• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ফ’টো প্ৰচাৰ : মুম্বাই আৰক্ষীয়ে অৰ্ণৱ গোস্বামীক সঁচাই মজিয়াত পেলাই প্ৰহাৰ কৰিছিল নেকি ?; প্ৰকৃত সত্যটো কি? জানো আহক

প্ৰাঞ্জল দেউৰী by প্ৰাঞ্জল দেউৰী
November 5, 2020 1:13 pm
933595-arnab-goswami-beaten-up-by-mumbai-police-fake-photo

ফ'টোৰ উৎস : ব'ম

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে আত্মহত্যা কৰিবলৈ প্ৰৰোচনা কৰাৰ গোচৰত ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে মুম্বাই আৰক্ষীয়ে।

অৰ্ণৱ গোস্বামীৰ লগতে তেওঁৰ পত্নীয়ে মুম্বাই আৰক্ষীয়ে তেওঁক শাৰীৰিকভাৱে অত্যাতচাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। অৱশ্যে মহাৰাষ্ট্ৰৰ আলিবাগ দণ্ডাধীশে অৰ্ণৱ গোস্বামীৰ সেই অভিযোগ আদালতৰ মজিয়াত খাৰিজ কৰে।

Apply Now

ইফালে ইয়াৰ সমৰ্থনত অৰ্ণৱ গোস্বামীয়ে আদালতত ১৩ মিনিটৰ এটা ভিডিঅ’ ক্লীপিং দাখিল কৰিছিল। সেই ভিডিঅ’ ক্লাপিঙটোত অৰ্ণৱ গোস্বামীক আৰক্ষীয়ে অত্যাচাৰ কৰাৰ কোনো প্ৰমাণ নাই বুলি ঘোষণা কৰে দণ্ডাধীশে।

বৰং অৰ্ণৱ গোস্বামী, তেওঁৰ পত্নী আৰু পৰিয়ালৰ লোকে কৰ্তব্যৰত আৰক্ষী বিষয়াৰ কৰ্তব্য পালনত বাধা প্ৰদান কৰাৰহে প্ৰমাণ পোৱা গৈছে।

ইতিমধ্যে মুম্বাই আৰক্ষীয়ে এই সংক্ৰান্তত এটা নতুন গোচৰ ৰুজু কৰিছে অৰ্ণৱ গোস্বামীৰ লগতে তেওঁৰ পত্নীৰ বিৰুদ্ধে। মুম্বাই আৰক্ষীয়ে বুধবাৰে সন্ধিয়া অৰ্ণৱ গোস্বামী, পত্নী, আৰু পৰিয়ালৰ আন এজন সদস্যৰ লগতে অন্য দুজন ব্যক্তিৰ বিৰুদ্ধে কৰ্তব্যৰত মহিলা আৰক্ষীক আক্ৰমণ আৰু আৰক্ষীৰ কৰ্তব্যত বাধা প্ৰদান কৰাৰ অভিযোগত মুম্বাই এন এম যোশী মাৰ্গ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪, ৩৫৩, ৫০৪ আৰু ৫০৬ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰে।

ইফালে চ’ছিয়েল মিডিয়াত এখন ফ’টো ভাইৰেল হৈ পৰিছে। ফ’টোগ্ৰাফখনত দেখা গৈছে যে ক’লা পোছাক পৰিহিত এজন লোক মজিয়াত পৰি আছে আৰু তেওঁক আৰক্ষীৰ লোকে ভৰিৰে গোৰ শোধাই আছে।

এইখন ফ’টোগ্ৰাফ চ’ছিয়েল মিডিয়াত ভাইৰেল কৰি কোৱা হৈছে এই যে মুম্বাই আৰক্ষীয়ে অৰ্ণৱ গোস্বামীক মজিয়াত পেলাই প্ৰহাৰ কৰাৰ লগতে ভৰিৰে গোৰ শোধাইছে।

মুম্বাই আৰক্ষীয়ে অৰ্ণৱ গোস্বামীক মজিয়াত পেলাই ভৰিৰে গোৰ শোধাই থকাতো সত্য নে? এই ফ’টোখন অৰ্ণৱ গোস্বামীৰ হয় নে? যদি নহয় তেনে ফ’টোখনৰ উৎস কি?

এই সন্দৰ্ভত ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান ব’ম-এ ফেক চেক কৰি এখন প্ৰতিবেদন প্ৰকাশ কৰিছে।

বুম-এ প্ৰকাশ কৰি কৈছে যে চ’ছিয়েল মিডিয়াত ভাইৰেল কৰা এই ফ’টোফখন ভুৱা। অৰ্থাৎ আৰক্ষীয়ে অৰ্ণৱ গোস্বামীক মজিয়াত পেলাই গোৰ শোধোৱা নাছিল, এই প্ৰচাৰ ভুৱা প্ৰচাৰহে।

তেনে এই ফ’টোখনৰ উৎস কি?

প্ৰতিবেদনখনত কোৱা হৈছে যে এই ফ’টোখন যোৱা জানুৱাৰী মাহত উত্তৰ প্ৰদেশ আৰক্ষীয়ে চুৰী কাণ্ডত অভিযুক্ত এজন লোকক মজিয়াত পেলাই গোৰ শুধাই থকাৰহে ফ’টো।

উল্লেখ্য যে, যোৱা ২০ জানুৱাৰীত দেউৰীয়াত উত্তৰ প্ৰদেশ আৰক্ষীয়ে ফোন চুৰী কাণ্ডত জড়িত থকাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰিছিল। গ্ৰেপ্তাৰ কৰাৰ পিছত উত্তৰ প্ৰদেশ আৰক্ষীয়ে অভিযুক্ত লোকজনক অমানুষিকভাৱে অত্যাচাৰ কৰিছিল। এই কাণ্ডৰ বাবে সেই সময়ত উত্তৰ প্ৰদেশ আৰক্ষী তীব্ৰ সমালোচনাৰো সন্মুখীন হৈছিল।

উত্তৰ প্ৰদেশ আৰক্ষীৰ সেই বৰ্বৰ কাণ্ডটোৰ এটা ভিডিঅ’ আছিল। আৰু সেই ভিডিঅ’টোৰ পৰাই স্ক্ৰীণশ্বট মাৰি চ’ছিয়েল মিডিয়াত এই ভুৱা প্ৰচাৰ চলোৱা হৈছে।

কোনে আৰম্ভ কৰিলে এই ভুৱা প্ৰচাৰ?

এই স্ক্ৰীণশ্বটোকে বহ্যৱহাৰ কৰি অৰ্ণৱ গোস্বামীক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সময়ত মজিয়াত পেলাই অমানুষিক অত্যাচাৰ কৰিছে বুলি বিজেপিৰ কৰ্মকৰ্তাসকলে চ’ছিয়েল মিডিয়াৰ বিভিন্ন প্লেটফৰ্মত ভুৱা প্ৰচাৰ চলাবলৈ আৰম্ভ কৰে।

গৌৰৱ গোৱেল নামৰ বিজপিৰ নেতাজনে ফ’টোখন ব্যৱহাৰ কৰি হেজষ্টেগেৰে ‘যদি এয়াই সঁচা হয়….মহাৰাষ্ট্ৰ চৰকাৰে এই কলা দিনটোৰ বাবে জবাবদিহি হ’ব লাগিব’ বুলি কেপচন লিখি ভুৱা প্ৰচাৰৰ আৰম্ভ কৰিছিল।

ইফালে অন্য এজন বিজেপি নেতা বীৰেন্দ্ৰ বাব্বৰেও একেটা কেপচনকে হেজষ্টেগেৰে ব্যৱহাৰ কৰি উক্ত ফ’টোখন ভুৱা প্ৰচাৰ কৰে।

ইয়াৰ পিছতে এই ফ’টোখন ব্যৱহাৰ কৰি অৰ্ণৱ গোস্বামীক মুম্বাই আৰক্ষীয়ে মজিয়াত পেলাই অমানুষিকভাৱে শাৰীৰিক অত্যাচাৰ কৰা বুলি চ’ছিয়েল মিডিয়াৰ বিভিন্ন প্লেটফৰ্মত ভুৱা প্ৰচাৰ চলোৱা হয়।

কিয় কৰা হৈছে এই ভুৱা প্ৰচাৰ?

এই ভুৱা প্ৰচাৰত ৰাজনৈতিক অভীপ্সাই কাম কৰিছে বুলি ধাৰণা কৰিব পাৰি। উল্লেখ্য যে সাংবাদিক অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে বিজেপি নেতৃত্বাধীন কেন্দ্ৰৰ এনডিএ চৰকাৰক তুষ্টিকৰণ কৰি অহাৰ অভিযোগ দীৰ্ঘদিনীয়া। অৰ্ণৱ গোস্বামীয়ে কেন্দ্ৰৰ মোদী চৰকাৰক তুষ্টিকৰণতে সীমাৱদ্ধ নাথাকি কেন্দ্ৰীয় চৰকাৰৰ মুখপাত্ৰৰ দৰে কাম কৰি অহা বুলিও বহুতে অভিযোগ কৰি আহিছে।

আনহাতে শিৱসেনা আছিল এনডিএ মহাজোঁটৰ বিজেপিৰ আটাইতকৈ পুৰণি মিত্ৰ দল। কিন্তু বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰি শিৱসেনাই কংগ্ৰেছ নেতৃত্বাধীন ইউপিএৰ কংগ্ৰেছ আৰু এনচিপিৰ সৈতে মিত্ৰতা কৰি মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰিলে। তেতিয়াৰ পৰাই শিৱসেনা আৰু বিজেপিৰ মাজত অহি-নকুল সম্পৰ্ক।

ইফালে শিৱসেনা নেতৃত্বাধীন মহাৰাষ্ট্ৰ চৰকাৰে কেন্দ্ৰীয় এনডিএ চৰকাৰ বহু নীতিক মুকলিকৈ বিৰোধ কৰাৰ লগতে নাগৰিকত্ব সংশোধনী আইনো বিৰোধ কৰি আহিছে। আনকি শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে সংসদত সংশোধন কৰা বহুকেইখন আইন বিৰোধ কৰি আহিছে শিৱসেনাই।

শিৱসেনাই কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰি মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰাত বিজেপি সাংঘাতিকভাৱে বিতুষ্ট। গতিকে যিকোনো প্ৰকাৰে মহাৰাষ্ট্ৰ চৰকাৰক অস্থিৰ কৰি ৰখাৰ লগতে চৰকাৰখনক শলঠেকত পেলাবৈল বিজেপিয়ে সুযোগৰ সন্ধানত আছে।

প্ৰাকপ্ৰকাৰে মহাৰাষ্ট্ৰ চৰকাৰক শলঠেকত পেলাই নতুন ৰাজৈনিতক সমীকৰণৰ সৃষ্টিৰ প্ৰতি লালায়িত বিজেপিয়ে পুৰণি মিত্ৰ দল শিৱসেনাক এসেকা দিবলৈ সুযোগৰ অপেক্ষাত আছে। এই সুযোগ কেতিয়াও সহজতে নিদিয়ে বিজেপিয়ে।

বিজেপিৰ মিত্ৰ অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰত অতিকৈ ব্যৰ্থিত বিজেপিয়ে সেয়ে এই সুযোগ গ্ৰহণ কৰি মহাৰাষ্ট্ৰ চৰকাৰ আৰু শিৱসেনাক শলঠেকত পেলাবলৈ ভুৱা প্ৰচাৰত অতি সিদ্ধহস্ত তেওঁলোকৰ আইটি চেলক ব্যৱহাৰ কৰি এইদৰে ভুৱা প্ৰচাৰ কৰা বুলি ধাৰণা কৰা হৈছ।

প্ৰাঞ্জল দেউৰী

প্ৰাঞ্জল দেউৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৮ হাজাৰ টকীয়া চাকৰিৰ পৰা স্কুল ড্ৰপ আউট; নিখিল এতিয়া ২৩ হাজাৰ কোটি টকাৰ মালিক

৮ হাজাৰ টকীয়া চাকৰিৰ পৰা স্কুল ড্ৰপ আউট; নিখিল এতিয়া ২৩ হাজাৰ কোটি টকাৰ মালিক

July 3, 2026 11:33 am
হাস্পাতালত এমাহ মৃত্যুৰে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে নলবাৰীৰ নৃশংস আক্ৰমণৰ বলি মৃদুমুদ্ৰা ডেকাই

হাস্পাতালত এমাহ মৃত্যুৰে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে নলবাৰীৰ নৃশংস আক্ৰমণৰ বলি মৃদুমুদ্ৰা ডেকাই

July 3, 2026 10:40 am
১৬ বছৰ পিছত নকআউটত জয়; অষ্ট্ৰিয়াক পৰাস্ত কৰি অন্তিম ১৬ত প্ৰৱেশ কৰিলে স্পেইনে

১৬ বছৰ পিছত নকআউটত জয়; অষ্ট্ৰিয়াক পৰাস্ত কৰি অন্তিম ১৬ত প্ৰৱেশ কৰিলে স্পেইনে

July 3, 2026 10:05 am
নির্বাচনী সমিতিৰ পৰা বাদ পৰাত ক্ষুব্ধ মনীষ তিৱাৰী; নিৰ্বাচনমুখী পঞ্জাৱত কংগ্ৰেছ শিৱিৰত সংঘাত!

নির্বাচনী সমিতিৰ পৰা বাদ পৰাত ক্ষুব্ধ মনীষ তিৱাৰী; নিৰ্বাচনমুখী পঞ্জাৱত কংগ্ৰেছ শিৱিৰত সংঘাত!

July 3, 2026 9:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৮ হাজাৰ টকীয়া চাকৰিৰ পৰা স্কুল ড্ৰপ আউট; নিখিল এতিয়া ২৩ হাজাৰ কোটি টকাৰ মালিক

৮ হাজাৰ টকীয়া চাকৰিৰ পৰা স্কুল ড্ৰপ আউট; নিখিল এতিয়া ২৩ হাজাৰ কোটি টকাৰ মালিক

July 3, 2026 11:33 am
হাস্পাতালত এমাহ মৃত্যুৰে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে নলবাৰীৰ নৃশংস আক্ৰমণৰ বলি মৃদুমুদ্ৰা ডেকাই

হাস্পাতালত এমাহ মৃত্যুৰে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে নলবাৰীৰ নৃশংস আক্ৰমণৰ বলি মৃদুমুদ্ৰা ডেকাই

July 3, 2026 10:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd