পিতৃ-মাতৃয়ে প্ৰায়ে সন্তানক পঢ়া-শুনাত ভাল ফলাফল দেখুৱাবলৈ উৎসাহিত কৰে। কিন্তু শিশুৰ সফলতা কেৱল কিতাপৰ মাজতে সীমাবদ্ধ নহয়। তেওঁলোকক সুস্থ, সক্ৰিয় আৰু স্বাৱলম্বী কৰি তুলিবলৈ সৰুৰে পৰাই তেওঁলোকক কিছুমান ভাল অভ্যাস শিকোৱাটো অতি প্ৰয়োজনীয়। সৰু সৰু কথাই তেওঁলোকক গোটেই জীৱন প্ৰভাৱিত কৰে। ইয়াত ৫টা গুৰুত্বপূৰ্ণ অভ্যাসৰ বিষয়ে জনাইছো যিবোৰ আপুনি আপোনাৰ শিশুৰ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰা উচিত।
সকলো বয়সতে সক্ৰিয় হৈ থকা
শিশুক সৰুৰে পৰা সক্ৰিয় হ’বলৈ শিকাওক। ক্ৰীড়া, চাইকেল চলোৱা, নৃত্য বা যিকোনো শাৰীৰিক কাৰ্য্যকলাপত তেওঁলোকৰ অংশগ্ৰহণ নিশ্চিত কৰক। ৩-৫ বছৰ বয়সৰ শিশুৱে দিনটোত ৩ ঘণ্টা এক্টিভিটি কৰা উচিত। ৬-১৭ বছৰ বয়সৰ শিশুৰ বাবে দিনটোত এঘণ্টা এক্টিভিটি জৰুৰী। ইয়াৰ ফলত তেওঁলোকৰ হাড় শক্তিশালী হয়, মগজু চোকা হয় আৰু সুস্থ জীৱনশৈলীৰ দিশত আগবাঢ়ি যোৱাত সহায় কৰে।
পুষ্টিৰ ক্ষেত্ৰত কোনো আপোচ নহয়
শিশুৰ খাদ্য তালিকাত পুষ্টিকৰ খাদ্য অন্তৰ্ভুক্ত কৰাটো অতি প্ৰয়োজনীয়। জাংক ফুডৰ পৰা আঁতৰাই ৰাখক আৰু গাখীৰ, ফল-মূল, শাক-পাচলি, মাছ আৰু প্ৰটিন সমৃদ্ধ খাদ্য খোৱাৰ অভ্যাস গঢ়ি তোলক। উপযুক্ত পুষ্টিয়ে তেওঁলোকৰ শাৰীৰিক আৰু মানসিক বিকাশৰ ভেটি গঠন কৰে। নিমখ, চেনি আৰু পেকেটত ভৰোৱা খাদ্যৰ পৰা আঁতৰত ৰাখিব লাগে।
‘ক্লীন প্লেট’ নিয়ম পৰিহাৰ কৰক
বহু অভিভাৱকে ল’ৰা-ছোৱালীক কয় যে তেওঁলোকৰ প্লেটত ৰখা সকলো খাদ্য শেষ কৰাটো গুৰুত্বপূৰ্ণ। কিন্তু এই অভ্যাসে তেওঁলোকক অতিমাত্ৰা খাদ্য খোৱাৰ দিশত ঠেলি দিব পাৰে। ল’ৰা-ছোৱালীক যিমান ভোক আছে সিমানে খাবলৈ আৰু পেট ভৰিলে খোৱা বন্ধ কৰিবলৈ শিকাওক। শিশুৱে খাবলৈ ইচ্ছা নকৰিলে খাবলৈ বাধ্য কৰাব নালাগে। লাহে লাহে শিশুৰ মাজত বিভিন্ন ধৰণৰ খাদ্য খোৱাৰ অভ্যাস গঢ়ি তোলক।
হাত ধোৱাৰ অভ্যাস গঢ়ি তোলক
সুস্থ জীৱনশৈলীৰ আটাইতকৈ মৌলিক অভ্যাস হ’ল পৰিষ্কাৰ-পৰিচ্ছন্নতা। প্ৰতিটো আহাৰ খোৱাৰ আগতে আৰু বাহিৰৰ পৰা অহাৰ পিছত হাত ধোৱাৰ অভ্যাস গঢ়ি তোলক। ইয়াৰ দ্বাৰা সংক্ৰমণ, ৰোগ আৰু বেক্টেৰিয়াৰ পৰা ৰক্ষা পৰিব।
দাঁতৰ স্বাস্থ্যৰ যত্ন লওক
শিশুক সৰুৰে পৰা ব্ৰাছ কৰা আৰু দাঁতৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ গুৰুত্বৰ বিষয়ে শিকাওক। দিনটোত দুবাৰকৈ ব্ৰাছ কৰাৰ অভ্যাসে তেওঁলোকৰ দাঁত আৰু আলু সুস্থ কৰি ৰাখিব আৰু ভৱিষ্যতে দাঁতৰ সমস্যাৰ পৰা ৰক্ষা কৰিব। শিশুৰ প্ৰতি ৬ মাহৰ মূৰে মূৰে দাঁত পৰীক্ষা কৰা উচিত।





