• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Omicron variant কোভিডৰ দক্ষিণ আফ্ৰিকাৰ প্ৰজাতিত আক্ৰান্ত জনে সোৱাদো পায়, গোন্ধও পায়!

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 29, 2021 8:45 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নানা ৰূপ ধাৰণ কৰি এতিয়া বিশ্বত মহাত্ৰাসৰ সৃষ্টি কৰিছে কোভিডে ।

শেহতীয়াকৈ কোভিডৰ দক্ষিণ আফ্ৰিকাৰ প্ৰজাতি অমিক্ৰনকলৈ সৃষ্টি হৈছে নতুন ত্ৰাসৰ। কোভিডৰ ডেল্টা, কাপ্পা আদি প্ৰজাতিত আক্ৰান্ত জনে বস্তুৰ সোৱাদ লাভ অথবা গোন্ধ পোৱাৰ ক্ষমতা হেৰুৱাই পেলায় যদিও নতুন প্ৰজাতি অমিক্ৰনৰ ক্ষেত্ৰত তেনে কোনো ঘটনা নঘটে।সেই বাবেই বাঢ়িছে বিপদ। কাৰণ সোৱাদ-গোন্ধ পাই থকা জনে নিজকে কোভিড আক্ৰান্ত বুলি ভাবিবলৈ টান পায়। ফলত ৰোগ অধিক বিয়পি পৰাৰ ভয় থাকে।

অৰ্থাৎ ৰোগীয়ে সোৱাদো পায়, গোন্ধও পায়। অৱশ্যে অমিক্ৰন প্ৰজাতিৰ কোভিডৰ লক্ষণ তেনেই সাধাৰণ বুলি দাবী কৰিছে দক্ষিণ আফ্ৰিকাৰ এগৰাকী বিশিষ্ট চিকিৎসকে।

দক্ষিণ আফ্ৰিকা মেডিকেল এছোচিয়েছনৰ অধ্যক্ষ ডাঃ এঞ্জেলিক কোৱেৎজী হৈছে দেশ খনত অমিক্ৰন প্ৰজাতিৰ কোভিডৰ কথা পোহৰলৈ অনা প্ৰথমগৰাকী চিকিৎসক। চিকিৎসকগৰাকীয়ে প্ৰকাশ কৰা মতে অমিক্ৰণ প্ৰজাতিৰ কোভিডত আক্ৰান্ত জনৰ শৰীৰত বিশেষ কোনো ভয়াৱহ লক্ষণ ফুটি নুঠে। এই লক্ষণ তেনেই সাধাৰণ তথা ঘৰুৱা পৰিবেশতে ইয়াৰ চিকিৎসা কৰিব পাৰি।
উল্লেখ্য ১৮ নৱেম্বৰত চিকিৎসকগৰাকীয়ে সাত গৰাকী ৰোগীৰ দেহত কোভিডৰ কিছু বেলেগ ধৰণৰ লক্ষণ প্ৰত্যক্ষ কৰিছিল। সেই লক্ষণসমূহ ডেল্টা প্ৰজাতিৰ লক্ষণতকৈ কিছু বেলেগ আছিল। ৰোগীৰ পৰীক্ষা কৰোৱাৰ পিছতে তেওঁলোক এক নতুন প্ৰজাতিৰ কোভিডত আক্ৰান্ত বুলি নিশ্চিত কৰা হয়।
ইয়াৰ পিছতে অমিক্ৰনকলৈ বিশ্ব জুৰি ত্ৰাসৰ সৃষ্টি হয়।

Apply Now

অমিক্ৰনৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিততে অহা ১ ডিচেম্বৰৰ পৰা নতুন কোভিড বিধি প্ৰযোজ্য কৰিবলৈ আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰে। এই সন্দৰ্ভত দেওবাৰে কেন্দ্ৰই নিৰ্দেশনা প্ৰকাশ কৰিছে।
এই নতুন নিৰ্দেশনা অনুসৰি, অ’মিক্ৰনৰ বাবে অহা ১ ডিচেম্বৰৰ পৰা বিদেশৰ পৰা সকলো যাত্ৰীয়ে বিগত ১৪ দিনৰ ট্ৰেভেল হিষ্ট্ৰী জমা দিব লাগিব।

তদুপৰি, বিদেশৰ পৰা অহা যাত্ৰীসকলে আৰটি-পিচিআৰ টেষ্টৰ ৰিপ’ৰ্ট জমা দিব লাগিব। যাত্ৰীসকলে কেন্দ্ৰৰ এয়াৰ সুবিধা প’ৰ্টেলত এখন ছেল্ফ ডিক্লাৰেশ্যন ফৰ্ম পূৰণ কৰি সকলো তথ্য জমা দিব লাগিব।

আনহাতে, যাত্ৰা কৰাৰ ৭২ ঘন্টাৰ পূৰ্বে কৰা আৰটি-পিচিআৰ টেষ্টহে গ্ৰহণযোগ্য হ’ব বুলিও কেন্দ্ৰীয় চৰকাৰে জানিবলৈ দিছে। এইক্ষেত্ৰত কোনোৱে ভুৱা ৰিপ’ৰ্ট জমা দিলে সেই যাত্ৰীৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ কৰা হ’ব।

সেইদৰে, সংক্ৰমণ ঘটা দেশসমূহৰ পৰা অহা বিমানযাত্ৰীসকল, বিশেষকৈ ব্ৰিটেইনকে ধৰি ইউৰোপীয় দেশসমূহ, দক্ষিণ আফ্ৰিকা, ব্ৰাজিল, বাংলাদেশ, বাৎছোৱানা, চীন, মৰিছাছ, জিম্বাবৱে, নিউজিলেণ্ড, হংকং, ছিংগাপুৰ, ইজৰাইলৰ পৰা যাত্ৰীসকলৰ ওপৰত দৃষ্টি ৰখাৰ নিৰ্দেশ দিয়া হৈছে।

উক্ত দেশসমূহৰ কোনো যাত্ৰী ভাৰতলৈ আহিলে তেওঁলোকে নিজৰ খৰচত কৰ’না টেষ্ট কৰিব লাগিব আৰু সেই টেষ্টৰ ফলাফল নহালৈকে বিমানবন্দৰতে থাকিব লাগিব। ফলাফল পজিটিভ ধৰা পৰিলে আনুষ্ঠানিক কোৱাৰেন্টাইনত ৰখা হ’ব।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

July 16, 2026 9:00 am
ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

July 16, 2026 7:53 am
দিনটোত ২-৩ লিটাৰ পানী খাইছে নেকি? পানী খোৱাৰ সঠিক সময় আৰু নিয়ম নাজানিলে হ’ব পাৰে বিপদ!

দিনটোত ২-৩ লিটাৰ পানী খাইছে নেকি? পানী খোৱাৰ সঠিক সময় আৰু নিয়ম নাজানিলে হ’ব পাৰে বিপদ!

July 16, 2026 6:50 am
‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

July 16, 2026 9:00 am
ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

July 16, 2026 7:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd