NORTHEAST NOW (Assamese)

উদাসীন চৰকাৰ! ১০০জনলৈ বৃদ্ধি পালে ৰাজ্যত কাগজ কলৰ কৰ্মচাৰীৰ মৃত্যুৰ সংখ্যা

February 22, 2022 7:22 am · এন ই নাও নিউজ, গুৱাহাটী

কাছাৰ কাগজ কলৰ আন এগৰাকী কৰ্মচাৰীৰ মৃত্যু ঘটিছে। ইয়াকে লৈ অসমৰ বন্ধ হৈ পৰা কাগজ কলৰ মৃত্যু হোৱা কৰ্মচাৰীৰ সংখ্যা ১০০জনলৈ বৃদ্ধি পালে।

দেওবাৰে জানিব পৰা যায় যে মনিন্দ্ৰ চন্দ্ৰ দাস (৫৬)নামৰ কৰ্মচাৰীজনৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে।

দাস বিগত দুবছৰ ধৰি অসুস্থ হৈ আছিল যদিও তেওঁৰ পাবলগীয়া দৰমহা তথা বকেয়াখিনি পোৱাৰ আশাত অপেক্ষা কৰি আছিল।  

হাইলাকান্দি  জিলাৰ পঞ্চগ্ৰামৰ কাছাৰ কাগজ কল আৰু মৰিগাঁও জিলাৰ জাগীৰোডৰ নগাঁও কাগজ কল দুটা ক্ৰমে যোৱা ২০১৫চনৰ অক্টোবৰ আৰু ২০১৭চনৰ মাৰ্চৰ পৰাই কাৰ্যক্ষমহীন হৈ আছে।

লগতে পঢ়ক: এনকাউন্টাৰৰ জৰিয়তে ৰাজ্যখনক তৃতীয় স্থানলৈ আনিবলৈ সফল হ’ল মুখ্যমন্ত্ৰী- অজিত কুমাৰ ভূঞা

অভিযোগ উত্থাপিত হৈ আহিছে যে এই অচল হৈ থকা কাগজ কল দুটা কাৰ্যক্ষম কৰি তুলিবলৈ চৰকাৰক বাৰে বাৰে আবেদন জনাই অহা সত্তেও কোনো পদক্ষেপ গ্ৰহণ কৰাৰ পৰিৱৰ্তে কাগজ কল দুটা এতিয়া বিক্ৰী কৰিবলৈহে সাজু হৈছে।

কাগজ কল দুটাৰ স্বীকৃত ইউনিয়নৰ যৌথ কাৰ্যকৰী কমিটিৰ সভাপতি মানবেন্দ্ৰ চক্ৰৱৰ্তীয়ে কয় যে এই ১০০জন কৰ্মচাৰীৰ অকাল মৃত্যু অত্যন্ত দুৰ্ভাগ্যজনক।

এইদৰে অকাল মৃত্যু ঘটা ১০০জনৰ ভিতৰত চাৰিজনে আত্মহত্যা কৰিছে। এতিয়ালৈকে কাগজ কল দুটাৰ কৰ্মচাৰী-কৰ্মীসকলৰ দৰমহা বন্ধ হৈ থকা প্ৰায় ৬১মাহৰ অধিক হ’ল।

লগতে পঢ়ক: কাৰাগাৰেই যেন স্থায়ী ঠিকনা: পুনৰ পাঁচ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত লালু প্ৰসাদ যাদৱ

চক্ৰৱৰ্তীয়ে লগতে কয় যে কৰ্মচাৰীসকলে এতিয়া একমাত্ৰ এই আশাতে দিন পাৰ কৰিছে যে কোনোবাদিনা তেওঁলোকেও মৰ্যাদাৰে জীৱন যাপন কৰিবলৈ সক্ষম হ’ব।       

Related News