ৰাহুল গান্ধীৰ ‘বিগ প্ৰমিজ’ : উপকৃত হ’বনে উত্তৰ-পূবৰ দৰিদ্ৰ?

কংগ্ৰেছৰ 'ন্যায়' আঁচনি : দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকলৈ বছৰি ৭২,০০০ টকাকৈ

Rahul Promise

‘কংগ্ৰেছৰ হাত দুখীয়াৰ ভাত’ এয়া আছিল কংগ্ৰেছৰ এসময়ৰ শ্ল’গান। সুদীৰ্ঘ সময় ধৰি শাসনৰ গাদীত থাকিও সমাজৰ পৰা দৰিদ্ৰতা দূৰ কৰিব নোৱৰা কংগ্ৰেছে এইবাৰ আগ বঢ়াইছে দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকলৈ বিয়াগোম প্ৰতিশ্ৰুতি।

দেশৰ প্ৰাচীনতম ৰাজনৈতিক দলটোৱে নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছে যে ‘ন্যায়’ নামৰ আঁচনি এখনৰ জৰিয়তে দেশৰ ২০ শতাংশ অতি দুখীয়া লোকলৈ বছৰি ৭২ হাজাৰকৈ নিশ্চিত আয় আগ বঢ়োৱা হ’ব, যদি দলটো শাসনলৈ আহে।

আজি এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই নিৰ্বাচনী প্ৰতিশ্ৰুতি প্ৰকাশ কৰিছে দলটোৱে। কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ এই বিগ প্ৰমিজ এতিয়া আটাইতকৈ চৰ্চিত ৰাজনৈতিক বিষয়।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, ২০১১-১২ বৰ্ষৰ পিয়লৰ তথ্য অনুসৰি গাওঁ আৰু নগৰ এলেকা মিলাই অসমৰ মুঠ জনসংখ্যাৰ ৩১.৯৮ শতাংশ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে। অৰুণাচলৰ ৩৪.৬৭ শতাংশ, মণিপুৰৰ ৩৬.৮৯ শতাংশ, নাগালেণ্ডৰ ১৮.৮৮, ত্ৰিপুৰাৰ ১৬.৫, মেঘালয় ১১.৮৭, মিজোৰাম ২০.৪০ আৰু ছিকিমৰ ৮.১৯ শতাংশ লোক দৰিদ্ৰ সীমাৰেখাৰ তলত আছে।

প্ৰশ্ন হয়, উত্তৰ-পূবৰ পৰা দৰিদ্ৰতা নাইকিয়া কৰিবলৈ ৰাহুল গান্ধীৰ সপোনৰ আঁচনিখন কাৰ্য্যকৰী কৰাৰ ক্ষেত্ৰত কংগ্ৰেছৰ পক্ষত ভোটদান কৰি দলটোক জয়ী কৰাত সহায় কৰিব নে উত্তৰ পূবৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ জনসাধাৰণে?

বিজ্ঞপ্তিত দলটোৰ সভাপতি ৰাহুল গান্ধীয়ে উল্লেখ কৰা অনুসৰি দেশৰ ২০ শতাংশ দৰিদ্ৰ পৰিয়ালৰ বাবে প্ৰতি বছৰে ৭২,০০০ টকা নিশ্চিত কৰা হ’ব। লগতে পৰিয়ালৰ মূল মহিলাগৰাকীৰ একাউণ্টত সেই ধনৰাশি জমা হ’ব বুলিও প্ৰতিশ্ৰুতি দিয়ে কংগ্ৰেছে।

ইপিনে, কংগ্ৰেছ চৰকাৰ শাসনলৈ অহাৰ পাছত ল’ব লগীয়া এই পদক্ষেপক কংগ্ৰেছে ‘ঐতিহাসিক’ আখ্যা দিয়াৰ উপৰি দেশৰ ৫ কোটি পৰিলৰ প্ৰায় ২৫ কোটি দৰিদ্ৰ জনসাধাৰণ উপকৃত হ’ব বুলিও দাবী কৰে।

ইয়াৰোপৰি, দৰিদ্ৰ জনসাধাৰণৰ বাবে কংগ্ৰেছৰ দিনত আৰম্ভ কৰা আঁচনিসমূহ মোদী চৰকাৰৰ দিনত বন্ধ হৈ পৰা বুলি দাবী কৰি বিজ্ঞপ্তিটোত ৰাহুল গান্ধীয়ে কয়, “কংগ্ৰেছ শাসনলৈ আহিলে সামাজিক কল্যাণমূলক প্রকল্পবোৰ বন্ধ কৰা নহয়।”

আনহাতে, কংগ্ৰেছ চৰকাৰ থকাৰ সময়ত এই আঁচনিবোৰৰ সফল ৰূপায়ণ কৰিছিল বুলি দাবী কৰাৰ লগতে কয়, “কংগ্ৰেছেই একমাত্ৰ দল যি পুনৰ এই কাম আৰম্ভ কৰিম।”

দৰিদ্ৰ লোকৰ বাবে  ‘ন্যায়’ নামৰ আঁচনিখন দেশৰ বিভিন্ন অৰ্থনীতিবিদৰ দল এটাই ৰূপ দিছে বুলি প্ৰেছ বিজ্ঞপ্তিখনত উল্লেখ আছে।

ইয়াৰোপৰি, আঁচনিখনত অন্তৰ্ভুক্ত হ’ব লগীয়া অন্যান্য বিষয়সমূহ অতি কম দিনৰ ভিতৰতে দলটোৱে প্ৰকাশ কৰিব বুলি বিজ্ঞপ্তিখনত উল্লেখ আছে।