• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

দৰিদ্ৰজনৰ ত্ৰাণকৰ্তা চুনু চুডৰ মূৰ্তি নিৰ্মাণ কৰি ভক্তই কৰিছে পূজা অৰ্চনা; কিন্তু ক’ত?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 21, 2020 6:47 pm

2 min read

Epvc2RFUUAEbuFk
148
VIEWS
Share on FacebookShare on Twitter

বলিউদৰ অভিনেতা চুনু চুড। যোৱা লকডাউনৰ সময়ত দৰিদ্ৰজনৰ ত্ৰাণকৰ্তাৰূপে আবিৰ্ভাৱ ঘটিছিল তেওঁৰ।

লকডাউনত আৱদ্ধ হাজাৰ হাজাৰ প্ৰব্ৰজিত শ্ৰমিকক নিজা খৰচেৰে ঘৰলৈ পঠোৱাৰ পিছৰে পৰা চুনু চুডৰ মানৱতা কেৱল দেশতে নহয়, বিশ্বতো চৰ্চা লাভ কৰিছে।

কেৱল ইমানেই নহয়, লকডাউনত কৰ্মহীন হোৱা দৰিদ্ৰসকলৰ বাবে চুনু চুডে ই-ৰিক্সা যোগান ধৰাৰ কথাও ঘোষণা কৰিছে। যাতে নিজা উপাৰ্জনেৰে পৰিয়াল পোহ পাল দিয়াৰ লগতে এটা স্বাভাৱিক জীৱন যাপন কৰিব পাৰে কৰ্ম সংস্থান হেৰুৱা দৰিদ্ৰসকলে।

দৰিদ্ৰ শিক্ষাৰ্থীক পঢ়া-শুনাৰ খৰচ বহন কৰা, চিকিৎসা ব্যয় বহন কৰা, ঘৰ নিৰ্মাণ কৰি দিয়া আদি অনেক কাম চুনু চুডে নিজা উপাৰ্জনৰ ধনেৰে কৰি আহিছে।

Main Hoon Na 🙏
Surgery scheduled for 31st. @IlaajIndia https://t.co/xLopseu7pB

— sonu sood (@SonuSood) December 21, 2020

আনহাতে এগৰাকী চাৰি বছৰীয়া শিশুৰো জীৱন দান কৰিছে অভিনেতা চুনু চুডে। পক্ষঘাটগ্ৰস্ততাত আক্ৰান্ত তাহা নামৰ চাৰি বছৰীয়া শিশুটিৰ অস্ত্ৰোপচাৰ কৰিব লাগে। ব্যক্তিগত খণ্ডৰ চিকিৎসালয়খনত অস্ত্ৰোপচাৰৰ ব্যয় বহন কৰিবলৈ অক্ষম শিশুটিৰ অভিভাৱক। সামাজিক মাধ্যমৰ যোগে কথাটো চুনুৰ দৃষ্টিগোচৰ হ’ল এই কথাটো।

লগে লগে চুনুৱে ক’লে, “মে হ্যুং না”। চুনু চুডৰ আৰ্থিক সহায়ত অহা ৩১ তাৰিখে শিশুটিৰ অস্ত্ৰোপচাৰৰ দিন ঠিক কৰা হৈছে।

দৰিদ্ৰজনৰ জীৱনৰ ত্ৰাণকৰ্তাৰূপে আবিৰ্ভাৱ হোৱা চুনু চুডক এতিয়া এই দৰিদ্ৰ অনুৰাগীসকলে মানুহৰো উৰ্দ্ধত স্থান দিছে।

Telangana: Locals of Dubba Tanda village in Siddipet have constructed a temple to recognize Actor @SonuSood ‘s philanthropic work.

A local says, “He helped so many people during the pandemic. It’s a matter of great delight for us that we’ve constructed his temple.” (20.12.2020) pic.twitter.com/Agn3v4ajcO

— Ramesh Bala (@rameshlaus) December 21, 2020

তেওঁলোকে চুনু চুডক দেৱদূত হিচাপে গণ্য কৰিছে। ভগৱানৰ শাৰীত উপৱিষ্ট কৰি চুনু চুডক পূৰ্জা-অৰ্চনা পৰ্যন্ত কৰিবলৈ আৰম্ভ কৰিছে।

আনকি তেলঙ্গানাৰ ছিদ্দিপট অঞ্চলৰ ডুব্বা টাণ্ডা গাঁৱত চুনুৰ ভক্তসকলে এটা মন্দিৰ নিৰ্মাণ কৰি তাত চুনু চুডৰ প্ৰতিমূৰ্তি সংস্থাপন কৰি পূজা-অৰ্চনাও কৰা দেখা গৈছে।

স্মৰ্তব্য যে ইয়াৰ পূৰ্বে চুনু চুডৰ এই কৰ্মৰাজীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি বিহাৰৰ শিৱান জিলাৰ বাসিন্দাই চুনু চুডৰ সোণৰ এটা প্ৰতিমূৰ্তিও নিৰ্মাণ কৰা সিদ্ধান্ত গ্ৰহণ কৰিছিল।

চলিত বৰ্ষৰ দুৰ্গা পূজাত কলকতাৰ এখন পূজা মণ্ডপত চুনু চুডৰ থিম হিচাপে গ্ৰহণ মূৰ্তি নিৰ্মাণ কৰাও হৈছিল।

ইফালে তেলেঙ্গানাৰ ছবি চ’ছিয়েল মিডিয়াত শ্বেয়াৰ কৰি চুনুৱে লিখিছে, “মই ইয়াৰ বাবে যোগ্য নহওঁ।”

Recent News

Sualkusi

প্ৰস্তাৱিত ভূমি পৰিদৰ্শন উপায়ুক্তৰ : অতি শীঘ্ৰেই শুভাৰম্ভ হ’ব শুৱালকুছিত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কাম

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd