আজি সুধাকণ্ঠৰ জন্মদিনঃ চৰকাৰে সংকল্প লওঁক সুধাকণ্ঠৰ কলিয়াবৰৰ কুঠৰীৰ বাসগৃহ সংৰক্ষণৰ

আজি ৮ ছেপ্তেম্বৰ, সুধাকণ্ঠৰ জন্মদিন৷ এই জন্মদিৱসৰ প্ৰাক ক্ষণত আকৌ এবাৰ চৰ্চালৈ আহিছে সুধাকণ্ঠৰ একালৰ প্ৰাণৱন্ত আৰু বৰ্তমানে জৰাজীৰ্ণ কলিয়াবৰৰ কুঠৰীৰ ঘৰখন৷

উল্লেখ্য যে এই ঘৰটোতে জোনাকী নিশা নিৰলে বহি সুধাকণ্ঠই সৃষ্টি কৰিছিল বহু কালজয়ী গীত।

কিন্তু বৰ্তমান এই ঘৰটোৰো অৱস্থা তথৈৱচ৷ ‘মন প্ৰজাপতি’ কথাছবিৰ একালৰ ছুটিং স্থলী এই বাসগৃহটোৰ বৰ্তমান জৰাজীৰ্ণ ৰূপ৷

এজাক সামান্য বৰষুণতে ছালেৰে ভিতৰত সৰি পৰিছে বৰষুণৰ টোপাল৷ সুধাকণ্ঠই জিৰণি লোৱা বিছনাখনো বৰ্তমানে ভগ্নাৱশেষৰ ৰূপতহে আছে৷ দেশৰ ভিন্ন প্ৰান্তৰ ৰাইজৰ মৰম বুটলি লাভ কৰা বহু স্মাৰক আজি ঘৰটোৰ বেৰতেই উৱলি গৈছে৷ যেন জহি খহি যোৱাৰ উপক্ৰম হৈছে সুধাকণ্ঠৰ একালৰ প্ৰাণৱন্ত ঘৰখন৷

উল্লেখ্য যে, কাৰ্বিপাহাৰৰ নামনিত তেতিয়াতে ভূপেন হাজৰিকাই নিজা তত্ত্বাৱধানত নিৰ্মাণ কৰোৱাইছিল ঘৰটো৷

ঘৰটোৰ চৌহদৰ পাছফালেই আছে এটা প্ৰাণচঞ্চল নিজৰা৷ ইয়ো সুধাকণ্ঠৰ এক সৃষ্টিৰ আকৰ৷

১৯৭৪ চনৰে পৰা ঘৰটোৰ তত্ত্বাৱধানত থকা সুৰেণ নেওগে আজিও ভূপেন দাৰ স্মৃতি সুঁৱৰি আবেগিক হৈ পৰে।

চৰকাৰী সদিচ্ছাৰ অভাৱে জুৰুলা কৰা ঘৰটোৰ ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰখনে মাজুলীত হোৱা বিশেষ অধিৱেশনত বিশেষ প্ৰস্তাৱ লৈ সংৰক্ষণৰ ব্যৱস্থা ঘোষণা কৰিছিল।

মন্ত্ৰী বিমল বৰায়ো আহি সুধাকণ্ঠৰ বাসগৃহটো সংৰক্ষণৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু অনতি পলমে কাম আৰম্ভ কৰাৰ কথাও উল্লেখ কৰে।

কিন্তু বৰ্তমানেও কাম আৰম্ভ নোহোৱাত সুধাকন্ঠ ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক জন্মদিনৰ দিনাও বাসগৃহটোৰ গেটত ওলমি ৰৈছে তলা ।

এসময়ৰ ভূপেন হাজৰিকাৰ সহকৰ্মী, কুঠৰীৰ বাসগৃহ চোৱাচিতা কৰা সুৰেন নেওগে ।

নিজৰ মাক-দেউতাককো একপ্ৰকাৰ এৰি আহি ভূপেন হাজৰিকাৰ সান্নিধ্যতে জীৱনৰ আধা বয়স পাৰ কৰা ৬৯ বছৰীয়া সুৰেণ নেওগে প্ৰকাশ কৰা মতে, ১৪ বিঘা ভূমিৰে পৰিবেষ্টিত সুধাকণ্ঠৰ গৃহ চৌহদত আছে বহু মূল্যবান ফলমূলৰ লগতে ঔষধি গছ৷

একালত পাহাৰ-ভৈয়ামৰ সমন্বয়ৰ থলী আছিল এই ঘৰখন৷ কিন্তু বৰ্তমান জৰাজীৰ্ণ ৰূপ লোৱা ঘৰখনৰ অতি সোনকালেই মেৰামতি কৰাটো সময়ৰ আহ্বান বুলি উল্লেখ কৰে সুৰেণ নেওগে।