চহিদ জোৱান সুনীল কলিতাৰ পত্নীক লৈ অশালীন মন্তব্য কৰা চৈয়দ আব্বাচক গ্ৰেপ্তাৰ

Sunil-Kalita-2

চহিদ জোৱান সুনীল কলিতা

অসম আৰক্ষীৰ অপৰাধ শাখাই জন্মু-কাশ্মীৰ আৰক্ষীৰ সহযোগত অলপতে ঝাৰখণ্ডত উগ্ৰপন্থীৰ আক্ৰমণত চহিদ হোৱা সুনীল কলিতাৰ পত্নীক অপমান কৰি ফেচবুকত অশালীন মন্তব্য কৰা মহম্মদ আব্বাচ ভাট ওৰফে চৈয়দ আব্বাচক গ্ৰেপ্তাৰ কৰে।

উল্লেখযোগ্য যে অভিযুক্ত চৈয়দ আব্বাচে সুনীল কলিতাৰ শৱদেহত শেষ শ্ৰদ্ধা নিবেদন কৰি চেলুট দি থকা সময়ত চহিদ গৰাকীৰ পত্নী সম্পৰ্কে নিউজ লাইভৰ ফে’চবুৰ পেজত অশালীন মন্তব্য কৰিছিল।

এই সম্পৰ্কে ১৫ জুনত ৰমেন বৰুৱা নামৰ এজন ব্যক্তিয়ে কমলপুৰ আৰক্ষী থানাত দাখিল কৰা গোচৰৰ ভিত্তিত কমলপুৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া মৃণাল দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দল ১৭ জুনত জম্মু-কাশ্মীৰলৈ ৰাওনা হয়।

পিছত  জম্মু-কাশ্মীৰ আৰক্ষী, কেন্দ্ৰীয় আৰু ৰাজ্যিক চোৰাংচোৱা সন্থাৰ সহযোগিতাত আব্বাচক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। বৰ্তমান অসম আৰক্ষীয়ে তেওঁক নিজৰ জিম্মাত লৈ বিনান যোগে গুৱাহাটীলৈ আনি আছে।