• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘না খাউংগা না খানে দুংগা’ ক’ত গ’ল এই শ্লোগান? ১২৭০ কোটি টকাৰ কেলেংকাৰীৰ পিছতো কিয় সুৰক্ষিত পেমা খাণ্ডু!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 20, 2026 9:08 am
54
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে চিবিআই (CBI)ৰ প্ৰাথমিক তদন্তৰ নিৰ্দেশ দিয়াৰ এমাহ অতিক্ৰম কৰাৰ পিছতো তেওঁক পদত্যাগ কৰিবলৈ নিৰ্দেশ নিদিয়া কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে মুখ্যমন্ত্ৰী খাণ্ডুক পদৰ পৰা অপসাৰণ নকৰাটো “উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ চৰম অৱমাননা” বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নীৰৱতাক লৈ তীক্ষ্ণ সমালোচনা কৰিছে।

ৰাজ্যসভাৰ সাংসদ তথা কংগ্ৰেছৰ যোগাযোগ বিভাগৰ সাধাৰণ সম্পাদক ৰমেশে ‘এক্স’ যোগে ক্ষোভ প্ৰকাশ কৰি কয় যে এই নিৰ্দেশ কোনো নিম্ন আদালত বা উচ্চ ন্যায়ালয়ৰ নহয়, বৰঞ্চ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। ইয়াৰ পিছতো মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ পদত বাহাল থকাটো এক উদ্বেগজনক বিষয়। তেওঁ লগতে উল্লেখ কৰে যে মুখ্যমন্ত্ৰী খাণ্ডুৰ হাততেই ৰাজ্যখনৰ গড়কাপ্তানি বিভাগৰ দায়িত্ব আছে আৰু চিবিআইক তদন্তৰ বাবে প্ৰয়োজন হ’বলগীয়া গুৰুত্বপূৰ্ণ ফাইলসমূহ তেওঁৰ নিয়ন্ত্ৰণতেই আছে। ২০১৪ চনত দুৰ্নীতি বিৰোধী স্থিতিৰে শাসনলৈ অহা প্ৰধানমন্ত্ৰী মোদীৰ ‘না খাউংগা না খানে দুংগা’ শ্লোগানৰ কথা সোঁৱৰাই ৰমেশে প্ৰশ্ন কৰে যে প্ৰধানমন্ত্ৰীগৰাকী বৰ্তমান কিয় নীৰৱ হৈ আছে আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰীজনক কিয় পদত্যাগ কৰিবলৈ কোৱা হোৱা নাই।

Apply Now

উল্লেখযোগ্য যে, উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা আবেদনকাৰীসকলৰ অভিযোগ অনুসৰি অৰুণাচল প্ৰদেশ চৰকাৰে বেআইনী আৰু স্বেচ্ছাচাৰীভাৱে মুখ্যমন্ত্ৰী খাণ্ডু, তেওঁৰ ভাতৃ, মাহীমাক আৰু তেওঁলোকৰ ঘনিষ্ঠ ৰাজনৈতিক সহযোগীক নিৰ্মাণকাৰ্যৰ বৃহৎ পৰিমাণৰ ঠিকা প্ৰদান কৰিছিল। অভিযোগ অনুসৰি ২০১৫ চনৰ পৰা ২০২৫ চনৰ ভিতৰত প্ৰায় ১২৭০ কোটি টকাৰ ঠিকা কেৱল খাণ্ডু আৰু তেওঁৰ আত্মীয়ৰ সৈতে জড়িত চাৰিটা প্ৰতিষ্ঠানক আৱণ্টন দিয়া হৈছিল। পেমা খাণ্ডুৱে ২০১৬ চনত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল।

যোৱা ৬ এপ্ৰিলত ন্যায়াধীশ বিক্ৰম নাথ, সন্দীপ মেহতা আৰু এন. ভি. আঞ্জাৰিয়াক লৈ গঠিত উচ্চতম ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে এই অভিযোগসমূহৰ ওপৰত চিবিআইৰ প্ৰাথমিক তদন্তৰ নিৰ্দেশ দিছিল। বিচাৰপীঠখনে খাণ্ডু আৰু তেওঁৰ পৰিয়ালৰ সদস্যৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহক প্ৰদান কৰা ঠিকাৰ বিশেষ পৰীক্ষা কৰিবলৈ তদন্তকাৰী সংস্থাটোক নিৰ্দেশ দিছিল। ৰায়দানৰ সময়ত বিচাৰপীঠে মৌখিকভাৱে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰি কৈছিল যে এখন ৰাজ্যত পৰিয়ালৰ সদস্যসকলক ইমান বৃহৎ পৰিমাণৰ ঠিকা প্ৰদান কৰাটো এক আচৰিত কাকতালীয় ঘটনা। ইয়াৰ পূৰ্বে যোৱা অক্টোবৰ মাহত কেন্দ্ৰীয় চৰকাৰে সৰ্বোচ্চ ন্যায়ালয়ক জনাইছিল যে তেওঁলোকে খাণ্ডুৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহৰ তদন্ত কৰিব নোৱাৰে আৰু এই বিষয়টো ৰাজ্য চৰকাৰৰ এক্তিয়াৰভুক্ত।

বৰ্তমান চিবিআইয়ে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে প্ৰাথমিক তদন্তৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ দিশত অগ্ৰসৰ হৈছে যদিও মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ পদত্যাগৰ দাবীত বিৰোধীয়ে সৃষ্টি কৰা ৰাজনৈতিক হেঁচাই ৰাজ্যখনৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো তীব্ৰ চৰ্চা লাভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

June 9, 2026 9:43 pm
২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

June 9, 2026 9:15 pm
ভাইজাগ ষ্টীল প্লাণ্টত ভয়াবহ দুৰ্ঘটনা : ১৬০০ ডিগ্ৰীৰ তৰল লোহা পৰি ৮ জন শ্ৰমিকৰ কৰুণ মৃত্যু, বহু লোক গুৰুতৰভাৱে আহত

ভাইজাগ ষ্টীল প্লাণ্টত ভয়াবহ দুৰ্ঘটনা : ১৬০০ ডিগ্ৰীৰ তৰল লোহা পৰি ৮ জন শ্ৰমিকৰ কৰুণ মৃত্যু, বহু লোক গুৰুতৰভাৱে আহত

June 9, 2026 9:08 pm
হলিউড বক্স অফিচত জেনজি ইউটিউবাৰৰ ধুমুহা : সলনি হৈছে চিনেমা নিৰ্মাণৰ পুৰণি ধাৰা

হলিউড বক্স অফিচত জেনজি ইউটিউবাৰৰ ধুমুহা : সলনি হৈছে চিনেমা নিৰ্মাণৰ পুৰণি ধাৰা

June 9, 2026 8:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

June 9, 2026 9:43 pm
২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

June 9, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd