গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২০২৬–২৭ বৰ্ষৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি উত্থাপিত নিৰ্বাচন-সম্পৰ্কীয় অভিযোগসমূহৰ নিষ্পত্তিৰ উদ্দেশ্যে গঠিত নিৰ্বাচন ন্যায়াধিকৰণে দুগৰাকী প্ৰাৰ্থী ক্ৰমে নয়ন আকাশ বৰা আৰু প্ৰতীক শৰ্মাৰ প্ৰাৰ্থিত্ব সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিছে।
২৪ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে অনুষ্ঠিত ন্যায়াধিকৰণৰ বৈঠকত উক্ত দুগৰাকী প্ৰাৰ্থীয়ে একেসময়তে দুটা স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়ন কৰি থকাৰ বিষয়টো বিতংভাৱে বিবেচনা কৰা হয়।
বিষয়টো পৰ্যালোচনা কৰাৰ অন্তত ন্যায়াধিকৰণে মত প্ৰকাশ কৰে যে, একে সময়তে দুটা স্নাতকোত্তৰ পাঠ্যক্ৰম বা শৈক্ষিক কাৰ্যসূচীত অধ্যয়ন কৰাটো ‘GU Ordinance on Admission to PG Courses in Arts, Science, Commerce, Law etc. in the University Departments and Affiliated Colleges (effective from 2006–07)’-ৰ ধাৰা ১০ তথা ‘UGC Guidelines for Pursuing Two Academic Programmes Simultaneously, April 2022’-ৰ ধাৰা ১-ৰ সৈতে সম্পূৰ্ণৰূপে অসংগতিপূৰ্ণ।
উক্ত পৰ্যবেক্ষণ আৰু সিদ্ধান্তৰ ভিত্তিত ন্যায়াধিকৰণে ২০২৬-২৭ বৰ্ষৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ৰিটাৰ্নিং অফিচাৰক নয়ন আকাশ বৰাই সভাপতি আৰু সাধাৰণ সম্পাদক পদৰ বাবে দাখিল কৰা মনোনয়ন-পত্ৰ, তথা প্ৰতীক শৰ্মাই ছাত্ৰ জিৰণি কোঠাৰ সম্পাদক আৰু সমাজ সেৱা সম্পাদক পদৰ বাবে দাখিল কৰা মনোনয়ন-পত্ৰ বিবেচনাত নল’বলৈ পৰামৰ্শ আগবঢ়ায়।
উল্লেখযোগ্য যে নিৰ্বাচন-সম্পৰ্কীয় অভিযোগসমূহ নিষ্পত্তিৰ বাবে গঠিত নিৰ্বাচন ন্যায়াধিকৰণে উক্ত সিদ্ধান্ত আনুষ্ঠানিকভাৱে জাৰি কৰি প্ৰযোজ্য নিৰ্বাচনী নীতি-নিয়ম আৰু নিৰ্ধাৰিত প্ৰক্ৰিয়া অনুসৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে ৰিটাৰ্নিং অফিচাৰক অৱগত কৰে।





