• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

’ন্যায়পালিকাত বৈচিত্ৰ্যৰ অভাৱ’, সংসদীয় সমিতিৰ প্ৰতিবেদনত চাঞ্চল্যকৰ তথ্য; কি পৰামৰ্শ সমিতিৰ?

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 10, 2023 6:37 pm
ভাৰতীয় সংসদ।

ভাৰতীয় সংসদ।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ সামাজিক শ্ৰেণীগত স্থিতি সদায় চৰ্চালৈ আহে। সংসদীয় সমিতিৰ প্ৰতিবেদনত এই সন্দৰ্ভত চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। প্ৰতিবেদনত দেখা গৈছে যে শেহতীয়াকৈ সাধাৰণ শ্ৰেণীৰ ন্যায়াধীশৰ সংখ্যা বৃদ্ধি পাইছে। আনহাতে অনুসূচিত জাতি, জনজাতিকে ধৰি সংৰক্ষিত সম্প্ৰদায়ৰ ন্যায়াধীশৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাইছে। যাৰ পৰিপ্ৰেক্ষিতত সংসদীয় সমিতিৰ পৰ্যবেক্ষণ হ’ল যে ন্যায়িক ব্যৱস্থাত বৈচিত্ৰ্যৰ অভাৱ আছে।

সংসদীয় সমিতিৰ প্ৰতিবেদন অনুসৰি, ২০১৮ চনৰ পৰা বিগত ৬ বছৰত দেশৰ বিভিন্ন ৰাজ্যৰ উচ্চ ন্যায়ালয়ত মুঠ ৬০১ জন ন্যায়াধীশ নিযুক্তি দিয়া হৈছে। ইয়াৰ ভিতৰত সাধাৰণ শ্ৰেণীৰ ন্যায়াধীশৰ সংখ্যা ৪৫৭ অৰ্থাৎ ৭৬ শতাংশ।

আনহাতে, যোৱা ৬ বছৰত দেশৰ বিভিন্ন উচ্চ ন্যায়ালয়ত নিযুক্তি পোৱা অনুসূচিত জাতিৰ ন্যায়াধীশৰ মুঠ সংখ্যা ১৮জন অৰ্থাৎ মুঠ ন্যায়াধীশৰ ৩ শতাংশ। আৰু অনুসূচিত জনজাতিৰ অন্তৰ্গত ন্যায়াধীশৰ মুঠ সংখ্যা ৯ জন অৰ্থাৎ ১.৫ শতাংশ। ইয়াৰ উপৰিও অ’বিচিৰ অন্তৰ্গত ন্যায়াধীশৰ মুঠ সংখ্যা ৭২জন, যিটো ১১.৯ শতাংশ। সেইদৰে, সংখ্যালঘু সম্প্ৰদায়ৰ অন্তৰ্গত ন্যায়াধীশৰ মুঠ সংখ্যা ৩২ জন অৰ্থাৎ ৫.৩ শতাংশ।

Apply Now

অৰ্থাৎ সংসদীয় সমিতিৰ প্ৰতিবেদন অনুসৰি যোৱা ৬ বছৰত দেশত পিছপৰা আৰু সংৰক্ষিত শ্ৰেণীৰ পৰা নিযুক্তি পোৱা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা সাধাৰণ শ্ৰেণীতকৈ বহু কম। আকৌ দেশৰ বিভিন্ন উচ্চ ন্যায়ালয়ত নিযুক্তি পোৱা মহিলা ন্যায়াধীশৰ মুঠ সংখ্যা ৯১ গৰাকী অৰ্থাৎ মুঠ ন্যায়াধীশৰ ১৫.১ শতাংশ। মহিলা ন্যায়াধীশৰ সংখ্যা মুঠ ন্যায়াধীশৰ সংখ্যাতকৈ কম। তদুপৰি, খালী হৈ আছে পদ। ২০১৮ চনৰ পৰা ১৩ জন ন্যায়াধীশৰ পদ এতিয়াও খালী হৈ আছে।

বিজেপিৰ সাংসদ সুশীল কুমাৰ মোদীয়ে ৭ আগষ্টত ৰাজ্যসভাত ন্যায়পালিকাৰ এই প্ৰতিবেদন দাখিল কৰে। দেশৰ উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সৈতে জড়িত তথ্যৰ বাবে সুশীল কুমাৰ মোডীৰ নেতৃত্বত লোকসভা আৰু ৰাজ্যসভাৰ ৩১ জনীয়া এখন সমিতি গঠন কৰা হয়। ৰাজ্যসভাত বিভিন্ন শ্ৰেণীৰ ন্যায়াধীশৰ পৰিসংখ্যা দাখিল কৰি সংসদীয় সমিতিখনে প্ৰতিবেদনত উল্লেখ কৰিছে যে, ‘ন্যায়পালিকাত বৈচিত্ৰ্যৰ অভাৱ আছে।’

যদিও উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ নিযুক্তিৰ ক্ষেত্ৰত কোনো সংৰক্ষণৰ ব্যৱস্থা নাই, সংসদীয় সমিতিৰ প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতীয় সমাজৰ সকলো শ্ৰেণীৰ প্ৰতিনিধিত্বই ন্যায়পালিকাৰ ওপৰত আস্থা জগাই তুলিব। সেয়ে সমাজৰ অনগ্ৰসৰ স্তৰৰ পৰা কলেজিয়ামে ন্যায়াধীশ নিযুক্তিৰ পৰামৰ্শ দিয়া উচিত।

সাংসদ তথা জ্যেষ্ঠ অধিবক্তা পি উইলছনে কয় যে পিছপৰা শ্ৰেণীৰ পৰা কম প্ৰতিনিধিত্ব হোৱাৰ বাবে সেই গোষ্ঠীসমূহৰ ধাৰণা হ’ব পাৰে যে তেওঁলোকৰ অধিকাৰ পৰ্যাপ্তভাৱে সুৰক্ষিত নহয়। তেওঁলোকৰ অধিকাৰ খৰ্ব হ’ব পাৰে বুলিও আশংকা কৰিব পাৰে। বহুতে আশংকা কৰিব পাৰে যে সমাজৰ কিছুমান বিশেষ শ্ৰেণীৰ ন্যায়াধীশসকলে সামগ্ৰিকভাৱে সমাজৰ দৃষ্টিভংগী প্ৰতিফলিত নকৰিবও পাৰে। সেয়েহে সংসদীয় সমিতিয়েও প্রতিবেদনত উল্লেখ কৰিছে যে ন্যায়পালিকাত সমাজৰ সকলো শ্ৰেণীৰ সমান প্রতিনিধিত্ব থাকিব লাগে৷

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

October 8, 2026 7:45 am
প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

October 8, 2026 7:45 am
প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd