মাৰ্ঘেৰিটা জয়ানগৰস্থিত সুধাকণ্ঠৰ পূৰ্ণাংগ প্রতিমূৰ্তিস্থলীত আজি সুধাকণ্ঠ স্মৃতি সুৰক্ষা মঞ্চৰ উদ্যোগত ড০ ভূপেন হাজৰিকাৰ নৱম মৃত্যু বাৰ্ষিকীত “কথা সুৰ গীত কবিতাৰে” শিল্পী গৰাকীলৈ শ্রদ্ধা জ্ঞাপন কৰা হয়।
ৰাতিপুৱা প্রতিমূৰ্তিত মাল্যৰ্পণ আৰু বন্তি প্রজ্বলনেৰে মাৰ্ঘেৰিটা মহকুমাৰ মহকুমাধিপতি পবিত্র কুমাৰ দাসে পাতনি মেলা কায্যসূচীত আদৰণি ভাষণ আৰু উদেশ্য ব্যাখ্যা আগবঢ়ায় পৱিত্ৰ বৰগোহাঞিয়ে।
স্থানীয় শিল্পী ক্ৰমে ৰাজলক্ষী দেৱী গগৈ, নিৰ্মালী কলিতা মাহাও, বুলি বৰা, জ্যোতি গগৈ, দক্ষিণা গোস্বামী, লিপিকা শৰ্মা, বিউতি দাস, সংস্কৃতি বৰুৱা, ৰাণু চেতীয়া, মিনাক্ষী দেৱী আদিয়ে সুধাকণ্ঠ স্মৃতি সুৰক্ষা মঞ্চৰ মূল সমবেত সংগীতটি পৰিবেশনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটি সঞ্চালনা কৰে বিশিষ্ট কবি , উপন্যাসিক মৃণাল কুমাৰ গগৈয়ে।
তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগ, লিডু কলেজৰ অধ্যক্ষ ড০ কৃপা প্রসাদ উপাধ্যায় , সুধাকণ্ঠ সুৰক্ষা মঞ্চৰ আনন্দ শৰ্মা, মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ প্রণৱ গগৈ, মাৰ্ঘেৰিটা নগৰ সমতিৰ প্রাক্তণ সভাপতি নিৰু বৰা, সাহিত্যিক পেন্সনাৰ বৰুণ বৰা , সমাজকৰ্মী জ্যোতিষৰ ৰাই আদি কেইবা গৰাকী বিশিষ্ট ব্যক্ত উপস্থিত থকা অনুষ্ঠানটি উদ্ধোধন কৰে বিশিষ্ট কবি, ব্যঙ্গ সাহিত্যিক পূণ্য শইকীয়াই ।
অমৃত বৰঠাকুৰ ,সুদেষ্ণা শইকীয়া, বিউতি বৰুৱা, প্ৰণৱ প্ৰিয়াংকুশ গগৈ আদি কেইবা গৰাকী কবিয়ে কবিতা আবৃত্তিৰে সুধাকণ্ঠক সোৱঁৰে আৰু বহু জনে সুধাকণ্ঠৰ গীতেৰে মহান শিল্পী গৰাকীৰ প্ৰতি শ্রদ্ধা জ্ঞাপন কৰে |
আজিৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি প্রকাশ কৰা স্মৃতি গ্রন্থ ব্ৰৰ্হিমান উন্মোচন কৰে মাৰ্ঘেৰিটা কলেজৰ অসমীয়া বিভাগৰ মূৰবী অধ্যাপক ড০ ৰমেন হাজৰিকাই আৰু সান্তনু চৰকাৰে।
দিব্যলাপ উন্মোচন কৰে মহকুমাধিপতি পৱিত্ৰ কুমাৰ দাসে । আজিৰ অনুষ্ঠানত সমাজকৰ্মী দেৱজিত বৰুৱা আৰু ৰাজ্যিক কৃৰ্তী শিক্ষকৰ বঁটা প্রাপ্ত জেউতি দত্তক সম্বৰ্ধনা জনোৱা হয়।
একেটা অনুস্থানতে মাৰ্ঘেৰিটাৰ সু চিকিৎসক ডাঃ মনোজ কুমাৰ গ’গৈয়ে সংগীত পৰিবেশন কৰাৰ লগতে ডাঃ সনথ কুমাৰ দত্তই ভায়লিনত সুৰ সমলয় পৰিবেশন কৰে, মুকাভিনয় কৰে বিৰিঞ্চ বৰা, স্থানীয় শিল্পী পূজা পুৰোকাস্তই ভূপেন্দ্ৰ সংগিত পৰিৱেশ কৰাৰ পাছতেই সন্ধ্যা ভূপেন হাজৰিকা প্রতিমূৰ্তিতস্থলীত বন্তীপ্ৰজ্বলন কৰাৰ পাছতেই সাধনা সাংস্কৃতিক শিল্পীদলে নাগাৰ নাম পৰিৱেশ কৰে।