NORTHEAST NOW (Assamese)
অসম

সীমান্ত অঞ্চলত বাস কৰা উত্তৰ-পূবৰ বহু জনসাধাৰণে ব্যাৱহাৰ কৰে বাংলাদেশ, ম্যানমাৰ আৰু চীনৰ মোবাইল নেট’ৱৰ্ক সেৱা-চাংমা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 9, 2019 5:45 pm
meghalai CM

উত্তৰ-পূবৰ যোগাযোগ ব্যাৱস্থা সদায় এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে অঞ্চলটোত বিবেচিত হৈ আহিছে বুলি বৃহস্পতি বাৰে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই উল্লেখ কৰে।

চাংমাই বৃহস্পতিবাৰে শ্বিলঙত অনুষ্ঠিত হোৱা ২২ সংখ্যক ৰাষ্ট্ৰীয় ই-কমাৰ্চ বৈঠকত অংশগ্ৰহণ কৰা অতিথি সকলক সাক্ষাৎ কৰে।

‘‘আমি যোগাযোগৰ ক্ষেত্ৰত থকা মূল বিষয় সমূহত প্ৰধানকৈ গুৰুত্ব আৰোপ কৰিব লাগিব’’ মুখ্য মন্ত্ৰীয়ে কয়।

‘‘আমি কিমান সম্ভাৱনা সৃষ্টি কৰিবলৈ সক্ষম হৈছো সেয়া গুৰুত্বপূৰ্ণ কথা নহয় যদিহে যোগাযোগ ব্যাৱস্থা উন্নত নহয়। অনুন্নত যোগাযোগ ব্যাৱস্থাৰ বাবে আমাৰ শ্ৰমৰ আধা অংশ অথলে যায়।’’ তেওঁ লগতে কয়।

আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ যোগাযোগ ব্যাৱস্থা উত্তৰ-পূবৰ সন্মুখত থকা আন এটা ডাঙৰ প্ৰত্যাহবান বুলিও চাংমাই উল্লেখ কৰে।

বাংলাদেশ, ম্যানমাৰ আনকি চীন সীমান্তৰ ওচৰত বাস কৰা ভাৰতীয় জনসাধাৰণে বহু সময়ত সেইবোৰ দেশৰ মোবাইল নেটৱৰ্ক সেৱা ব্যাৱহাৰ কৰা দেখা যায় বুলি উল্লেখ কৰি সীমান্ত অঞ্চলত মোবাইল নেট’ৱৰ্ক সেৱা উন্নত কৰাৰ ওপৰত মত প্ৰকাশ কৰে মুখ্য মন্ত্ৰীয়ে।

আনহাতে, বৈঠকত ড’নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙে অংশগ্ৰহণ কৰি উত্তৰ-পূব আৰু মেঘালয়ৰ বিকাশৰ বাবে তেওঁৰ মন্ত্ৰালয়ে বহু কাৰ্যকৰী আঁচনি গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে।

এই ক্ষেত্ৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনসাধাৰণৰ সহায় হ’ব পৰাকৈ জনসাধাৰণ ফ্ৰেণ্ডলী চৰকাৰী কাৰ্যব্যৱস্থাসমূহ গ্ৰহণ বাবে বিভিন্ন পোৰ্টেল, এপছ আদি মানুহৰ মাজত মুকলি কৰা হ’ব বুলিও কয়।