হিমন্ত মামা, দিলে সকলোকে চাউল দিয়ক, নহলে আমাক নালাগে

তামুলপুৰৰ কলবাৰীত সুলভ মূল্যৰ এজেণ্টক লৈ অসন্তুষ্ট ৰাইজ

বাক্সা জিলাৰ তামুলপুৰৰ কলবাৰীত সুলভ মূল্যৰ এজেণ্টক লৈ অসন্তুষ্ট ৰাইজ।

অসন্তুষ্ট ৰাইজ ওলাই আহি প্ৰতিবাদমুখৰ হৈ পৰিল বৃহস্পতিবাৰে।

লক ডাউনৰ সময়ত কেইবাটাও কোটাৰ চাউল নিদিয়াৰ লগতে পৰিয়ালৰ সৰ্বমুঠ সদস্যৰ ভিতৰত দুজন বা এজনৰ নামতহে চাউল দিয়াৰ অভিযোগ উঠিছে।

সেয়ে শীঘ্ৰেই এজেন্ট বদলিকৰণৰ দাবী জনালে গাঁওবাসীয়ে।

অঞ্চলবাসীয়ে সমস্যাৰ কথা বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো কোনো সুফল নোপোৱাৰ অভিযোগ ।

প্ৰতিজন হিতাধিকাৰীৰ পৰা ৫০০ ৰ পৰা তিনিশ গ্ৰামকৈ চাউল কাটি ৰখাৰো অভিযোগ কৰিছে ৰাইজে।

ৰাইজে কলে- হিমন্ত মামা, দিলে সকলোকে চাউল দিয়ক, নহলে কাকোৱেই নালাগে ।

শীঘ্ৰেই এই সমস্যা সমাধান কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে ৰাইজে।

এজেন্ট গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কলে- চৰকাৰে এতিয়াও বহু কোটি টকা দিবলগীয়া আছে তামুলপুৰ বহুমুখী সমবায় সমিতিক। বহুমুখী সমবায় সমিতিয়ে গুৱাহাটীৰ পৰা ইয়ালৈ অনা পৰিবহন খৰচ বহন কৰিব লাগে এজেন্টে।

লকডাউনৰ চাউলৰ কেইবাটাও কোটা মোকলাই দিয়া নাই বাবেহে হিতাধিকাৰীক যোগান ধৰিব পৰা নাই চাউল।

অভিযোগ- প্ৰতি অভিযোগৰ মাজতে এতিয়া প্ৰশ্ন হয় যি সময়ত মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী সকলে সুলভ মূল্যৰ ব্যৱস্থাটোত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হৈছে তেনে সময়ত কি কাৰণত এইসকল বহুমুখী সমবায়ৰ ধন মোকলাই দিয়া নাই চৰকাৰে?

কাৰ ভুলৰ বাবে এতিয়া সমস্যাত পৰিছে এইসকল গাঁওবাসী। সেয়া উচিত তদন্তৰ পিছতহে ওলাই পৰিব।