সোমবাৰে চাপৰত উপস্থিত হয় ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা।
বিজেপি চৰকাৰে গ্ৰহণ কৰা মহিলা সৱলীকৰণৰ প্ৰক্ৰিয়াক অধিক তৰান্বিত কৰাৰ বাবে মন্ত্ৰীগৰাকীয়ে চাপৰত উপস্থিত হয়।
চাপৰ প্ৰগতি সংঘ ভৱনত অনুষ্ঠিত সভাত উপস্থিত থাকি মন্ত্ৰী পীয়ুষ হাজৰীকাই মহিলা সৱলীকৰণৰ বাবে আত্মসহায়ক গোটক ১৫ হাজাৰকৈ টকা বিতৰণ কৰে।
তেওঁ ভাষণত কয় যে মহিলাসকলৰ উন্নয়ন হ’লেহে সমাজৰ প্ৰকৃত উন্নয়ন সম্ভৱ হৈ উঠিব।
মন্ত্ৰী হাজৰিকাই আজি চাপৰত বহুকেইটা আচঁনিৰ আধাৰশিলা স্থাপন কৰে।
তেওঁ চাপৰ অঞ্চলত ৰূপায়ন হৈ থকা বহুকেইটা আচঁনিৰ বিষয়ে উল্লেখ কৰি এই প্ৰসংগতে শলাগ লয় ২৭নং বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহীৰো।
উল্লেখ্য বিগত কেইবাটাও দশক ধৰি অনগ্ৰসৰ হৈ থকা চাপৰ অঞ্চলত শেহতীয়াকৈ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ খনে কিছু উন্নয়নমূলক কাম হাতত লোৱাত অঞ্চলটোৰ বাসিন্দাসকল অলপ হ’লেও উপকৃত হৈছে।