• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰেশ বৰুৱা আলোচনালৈ আহক, কিন্তু স্বাধীন অসম নাপায় : তৰুণ গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 29, 2020 3:05 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘স্বাধীন অসম পৰেশ বৰুৱাই বিচাৰি থকাটো আমি আগতেই নাকচ কৰিছো। পৰেশ বৰুৱা আহক আলোচনালৈ, কিন্তু স্বাধীন অসম নাপায়। সাৰ্বভৌমত্বৰ কথা আমাৰ দিনত নাপাতো বুলি কৈছিলো, সকলো বিষয় লৈছিলো কিন্তু সাৰ্বভৌমত্ব মানি লোৱা নাছিলো। এইখন চৰকাৰে কি কৰে নাজানো।‘ আলফা (স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক উদ্দেশ্যি এইদৰে কয় প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

বুধবাৰে দিচপুৰস্থিত নিউ মিনিষ্টাৰ কলনীৰ চৰকাৰী আৱাসগৃহত এক সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, এনডিএফবি ৪ টা গোট আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত স্বাক্ষৰিত বড়ো শান্তি চুক্তি গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে।

Apply Now

‘বড়ো শান্তি চুক্তি গ্রহণযোগ্য নহয়। বড়োলেণ্ডৰ সৰহ সংখ্যক লোকে এই চুক্তি গ্ৰহণ কৰা নাই। এই চুক্তিৰ বিৰুদ্ধে বিটিএদিৰ বহু লোক ওলাই আহিছে। ২০০৩ চনত আমিও এই চুক্তি কৰিছিলো। এতিয়া পৃথক বড়োলেণ্ড নাকচ কৰা বুলি বিজেপি চৰকাৰে ক্ৰেডিট ল’লেও তেতিয়াই আমি ৫০-৫০ অসম বিভাজন নাকচ কৰিছিলো।‘

ইপিনে, সদ্য স্বাক্ষৰিত চুক্তিখনক ‘একপক্ষীয় চুক্তি’ আখ্যা দি তেওঁ কয় ‘বড়ো সকলৰ লগত থকা অন্যান্য জনগোষ্ঠী ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত হৈ আন্দোলন কৰি আহিছে। নৱ শৰণীয়াৰ জয়ে ইয়াক প্ৰতিফলিত কৰিছে। বড়ো সকলৰ উন্নতি বিচাৰিছিল ঠিকেই আছে, কিন্তু প্ৰাপ্যৰ পৰা বঞ্চিত লোকসকলৰ লগতো আলোচনা কৰিব লাগিছিল। বড়োলেণ্ড কেৱল বড়ো সকলৰ বাবে নহয়। এতিয়া এক নতুন সমস্যাৰ সৃষ্টি হ’ব।‘

গগৈয়ে লগতে কয় ‘আমি ২০০৩ চনত চুক্তি বড়োলেণ্ডৰ বড়ো-অবড়ো সকলো দল সংগঠনৰ লগত আলোচনা কৰিছিলো। কিন্তু এওঁলোকে ক’ত কৰিলে? বিভিন্ন সমস্যা লৈ আন্দোলন কৰি থকা অবড়ো সকলক আলোচনাত নল’লে কিয়?’

তদুপৰি, চুক্তিখন একপক্ষীয়ভাৱে স্বাক্ষৰিত হোৱাৰ ফলত ‘এক নতুন অশান্তি হ’ব’ বুলি আশংকা কৰে গগৈয়ে।

তেওঁ আৰু কয় ‘এতিয়া আন্দোলন কাৰ্বিআংলং লৈ বিয়পি যাব বুলি ইংগিত পাইছো। বড়ো সকলক দিয়াৰ লগে লগে এতিয়া কাৰ্বি, হাচং, মিছিং সকলেও ভাবিব আমাক কিয় দিয়া নাই?’

উক্ত সংবাদমেলৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে বাকীসকলকো মাতি নি আলোচনা কৰক আৰু প্ৰাপ্য বোৰ প্ৰদান কৰিবলৈ গগৈয়ে দাবী জনায়।

গগৈৰ মতে ‘উন্নয়নৰ কথা বাদ দি ধৰ্মৰ নামত প্ৰলোভনৰ ৰাজনীতি কৰি ৰাইজক বিভ্ৰান্ত কৰিছে। ভাগ ভাগ কৰিলে অসমলৈ শান্তি নাহে।‘

ইপিনে, বড়োলেণ্ডৰ নামটো কিয় বদলি কৰা হ’ল? বুলি প্ৰশ্ন কৰি গগৈয়ে লগতে কয় ‘তেওঁলোকে এতিয়া ৯০% UTC পোৱাৰ দৰেই হ’ল। এৰিয়া কিয় বঢ়োৱা হ’ল? হিমন্তই আগতে এৰিয়া নাবাহে বুলি কৈছিল। তেওঁ আচলতে একো নাজানে। এতিয়া কিয় বঢ়ালে?’

ইপিনে, যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি কামৰুল ইছলামক বিনা কাৰণত গ্ৰেপ্তাৰ কৰিছে বুলি অভিযোগ তুলি গগৈয়ে লগতে কয় ‘এই চৰকাৰে দমননীতি চলাইছে। যদি সঁচাকৈ গণতন্ত্ৰত বিশ্বাস আছে শান্তিপ্ৰিয় আন্দোলনকাৰীক দমন কৰাৰ পৰা বিৰত থাকক। দমন নীতিয়ে আন্দোলন দমাব নোৱাৰে , বৰঞ্চ বৃদ্ধিহে হ’ব।‘

‘আছু আৰু ছাত্ৰ সমাজে আমাৰ প্ৰৰোচনাত পৰি আন্দোলন কৰিছে নেকি? তেওঁলোকে নিজে নিজে ওলাই আহিছে আন্দোলন কৰিবলৈ। আন্দোলন দেখাত মৰিছে কিন্তু মানুহৰ মনৰ পৰা ক্ষোভটো আঁতৰা নাই। বিধানসভা নিৰ্বাচনলৈকে এই ক্ষোভ থাকিব, সময়ত ক্ষোভ উজাৰি দিব। কা গুচাই দিলে ক্ষোভটো আতঁৰিব।‘ গগৈয়ে সংবাদমেলত কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

September 8, 2026 10:06 am
মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

September 8, 2026 8:38 am
সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা! অৰুণাচলত প্ৰথমবাৰৰ বাবে ভাৰত-চীন কৰ্পছ কমাণ্ডাৰৰ বৈঠক

সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা! অৰুণাচলত প্ৰথমবাৰৰ বাবে ভাৰত-চীন কৰ্পছ কমাণ্ডাৰৰ বৈঠক

September 8, 2026 8:36 am
একাপ ‘নীলা চাহ’ৰ চমৎকাৰ: ডায়েবেটিছ নিয়ন্ত্ৰণৰ পৰা মানসিক চাপ দূৰ কৰালৈকে, কেনেকৈ বনাব এই বিশেষ পানীয়?

একাপ ‘নীলা চাহ’ৰ চমৎকাৰ: ডায়েবেটিছ নিয়ন্ত্ৰণৰ পৰা মানসিক চাপ দূৰ কৰালৈকে, কেনেকৈ বনাব এই বিশেষ পানীয়?

September 8, 2026 7:16 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

September 8, 2026 10:06 am
মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

September 8, 2026 8:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd