অভিলেখসংখ্যক মূল্যত নিলাম হৈছে পাবলো পিকাছোৰ ‘উইমেন ইউথ এ ৱাচ’ নামৰ পেইণ্টিঙখন।
নিউয়ৰ্কৰ ছ’থেবিজত ১৩৯.৩ মিলিয়ন ডলাৰত উক্ত বিখ্যাত পেইণ্টিঙখন নিলাম হৈছে বুলি প্ৰকাশ কৰিছে এএফপিয়ে। নিলামৰ পূৰ্বে ছ’থেবিজে এই শিল্পকৰ্মৰ মূল্য ১২০ মিলিয়ন ডলাৰৰ ওপৰত বুলি অনুমান কৰিছিল।
সংবাদ সংস্থাটোৰ মতে, স্পেইনৰ বিখ্যাত শিল্পীগৰাকীৰ এই পেইণ্টিঙখন হৈছে এতিয়ালৈকে নিলামত দ্বিতীয় সৰ্বাধিক দৰ উঠা পেইণ্টিং।
স্মৰ্তব্য, ১৯৩২ চনত অংকিত এই পেইণ্টিঙখনত পিকাছোৰ অন্যতম মিউজ আৰু সংগী ফৰাচী চিত্ৰশিল্পী মেৰী-থেৰেছা ৱালটাৰক চিত্ৰিত কৰা হৈছে।
উল্লেখ্য, পিকাছোৰ এই বিখ্যাত পেইণ্টিঙখন নিউয়ৰ্কৰ এগৰাকী বিশিষ্ট শিল্প পৃষ্ঠপোষক এমিলি ফিচাৰ লেণ্ডাউৰ সংগ্ৰহত আছিল। চলিত বৰ্ষ।ৰ আৰম্ভণিতে ১০২ বছৰ বয়সত তেওঁৰ মৃত্যু হোৱাৰ পাছত ছ’থেবিছে পিকাছোৰ এই বিখ্যাত পেইণ্টিঙখন নিলাম কৰিছিল।
পিকাছোৱেৰ ‘গ’ল্ডেন মিউজ’ বুলি কোৱা মেৰী-থেৰেছ ৱালটাৰ পিকাছোৰ এখন পেইণ্টিং ‘স্লিপিং উইমেনো’ নিলাম কৰা হ’ব। এই পেইণ্টিঙখন ২৫ৰ পৰা ৩৫ মিলিয়ন ডলাৰৰ ভিতৰত নিলাম হোৱাৰ সম্ভাৱনা আছে।