• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰসংগ ‘পুষ্কৰম’ : বিজেপি চৰকাৰে মহাবাহুৰ জাতীয় পৰিচয়ত আঘাত কৰাৰ অভিযোগ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 6, 2019 7:06 am
Pushkaram
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্ৰহ্মপুত্ৰৰ জলৰাশিৰ মাজত পুজা-অৰ্চনা কৰাৰ উদ্দেশ্যে অহা ৫ নৱেম্বৰৰ পৰা ১৬ নৱেম্বৰলৈ ১২ দিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া পুষ্কৰম মেলাক কেন্দ্ৰ কৰি সৰব হৈ পৰিছে সচেতন মহল।

নমামি ব্ৰহ্মপুত্ৰ-বৰাকৰ পাছতে ৬০ কোটি টকা ব্যয়সাপেক্ষে আয়োজিত হ’বলগীয়া এই পুষ্কৰম মেলাৰ উদ্যোগ লৈছে চেন্নাইস্থিত মহালক্ষ্মী দাঁতব্য ন্যাস আৰু অসমৰ বালাজী মন্দিৰে।

Apply Now

কুম্ভমেলাৰ আৰ্হিৰে হ’বলগীয়া এই পুষ্কৰমৰ তদাৰকৰ দায়িত্বত আছে ৰাজ্য চৰকাৰ তথা পৰ্য্যটন বিভাগ।

চৰকাৰৰ এই পদক্ষেপক কঠোৰ ভাষাৰে সমালোচনা কৰিছে জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্তই। আনকি নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত বিজেপি চৰকাৰে ভগৱানকো ঠিকাত দিব বিচাৰে বুলি কটাক্ষ কৰে মহন্তই।

মহন্তই কয়, ‘’এইখন চৰকাৰে ভগবানক ঠিকাত দি দিয়ে। এইখন ঠিকাভিত্তিক চৰকাৰ, তেওঁলোকৰ নিজৰ ওপৰত বিশ্বাস নাই সেয়েহে ভগৱানক বেছি বিশ্বাস কৰে। তেওঁলোকে গোটেই কাৰবাৰবোৰ ভগৱানক ঠিকাত দিয়ে। ভগবানক পুজা কৰিলে বান গৰাখহনীয়া তথা ব্ৰহ্মপুত্ৰৰ ৰুদ্ৰ মুৰ্তি কমিব, এই কথাবোৰ অন্ধবিশ্বাসত মত্ত হৈ থকা মানুহবিলাকে ভাৱে।‘’

ইপিনে, বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰক ‘মেলামুখী চৰকাৰ’ আখ্যা দিয়াৰ লগতে ঔদ্যোগিক ক্ষেত্ৰত কোনোধৰণৰ বিকাশ সাধন নকৰা বুলি গুৰুতৰ অভিযোগ তোলে মহন্তই।

মহন্তৰ মতে ‘’এইখন চৰকাৰ মেলা মুখী চৰকাৰ। তেওঁলোকৰ মেলামুখী চৰিত্ৰটো আৰম্ভণিৰে পৰা দেখি আহিছো। তাৰ বিপৰীতে উদ্যোগিক ক্ষেত্ৰত কোনো বিকাশ নকৰিলে। শ-শ কোটি টকা মন্ত্ৰী বিধায়ক, বিষয়াসকলে ভোজ-ভাত খাবলৈ এনেধৰণৰ অনুষ্ঠান পাতে।‘’

আনহাতে, পুষ্কৰমক লৈ সৰৱ হৈ পৰিছে সদৌ অসম দেৱালয় সংঘৰ প্ৰধান সম্পাদক কৈলাশ শৰ্মা। ব্ৰহ্মপুত্ৰক লৈ পুজা-অৰ্চনাৰ প্ৰয়োজন নাই বুলিও তেওঁ আওপকীয়াকৈ আমাৰ সাংবাদিকৰ আগত সদৰী কৰে।

‘’ৰাজ্যখনৰ শান্তিপূৰ্ণ বাতাবৰণৰ বাবে আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে তাত আমাৰ ক’বলগীয়া একো নাই। ব্ৰহ্মপুত্ৰ এখন পুৰুষ নদী, ব্ৰহ্মপুত্ৰক লৈ বৈজ্ঞানিক বা আধ্যাত্মিক ভিত্তিত পৰীক্ষামূলক কাৰ্য্যসূচী লোৱাটো সম্ভৱ নহয়। এইটো চৰকাৰে পৰ্য্যালোচনা কৰিব লাগে,’‘-আমাৰ সাংবাদিকৰ আগত শৰ্মাই এইদৰে কয়।

ইপিনে,‘’নমামি ব্ৰহ্মপুত্ৰ সম্পূৰ্ণৰূপে বিফল হ’ল‘ বুলি মন্তব্য কৰি তেওঁ কয়, ‘’এতিয়া দক্ষিণ ভাৰতৰ পৰা মানুহ আহি পুষ্কৰম ব্ৰহ্মপুত্ৰ কৰিব বিচাৰিছে। বেনাৰস বা দক্ষিণ ভাৰতৰ পৰা পুৰোহিত আহিব বুলি শুনিছো।‘’

‘’কিন্তু ভাৰতৰ ভিতৰতে বিখ্যাত শক্তিপীঠ কামাখ্যা আৰু উগ্ৰতাৰা দেৱালয়কে ধৰি অসমৰ ১০৮ খন দেৱালয়ৰ পুৰোহিতৰ অভাৱ আছিল নেকি?’’- ৰাজ্য চৰকাৰৰ প্ৰতি এই প্ৰশ্ন কৈলাশ শৰ্মাৰ।

তাৎপৰ্য্যপূৰ্ণভাৱে ব্ৰহ্মপুত্ৰক লৈ পুজা-অৰ্চনাৰ কাৰ্য্যসূচীতকৈ বিজ্ঞানসন্মত কাৰ্য্যসূচী ল’বলৈহে শৰ্মাই চৰকাৰক আহ্বান জনায়।

‘‘’ব্ৰহ্মপুত্ৰৰ ক্ষেত্ৰত পুজাৰ কাৰ্য্যসূচী ল’লেই নহয়, ব্ৰহ্মপুত্ৰখন শোধন কৰাৰ বাবেও যদি বৈজ্ঞানিক ভিত্তিক কিছু কাৰ্য্যসূচী লয়, তেতিয়া আমি আদৰণি জনাম। ব্ৰহ্মপুত্ৰৰ বানপানী বা গৰাখহনীয়াই ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰি আছে। গতিকে পুজা পাতি যাতে চৰকাৰে টকাসমূহ অথলে নিনিয়ে,’’- শৰ্মাই ৰাজ্য চৰকাৰৰ প্ৰতি আহ্বান জনাই কয়।

আনহাতে, ‘পুষ্কৰম’ক সমালোচনা কৰিবলৈ গৈ অসম সংগ্ৰামী মঞ্চৰ সাধাৰণ সম্পাদক সমৰজ্যোতি বেজবৰুৱাই নমামি ব্ৰহ্মপুত্ৰৰ প্ৰসংগ টানি আনে।

‘’নমামি ব্ৰহ্মপুত্ৰ পাতি জিলা উপায়ুক্তসকলক চৰকাৰে চান্দা তোলা এজেন্ট বনালে। পুষ্কৰম পাতি চমকপ্ৰদ প্ৰদৰ্শন দেখুৱাব বিচাৰিছে চৰকাৰে। তাৰ বিপৰীতে যিসমূহ মৌলিক সমস্যা সেইসমূহৰ পৰা জনসাধাৰণক আঁতৰাই ৰাখিবৰ কাৰণে চৰকাৰখনে এনেধৰণৰ ষড়যন্ত্ৰ কৰিছে,’’-বেজবৰুৱাই আমাৰ সাংবাদিকৰ আগত এইদৰে কয়।

পুষ্কৰম পাতি ৰাজহুৱা ধনৰ অপচয় কৰিব বিচাৰিছে চৰকাৰখনে। এইখন ফাইভ ষ্টাৰ হোটেলত চলা চৰকাৰ। সাধাৰণ মানুহে যিটো কাম কৰিলে ৫ টকা খৰচ হয়, তেওঁলোকে কৰিলে ৫০০ টকা খৰচ হয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

August 26, 2026 12:51 pm
দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

August 26, 2026 12:51 pm
দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd