• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Omicron variant কোভিডৰ দক্ষিণ আফ্ৰিকাৰ প্ৰজাতিত আক্ৰান্ত জনে সোৱাদো পায়, গোন্ধও পায়!

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 29, 2021 8:45 pm
166
VIEWS
Share on FacebookShare on Twitter

নানা ৰূপ ধাৰণ কৰি এতিয়া বিশ্বত মহাত্ৰাসৰ সৃষ্টি কৰিছে কোভিডে ।

শেহতীয়াকৈ কোভিডৰ দক্ষিণ আফ্ৰিকাৰ প্ৰজাতি অমিক্ৰনকলৈ সৃষ্টি হৈছে নতুন ত্ৰাসৰ। কোভিডৰ ডেল্টা, কাপ্পা আদি প্ৰজাতিত আক্ৰান্ত জনে বস্তুৰ সোৱাদ লাভ অথবা গোন্ধ পোৱাৰ ক্ষমতা হেৰুৱাই পেলায় যদিও নতুন প্ৰজাতি অমিক্ৰনৰ ক্ষেত্ৰত তেনে কোনো ঘটনা নঘটে।সেই বাবেই বাঢ়িছে বিপদ। কাৰণ সোৱাদ-গোন্ধ পাই থকা জনে নিজকে কোভিড আক্ৰান্ত বুলি ভাবিবলৈ টান পায়। ফলত ৰোগ অধিক বিয়পি পৰাৰ ভয় থাকে।

অৰ্থাৎ ৰোগীয়ে সোৱাদো পায়, গোন্ধও পায়। অৱশ্যে অমিক্ৰন প্ৰজাতিৰ কোভিডৰ লক্ষণ তেনেই সাধাৰণ বুলি দাবী কৰিছে দক্ষিণ আফ্ৰিকাৰ এগৰাকী বিশিষ্ট চিকিৎসকে।

দক্ষিণ আফ্ৰিকা মেডিকেল এছোচিয়েছনৰ অধ্যক্ষ ডাঃ এঞ্জেলিক কোৱেৎজী হৈছে দেশ খনত অমিক্ৰন প্ৰজাতিৰ কোভিডৰ কথা পোহৰলৈ অনা প্ৰথমগৰাকী চিকিৎসক। চিকিৎসকগৰাকীয়ে প্ৰকাশ কৰা মতে অমিক্ৰণ প্ৰজাতিৰ কোভিডত আক্ৰান্ত জনৰ শৰীৰত বিশেষ কোনো ভয়াৱহ লক্ষণ ফুটি নুঠে। এই লক্ষণ তেনেই সাধাৰণ তথা ঘৰুৱা পৰিবেশতে ইয়াৰ চিকিৎসা কৰিব পাৰি।
উল্লেখ্য ১৮ নৱেম্বৰত চিকিৎসকগৰাকীয়ে সাত গৰাকী ৰোগীৰ দেহত কোভিডৰ কিছু বেলেগ ধৰণৰ লক্ষণ প্ৰত্যক্ষ কৰিছিল। সেই লক্ষণসমূহ ডেল্টা প্ৰজাতিৰ লক্ষণতকৈ কিছু বেলেগ আছিল। ৰোগীৰ পৰীক্ষা কৰোৱাৰ পিছতে তেওঁলোক এক নতুন প্ৰজাতিৰ কোভিডত আক্ৰান্ত বুলি নিশ্চিত কৰা হয়।
ইয়াৰ পিছতে অমিক্ৰনকলৈ বিশ্ব জুৰি ত্ৰাসৰ সৃষ্টি হয়।

অমিক্ৰনৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিততে অহা ১ ডিচেম্বৰৰ পৰা নতুন কোভিড বিধি প্ৰযোজ্য কৰিবলৈ আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰে। এই সন্দৰ্ভত দেওবাৰে কেন্দ্ৰই নিৰ্দেশনা প্ৰকাশ কৰিছে।
এই নতুন নিৰ্দেশনা অনুসৰি, অ’মিক্ৰনৰ বাবে অহা ১ ডিচেম্বৰৰ পৰা বিদেশৰ পৰা সকলো যাত্ৰীয়ে বিগত ১৪ দিনৰ ট্ৰেভেল হিষ্ট্ৰী জমা দিব লাগিব।

তদুপৰি, বিদেশৰ পৰা অহা যাত্ৰীসকলে আৰটি-পিচিআৰ টেষ্টৰ ৰিপ’ৰ্ট জমা দিব লাগিব। যাত্ৰীসকলে কেন্দ্ৰৰ এয়াৰ সুবিধা প’ৰ্টেলত এখন ছেল্ফ ডিক্লাৰেশ্যন ফৰ্ম পূৰণ কৰি সকলো তথ্য জমা দিব লাগিব।

আনহাতে, যাত্ৰা কৰাৰ ৭২ ঘন্টাৰ পূৰ্বে কৰা আৰটি-পিচিআৰ টেষ্টহে গ্ৰহণযোগ্য হ’ব বুলিও কেন্দ্ৰীয় চৰকাৰে জানিবলৈ দিছে। এইক্ষেত্ৰত কোনোৱে ভুৱা ৰিপ’ৰ্ট জমা দিলে সেই যাত্ৰীৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ কৰা হ’ব।

সেইদৰে, সংক্ৰমণ ঘটা দেশসমূহৰ পৰা অহা বিমানযাত্ৰীসকল, বিশেষকৈ ব্ৰিটেইনকে ধৰি ইউৰোপীয় দেশসমূহ, দক্ষিণ আফ্ৰিকা, ব্ৰাজিল, বাংলাদেশ, বাৎছোৱানা, চীন, মৰিছাছ, জিম্বাবৱে, নিউজিলেণ্ড, হংকং, ছিংগাপুৰ, ইজৰাইলৰ পৰা যাত্ৰীসকলৰ ওপৰত দৃষ্টি ৰখাৰ নিৰ্দেশ দিয়া হৈছে।

উক্ত দেশসমূহৰ কোনো যাত্ৰী ভাৰতলৈ আহিলে তেওঁলোকে নিজৰ খৰচত কৰ’না টেষ্ট কৰিব লাগিব আৰু সেই টেষ্টৰ ফলাফল নহালৈকে বিমানবন্দৰতে থাকিব লাগিব। ফলাফল পজিটিভ ধৰা পৰিলে আনুষ্ঠানিক কোৱাৰেন্টাইনত ৰখা হ’ব।

Recent News

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd