পেগাছাছৰ নজৰৰ পৰা সাৰি যাব পৰা নাছিল ভাৰতীয় সেনা, বিএছএফ আৰু ‘ৰ’ৰ দৰে সংস্থাৰ বিষয়াও!

hone-Tapped-1024x681-1-750x375

ইজৰাইলৰ স্পাইৱেৰ পেগাছাছে ভাৰতকে ধৰি বিশ্বৰ বহু দেশৰ অসংখ্য লোকৰ ফোন টেপ কৰাৰ কথাই এতিয়া জোকাৰণিৰ সৃষ্টি কৰিছে।

ভাৰতত সাংবাদিক, ৰাজনীতিক, ছাত্ৰ সংগঠনৰ নেতা, বিদ্ৰোহী সংঘঠনৰ প্ৰাক্তন নেতাকে ধৰি আন বহু লোকৰ ফোন পেগাছাছে টেপ কৰাৰ কথা পোহৰলৈ আহিছে।

ইজৰাইলৰ স্পাইৱেৰটোৰ পৰা সাৰি যাব পৰা নাছিল আনকি ভাৰতীয় সেনা, বিএছএফ আৰ ‘ৰ’ৰ দৰে সংস্থাও।

শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি ২০১৮ চনতে বিএছএফৰ তদানীন্তন মুৰব্বী কেকে শৰ্মাৰ ফোন টেপ কৰা হৈছিল।

কেকে শৰ্মাই আৰএছএছৰ এখন সভাত যোগদান কৰাৰ পিছৰে পৰাই তেওঁৰ ফোন টেপ কৰা হৈছিল বুলি তথ্য পোহৰলৈ আহিছে।

শৰ্মাৰ তিনিটা ফোন টেপ কৰা হৈছিল। সেই তিনিটাৰ ভিতৰৰে দুটা ফোন নম্বৰ শৰ্মাই ২০১৮ চনত অৱসৰ গ্ৰহণ কৰাৰ পিছত এতিয়াও ব্যৱহাৰ কৰি আহিছে।

The Wire ত প্ৰকাশিত খবৰ অনুসৰি অসমত কাৰ্যনিৰ্বাহ কৰা বিএছএফৰ এজন কামাণ্ডেণ্টৰো নম্বৰ টেপ কৰা হৈছিল।বিএছএফৰে মহাপৰিদৰ্শক জগদীশ মৈথানিৰো ফোন টেপ কৰাৰ তথ্য The Wire ত প্ৰকাশ পাইছে।

ৰিছাৰ্চ এনালাইছিছ উইং, চমুকৈ ৰ’ৰ বিষয়া জিতেন্দ্ৰ কুমাৰ ওঝাৰো ফোন টেপ কৰা বুলি প্ৰমাণ পোৱা গৈছে।ওঝাই তেওঁৰ অৱসৰৰ সিদ্ধান্তৰ বিষয়ে চৰকাৰক প্ৰত্যাহ্বান জনোৱাৰ পিছতে ২০১৮ চনত তেওঁৰ ফোন টেপ কৰা হৈছিল।

চাকৰি সম্পৰ্কীয় বিভিন্ন বিষয়ত চৰকাৰক প্ৰত্যাহ্বান জনোৱা ভাৰতীয় সেনাৰ দুই বিষয়া ক্ৰমে কৰ্ণেল মুকুল দেৱ আৰু কৰ্ণেল অমিত কুমাৰৰো ফোন টেপ কৰা হৈছিল।

ফোন টেপ কৰাৰ প্ৰসংগত সেনাৰ কৰ্ণেল মুকুল দেৱে The Wire ৰ আগত এনেদৰে প্ৰকাশ কৰিছে যে তেওঁ সেনাৰ কল্যাণৰ হকে মাত মাতি গৈছিল।

সেইবাবেই ফোন টেপ কৰাৰ সন্দেহ কৰিছে তেওঁ।যিকিনহওঁক, পেগাছাছৰ নজৰৰ পৰা প্ৰতিৰক্ষা বাহিনীত নিয়োজিত লোকো বাদ পৰি নোযোৱাত এতিয়া বহুতৰে চকু থৰ লাগিছে।