• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰে’লত এলাৰ্ম চেইনৰ অপব্যৱহাৰ; ৮ লাখৰো অধিক টকাৰ জৰিমনা সংগ্ৰহ উত্তৰ পূব সীমান্ত ৰে’লৱেৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 4, 2025 9:22 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰে’লৰ এলাৰ্ম চেইনসমূহে এক অত্যাৱশ্যকীয় সুৰক্ষা সুবিধা হিচাপে কাম কৰে, যাত্ৰীসকলক সুৰক্ষা সম্পৰ্কীয় আংশকা, চিকিৎসা সংকট বা তাৎক্ষণিক হস্তক্ষেপৰ সময়ত প্ৰয়োজন হোৱা অন্যান্য জৰুৰী পৰিস্থিতিৰ ক্ষেত্ৰত ই ৰে’লখন ৰখাবলৈ সুবিধা প্ৰদান কৰে। অৱশ্যে, এলাৰ্ম চেইনৰ অপব্যৱহাৰ ক্ৰমান্বয়ে এক অধিক চিন্তনীয় বিষয় হৈ পৰিছে, যাৰ ফলত ৰে’লৰ অপ্ৰয়োজনীয় ষ্টপেজত ৰখাব লগা হয় আৰু ইয়াৰ পৰিচালনত ব্যাঘাত ঘটে।

জৰুৰী নোহোৱা পৰিস্থিতিত এলাৰ্ম চেইন পুলিঙৰ বহুতো উদাহৰণ আছে, যেনে যাত্ৰীসকলে অনিৰ্ধাৰিত স্থানত উঠিবলৈ বা নামিবলৈ চেষ্টা কৰা, তেওঁলোকে নিজ ষ্টেচন পাহৰি যোৱা বা অন্যান্য ব্যক্তিগত সুবিধাও ইয়াত অন্তৰ্ভূক্ত থাকে। অনাৱশ্যক এলাৰ্ম চেইন পুলিঙৰ ঘটনাসমূহে ভাৰতীয় ৰে’ল নেটৱৰ্কৰ দক্ষতা আৰু সময়ানুৱৰ্তিতা ব্যাহত কৰাৰ এক গুৰুত্বপূৰ্ণ কাৰক হৈ পৰিছে।

Apply Now

২০২৪ বৰ্ষৰ জানুৱাৰী আৰু ডিচেম্বৰৰ মাহৰ ভিতৰত, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে এলাৰ্ম চেইন পুলিঙৰ ২,১০৫টা ঘটনা পঞ্জীয়নভুক্ত কৰিছিল। ফলস্বৰূপে, ২,১১২জন ব্যক্তিক কৰায়ত্ত কৰা হয় আৰু অপৰাধীৰ পৰা ৮.৩৭লাখ টকাৰো অধিক জৰিমনা সংগ্ৰহ কৰা হয়।

কেৱল যোৱা দুমাহতে, এই সংমণ্ডলটোৱে অনাৱশ্যক এলাৰ্ম চেইন পুলিঙৰ ১৯৬টা গোচৰ পঞ্জীয়ন কৰে, যাৰ ফলত ২০৪ জনক কৰায়ত্ত কৰা হয় আৰু ৯০হাজাৰ টকাৰো অধিক জৰিমনা বিহা হয়। ধৰা পৰা সকলো ব্যক্তিয়ে বৰ্তমান ৰে’ল আইন উলংঘা কৰাৰ বাবে সংশ্লিষ্ট আদালতৰ অধিক্ষেত্ৰৰ অধীনত বিচাৰৰ সন্মুখীন হৈছে।

২৭ফেব্ৰুৱাৰী ২০২৫তাৰিখে, এজন ব্যক্তিৰ বিৰুদ্ধে কোনো বৈধ কাৰণ অবিহনে ডিফু ষ্টেচনত ৰে’ল নং. ১২৪২৪ (নিউ দিল্লী- ডিব্ৰুগড়) ৰাজধানী এক্সপ্ৰেছৰ এলাৰ্ম চেইন আইন বহিৰ্ভূতভাৱে টনাৰ বাবে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়। এই কাৰ্যৰ ফলত ৰে’লখন ১০মিনিটৰ বাবে ৰখাবলগীয়া হয়। উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰৰ পৰা শ্যাম নাৰায়ণ বিন্দ নামৰ অপৰাধীজনে পণ্ডিত দীন দয়াল উপাধ্যায় জংচনৰ পৰা ডিমাপুৰলৈ যাত্ৰা কৰিছিল। ৰে’লখন ডিমাপুৰ ষ্টেচন এৰাৰ লগে লগে, তেওঁ সময়মতে নামিব নোৱাৰিলে আৰু ৰে’লখন ৰখাবলৈ এলাৰ্ম চেইন টানিলে। লগে লগে কৰ্তব্যৰত আৰপিএফ জোৱানে তেওঁক কৰায়ত্ত কৰে আৰু সোধা-পোছা কৰাৰ পিছত, তেওঁ অপৰাধ স্বীকাৰ কৰে। শ্যাম নাৰায়ণ বিন্দৰ বিৰুদ্ধে ৰে’ল আইনৰ ধাৰা ১৪১ ৰ অধীনত ডিমাপুৰ আৰপিএফ পোষ্টত এটা গোচৰ ৰুজু কৰা হৈছে আৰু এই ক্ষেত্ৰত অধিক তদন্ত চলি আছে।

যাত্ৰীবাহী ৰে’লত এলাৰ্ম চেইনৰ অপব্যৱহাৰে সময়ানুৱৰ্তিতাৰ ওপৰত প্ৰভাৱ পেলায় আৰু ৰে’লৱেৰ পৰিচালনত লোকচানৰ সৃষ্টি কৰে। উত্তৰ পূব সীমান্ত ৰে’লৱেই যাত্ৰীসকলক এলাৰ্ম চেইনৰ অপব্যৱহাৰৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে, কিয়নো ই এক অপৰাধ যি সহযাত্ৰীসকলৰ অসুবিধাৰ সৃষ্টি কৰিব পাৰে। বৈধ আৰু পৰ্যাপ্ত কাৰণ অবিহনে এলাৰ্ম চেইন টনাটো ৰে’ল আইনৰ ধাৰা ১৪১ ৰ অধীনত দণ্ডনীয় অপৰাধ, যাৰ ফলত গ্ৰেপ্তাৰ, জৰিমনা বা দুয়োটাই হ’ব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

September 27, 2026 8:10 pm
ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

September 27, 2026 6:10 pm
ভয়ংকৰ দিশলৈ কৃত্ৰিম বুদ্ধিমত্তা! চৰকাৰী ৱেবছাইট হেক কৰিলে অপেনএআই এজেণ্টে

ভয়ংকৰ দিশলৈ কৃত্ৰিম বুদ্ধিমত্তা! চৰকাৰী ৱেবছাইট হেক কৰিলে অপেনএআই এজেণ্টে

September 27, 2026 4:38 pm
বৰাকলৈ বৃহৎ বিনিয়োগৰ আশা! আমৰাঘাটত গেছৰ সন্ধান পালে অ’এনজিচিয়ে

বৰাকলৈ বৃহৎ বিনিয়োগৰ আশা! আমৰাঘাটত গেছৰ সন্ধান পালে অ’এনজিচিয়ে

September 27, 2026 3:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

September 27, 2026 8:10 pm
ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

September 27, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd