ৰাসায়নিক কীটনাশকে ধূমপানৰ দৰেই কৃষকৰ বাবে কেন্সাৰৰ আশংকা বৃদ্ধি কৰে; গৱেষণাত পোহৰলৈ আহিছে তথ্য

কিছুমান বিশেষ কীটনাশকৰ সংস্পৰ্শলৈ আহিলে ধূমপানৰ দৰেই কৰ্কট ৰোগৰ আশংকা বৃদ্ধি পাব পাৰে বুলি এক নতুন অধ্যয়নত প্ৰকাশ পাইছে। গৱেষকসকলে ভাৰতত সাধাৰণতে ব্যৱহৃত চাৰিটাকৈ কীটনাশকক ধৰি মুঠ ৬৯টা কীটনাশক চিনাক্ত কৰিছে যিবোৰ কেন্সাৰৰ আশংকা বৃদ্ধিৰ সৈতে জড়িত।

অধ্যয়নটোৱে দেখুৱাইছে যে নন-হজকিন্স লিম্ফোমা, লিউকেমিয়া, আৰু মূত্ৰাশয়ৰ কেন্সাৰৰ বাবে কীটনাশকৰ সংস্পৰ্শৰ প্ৰভাৱ ধূমপানতকৈ অধিক, যিটো এটা সুপৰিচিত কৰ্কট ৰোগৰ বিপদজনক কাৰক।

ৰকি ভিষ্টা বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ইছাইন জাপাটাই কয় যে আমি এই কথা উল্লেখ কৰিছোঁ যে কেৱল এটা নহয়, এই সকলোবোৰ কীটনাশকৰ সংমিশ্ৰণেই গুৰুত্বপূৰ্ণ।

ফ্ৰন্টিয়াৰ্ছ ইন কেন্সাৰ কণ্ট্ৰল এণ্ড ছ’চাইটিত প্ৰকাশিত এই গৱেষণাত ভাৰতত সাধাৰণতে শস্যক কীট-পতংগ আৰু অপতৃণৰ পৰা ৰক্ষা কৰিবলৈ ব্যৱহাৰ কৰা ২,৪-ডি, এচিফেট, মেট’লাক্ল’ৰ, মেথ’মাইলৰ দৰে ৬৯টা কীটনাশকৰ তালিকা সন্নিবিষ্ট কৰা হৈছে।

গৱেষকসকলে নেশ্যনেল ইনষ্টিটিউট অৱ হেল্থ (এন আই এইচ) আৰু চেণ্টাৰছ ফৰ ডিজিজ কণ্ট্ৰল (চি ডি চি)ৰ তথ্য ব্যৱহাৰ কৰি ২০১৫-২০১৯ চনৰ কৰ্কট ৰোগৰ হাৰ বিশ্লেষণ কৰে। তেওঁলোকে দেখিলে যে বিভিন্ন অঞ্চলত খেতি কৰা শস্যৰ প্ৰকাৰৰ লগত কেন্সাৰৰ আশংকা ভিন্ন হয়।

উদাহৰণস্বৰূপে, পশ্চিম আমেৰিকাৰ কিছু অংশত সুকীয়া কৃষি পদ্ধতিৰ বাবে সকলো কেন্সাৰ বিশেষকৈ মূত্ৰাশয়ৰ কৰ্কট ৰোগ, লিউকেমিয়া আৰু নন-হজকিন লিম্ফোমাৰ বাবে কৰ্কট ৰোগৰ হাৰ অধিক দেখা গৈছিল। এই অঞ্চলসমূহত সাধাৰণতে মধ্য পশ্চিম অঞ্চলৰ তুলনাত অধিক ফল-মূল আৰু শাক-পাচলি উৎপাদন হয়।

আমেৰিকা ভিত্তিক এই অধ্যয়নটোৱেই হৈছে ধূমপানৰ কৰ্কট ৰোগৰ সুপ্ৰতিষ্ঠিত আশংকাৰ সৈতে কীটনাশক ব্যৱহাৰৰ তুলনা কৰা প্ৰথমটো গৱেষণা। গৱেষকসকলে জোৰ দি কয় যে মানুহ সাধাৰণতে কেৱল এটা কীটনাশক নহয়, একাধিক কীটনাশকৰ সংস্পৰ্শলৈ আহে।