ছিমাই আদৰণি ভাষণ পাঠ কৰা উৎসৱস্থলীত ১৩ নং অসম ৰাইফলছৰ অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শনিকে মুখ্য কৰি ৰাজ্যখনৰ বিভিন্ন জনগোষ্ঠীয় সাজ-পাৰ, খাদ্য সম্ভাৰৰ বিপনী সমূহেও মহোৎসৱস্থলীলৈ অহা দৰ্শনাৰ্থী সকলক আকৰ্ষিত কৰা পৰিলক্ষিত হয়৷

পাংচুপাচ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱ ২০২০ৰ উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহণ কৰা ম্যানমাৰ ৰাষ্ট্ৰদূত মৌ ক্যাও অং আৰু অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চৌনা মিনে তেওঁলোকৰ ভাষণ প্ৰসংগত এই উৎসৱে ৰাজ্যখনৰ সৈতে চুবুৰীয়া ৰাষ্ট্ৰ সমূহৰ সাংস্কৃতিক আদান প্ৰদানেৰে ভ্ৰাতৃত্ববোধ গঢ়াত সহায় কৰাৰ উপৰিও পৰ্যটন ক্ষেত্ৰ খনৰ লগতে বাণিজ্যিক ক্ষেত্ৰলৈ যথেষ্ট আশাৰ ৰেঙনি কঢ়িয়াই আনিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰে৷

উল্লেখযোগ্য যে, ভাৰতৰ সৈতে দক্ষিণ-পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ লগত বাণিজ্যিক সম্পৰ্কৰ প্ৰসংগ উত্থাপন হ’লেই পাংচু গিৰিপথৰ মাজেৰে ভাৰত আৰু ম্যনামাৰ মাজেৰে যোৱা বিখ্যাত ষ্টিলৱেল পথৰ প্ৰসংগ আলোচিত হয়৷

সময়ে সময়ে বিখ্যাত ষ্টিলৱেল পথ মুকলি সম্পৰ্কে চৰ্চা অব্যাহত আছে যদিও আশ্চৰ্যজনকভাৱে অসমক স্থলপথেৰে প্ৰত্যক্ষভাৱে ম্যানমাৰ আৰু চীন হৈ দক্ষিণ-পূব এছিয়াৰ দেশসমূহক সংযোগ কৰিব পৰা এই পথটো মুকলি কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীৰ চৰকাৰে আজিলৈকে কোনো প্ৰচেষ্টা হাতত নলোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে৷

দক্ষিণ-পূব এছিয়াৰ আছিয়ান দেশমূহক গুৰুত্ব দি অলপতে গুৱাহাটীত আয়োজন কৰা ‘এডভাণ্টেজ অসম’ত ষ্টিলৱেল পথটো মুকলি কৰাৰ সন্দৰ্ভত আলোচনা হ’ব বুলি আশা কৰা হৈছিল যদিও এই সম্পৰ্কত কোনোধৰণৰ আলোচনা কৰা নহ’ল৷

দ্বিতীয় মহাসমৰৰ সময়ছোৱাত জাপানী আগ্ৰাসন ৰোধ কৰিবলৈ আৰু জাপানৰ বিৰুদ্ধে যুদ্ধৰত চীনলৈ সামৰিক সাহায্য প্ৰেৰণৰ অৰ্থে অসমৰ লিডুৰ পৰা ম্যানমাৰ হৈ চীনৰ য়ুনান প্ৰদেশৰ কুনমিংলৈকে আমেৰিকা যুক্তৰাষ্ট্ৰই এই পথটি নিৰ্মাণ কৰিছিল৷ যুদ্ধ অন্ত পৰাৰ পাছত এই পথটিৰ ব্যৱহাৰ নোহোৱা হৈ পৰিত্যক্ত হৈ পৰে৷

উজনি অসমৰ লিডুৰ পৰা আৰম্ভ হৈ চীনৰ কুনমিঙত অন্ত পৰা পথছোৱাৰ মুঠ দৈৰ্ঘ্যয হ’ল ১৭২৬ কিল’মিটাৰ, ইয়াৰে ৬১ কিল’মিটাৰ ভাৰত, ১০৩৩ কিল’মিটাৰ ম্যানমাৰত আৰু ৬৩২ কিল’মিটাৰ চীনত৷

উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ স্বাৰ্থত ভাৰতৰ পক্ষৰ পৰা ষ্টিলৱেল পথটো মুকলি কৰাৰ দাবী আজি বহুদিনীয়া৷ বিগত বছৰসমূহত এই সন্দৰ্ভত দেশে-বিদেশে হোৱা কৰ্মশালা, আলোচনা-চক্ৰ, বৈঠক আদিত যুক্তিসংগত কাৰণতে পথটো মুকলি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাৰম্বাৰ অনুৰোধ-আৱেদন জনোৱা সত্ত্বেও কেন্দ্ৰীয় চৰকাৰে মুঠেও গুৰুত্ব আৰোপ কৰা নায়৷

পাংচুপাচ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱ-২০২০ অনুষ্ঠানতে বিখ্যাত ষ্টিলৱেল পথটো মুকলি সম্পৰ্কে আলোচনা হওঁ‌ক তাৰেই কামনা কৰিছে পৰ্যটক সকলে৷

পৰৱৰ্তী সময়ত এইক্ষেত্ৰত কেনেধৰণৰ আলোচনা অনুষ্ঠিত হয় সেইয়া লক্ষণীয় হ’ব৷

পৰ্যটনৰ সম্ভৱনা থকা অসমৰ সীমাৰ পৰা আৰম্ভ হোৱা ষ্টিলৱেল পথ থকাৰ পাছতো অতি দুৰ্ভাগ্যজনকভাৱে এই পাংচু পাচ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত অসম পৰ্যটনৰ কোনোধৰণৰ অংশগ্ৰহণ দেখা নগ’ল৷

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিশুৰো হ’ব পাৰে হাৰ্ট এটাক! সন্তানৰ শৰীৰত এইবোৰ লক্ষণে দেখা দিলে শীঘ্ৰে কাষ চাপক চিকিৎসকৰ

শিশুৰো হ’ব পাৰে হাৰ্ট এটাক! সন্তানৰ শৰীৰত এইবোৰ লক্ষণে দেখা দিলে শীঘ্ৰে কাষ চাপক চিকিৎসকৰ

June 26, 2026 7:05 am
নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিশুৰো হ’ব পাৰে হাৰ্ট এটাক! সন্তানৰ শৰীৰত এইবোৰ লক্ষণে দেখা দিলে শীঘ্ৰে কাষ চাপক চিকিৎসকৰ

শিশুৰো হ’ব পাৰে হাৰ্ট এটাক! সন্তানৰ শৰীৰত এইবোৰ লক্ষণে দেখা দিলে শীঘ্ৰে কাষ চাপক চিকিৎসকৰ

June 26, 2026 7:05 am
নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd