• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰসংগ ‘পুষ্কৰম’ : বিজেপি চৰকাৰে মহাবাহুৰ জাতীয় পৰিচয়ত আঘাত কৰাৰ অভিযোগ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , September 6, 2019 7:06 am

3 min read

Pushkaram
631
VIEWS
Share on FacebookShare on Twitter

ব্ৰহ্মপুত্ৰৰ জলৰাশিৰ মাজত পুজা-অৰ্চনা কৰাৰ উদ্দেশ্যে অহা ৫ নৱেম্বৰৰ পৰা ১৬ নৱেম্বৰলৈ ১২ দিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া পুষ্কৰম মেলাক কেন্দ্ৰ কৰি সৰব হৈ পৰিছে সচেতন মহল।

নমামি ব্ৰহ্মপুত্ৰ-বৰাকৰ পাছতে ৬০ কোটি টকা ব্যয়সাপেক্ষে আয়োজিত হ’বলগীয়া এই পুষ্কৰম মেলাৰ উদ্যোগ লৈছে চেন্নাইস্থিত মহালক্ষ্মী দাঁতব্য ন্যাস আৰু অসমৰ বালাজী মন্দিৰে।

কুম্ভমেলাৰ আৰ্হিৰে হ’বলগীয়া এই পুষ্কৰমৰ তদাৰকৰ দায়িত্বত আছে ৰাজ্য চৰকাৰ তথা পৰ্য্যটন বিভাগ।

চৰকাৰৰ এই পদক্ষেপক কঠোৰ ভাষাৰে সমালোচনা কৰিছে জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্তই। আনকি নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত বিজেপি চৰকাৰে ভগৱানকো ঠিকাত দিব বিচাৰে বুলি কটাক্ষ কৰে মহন্তই।

মহন্তই কয়, ‘’এইখন চৰকাৰে ভগবানক ঠিকাত দি দিয়ে। এইখন ঠিকাভিত্তিক চৰকাৰ, তেওঁলোকৰ নিজৰ ওপৰত বিশ্বাস নাই সেয়েহে ভগৱানক বেছি বিশ্বাস কৰে। তেওঁলোকে গোটেই কাৰবাৰবোৰ ভগৱানক ঠিকাত দিয়ে। ভগবানক পুজা কৰিলে বান গৰাখহনীয়া তথা ব্ৰহ্মপুত্ৰৰ ৰুদ্ৰ মুৰ্তি কমিব, এই কথাবোৰ অন্ধবিশ্বাসত মত্ত হৈ থকা মানুহবিলাকে ভাৱে।‘’

ইপিনে, বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰক ‘মেলামুখী চৰকাৰ’ আখ্যা দিয়াৰ লগতে ঔদ্যোগিক ক্ষেত্ৰত কোনোধৰণৰ বিকাশ সাধন নকৰা বুলি গুৰুতৰ অভিযোগ তোলে মহন্তই।

মহন্তৰ মতে ‘’এইখন চৰকাৰ মেলা মুখী চৰকাৰ। তেওঁলোকৰ মেলামুখী চৰিত্ৰটো আৰম্ভণিৰে পৰা দেখি আহিছো। তাৰ বিপৰীতে উদ্যোগিক ক্ষেত্ৰত কোনো বিকাশ নকৰিলে। শ-শ কোটি টকা মন্ত্ৰী বিধায়ক, বিষয়াসকলে ভোজ-ভাত খাবলৈ এনেধৰণৰ অনুষ্ঠান পাতে।‘’

আনহাতে, পুষ্কৰমক লৈ সৰৱ হৈ পৰিছে সদৌ অসম দেৱালয় সংঘৰ প্ৰধান সম্পাদক কৈলাশ শৰ্মা। ব্ৰহ্মপুত্ৰক লৈ পুজা-অৰ্চনাৰ প্ৰয়োজন নাই বুলিও তেওঁ আওপকীয়াকৈ আমাৰ সাংবাদিকৰ আগত সদৰী কৰে।

‘’ৰাজ্যখনৰ শান্তিপূৰ্ণ বাতাবৰণৰ বাবে আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে তাত আমাৰ ক’বলগীয়া একো নাই। ব্ৰহ্মপুত্ৰ এখন পুৰুষ নদী, ব্ৰহ্মপুত্ৰক লৈ বৈজ্ঞানিক বা আধ্যাত্মিক ভিত্তিত পৰীক্ষামূলক কাৰ্য্যসূচী লোৱাটো সম্ভৱ নহয়। এইটো চৰকাৰে পৰ্য্যালোচনা কৰিব লাগে,’‘-আমাৰ সাংবাদিকৰ আগত শৰ্মাই এইদৰে কয়।

ইপিনে,‘’নমামি ব্ৰহ্মপুত্ৰ সম্পূৰ্ণৰূপে বিফল হ’ল‘ বুলি মন্তব্য কৰি তেওঁ কয়, ‘’এতিয়া দক্ষিণ ভাৰতৰ পৰা মানুহ আহি পুষ্কৰম ব্ৰহ্মপুত্ৰ কৰিব বিচাৰিছে। বেনাৰস বা দক্ষিণ ভাৰতৰ পৰা পুৰোহিত আহিব বুলি শুনিছো।‘’

‘’কিন্তু ভাৰতৰ ভিতৰতে বিখ্যাত শক্তিপীঠ কামাখ্যা আৰু উগ্ৰতাৰা দেৱালয়কে ধৰি অসমৰ ১০৮ খন দেৱালয়ৰ পুৰোহিতৰ অভাৱ আছিল নেকি?’’- ৰাজ্য চৰকাৰৰ প্ৰতি এই প্ৰশ্ন কৈলাশ শৰ্মাৰ।

তাৎপৰ্য্যপূৰ্ণভাৱে ব্ৰহ্মপুত্ৰক লৈ পুজা-অৰ্চনাৰ কাৰ্য্যসূচীতকৈ বিজ্ঞানসন্মত কাৰ্য্যসূচী ল’বলৈহে শৰ্মাই চৰকাৰক আহ্বান জনায়।

‘‘’ব্ৰহ্মপুত্ৰৰ ক্ষেত্ৰত পুজাৰ কাৰ্য্যসূচী ল’লেই নহয়, ব্ৰহ্মপুত্ৰখন শোধন কৰাৰ বাবেও যদি বৈজ্ঞানিক ভিত্তিক কিছু কাৰ্য্যসূচী লয়, তেতিয়া আমি আদৰণি জনাম। ব্ৰহ্মপুত্ৰৰ বানপানী বা গৰাখহনীয়াই ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰি আছে। গতিকে পুজা পাতি যাতে চৰকাৰে টকাসমূহ অথলে নিনিয়ে,’’- শৰ্মাই ৰাজ্য চৰকাৰৰ প্ৰতি আহ্বান জনাই কয়।

আনহাতে, ‘পুষ্কৰম’ক সমালোচনা কৰিবলৈ গৈ অসম সংগ্ৰামী মঞ্চৰ সাধাৰণ সম্পাদক সমৰজ্যোতি বেজবৰুৱাই নমামি ব্ৰহ্মপুত্ৰৰ প্ৰসংগ টানি আনে।

‘’নমামি ব্ৰহ্মপুত্ৰ পাতি জিলা উপায়ুক্তসকলক চৰকাৰে চান্দা তোলা এজেন্ট বনালে। পুষ্কৰম পাতি চমকপ্ৰদ প্ৰদৰ্শন দেখুৱাব বিচাৰিছে চৰকাৰে। তাৰ বিপৰীতে যিসমূহ মৌলিক সমস্যা সেইসমূহৰ পৰা জনসাধাৰণক আঁতৰাই ৰাখিবৰ কাৰণে চৰকাৰখনে এনেধৰণৰ ষড়যন্ত্ৰ কৰিছে,’’-বেজবৰুৱাই আমাৰ সাংবাদিকৰ আগত এইদৰে কয়।

পুষ্কৰম পাতি ৰাজহুৱা ধনৰ অপচয় কৰিব বিচাৰিছে চৰকাৰখনে। এইখন ফাইভ ষ্টাৰ হোটেলত চলা চৰকাৰ। সাধাৰণ মানুহে যিটো কাম কৰিলে ৫ টকা খৰচ হয়, তেওঁলোকে কৰিলে ৫০০ টকা খৰচ হয়।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd