• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কলকতা মেট্ৰ’ লাইন উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী পিয়ুষ গোৱেলে; মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক উপেক্ষা কেন্দ্ৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 15, 2020 6:58 pm
kolkata-metro.jpg1

কলকতা মেট্ৰ'ৰ আলোকচিত্ৰ, ফ'টো উৎস- ইন্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা বৃহস্পতিবাৰে কেন্দ্ৰীয় ৰেইল মন্ত্ৰী পিয়ুষ গোৱেলে উদ্বোধন কৰে কলকতা মেট্ৰ’ ৰেইল লাইন।

পূব-পশ্চিম মেট্ৰ’ কৰিড’ৰ কলকতা আৰু চল্টলেক ষ্টেড়িয়ামৰ সৈতে সংযোগী মেট্ৰ’ ৰেইল লাইনৰ প্ৰথম অংশৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী বাবুল চুপ্ৰিয় উপস্থিত থাকিলেও পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেৰ্নাজী উপস্থিত নাছিল।

Apply Now

উক্ত উদ্বোধনী অনুষ্ঠানলৈ কেন্দ্ৰই নিমন্ত্ৰণ কৰা নাছিল বুলি জনাইছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেৰ্নাজীয়ে। সেয়ে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে মেট্ৰ’ লাইন উদ্বোধনী অনুষ্ঠান বয়কট কৰা বুলি জানিবলৈ দিছে।

ইফালে মেট্ৰ’ লাইন উদ্বোধন কৰি কেন্দ্ৰীয় ৰেইল মন্ত্ৰী পিয়ুষ গোৱেলে স্বাধীনতা যুঁজাৰু সৰোজনী নাইডুৰ জন্ম দিৱসত তেওঁৰ নামত মেট্ৰ’ লাইনৰ প্ৰথম অংশ উৰ্ছগা কৰা বুইল ঘোষণা কৰে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণ প্ৰসঙ্গত কয়, ‘বংগ জনসংঘৰ প্ৰতিষ্ঠাতা শ্যামাপ্ৰসাদ মুৰ্খাজী, ধৰ্ম-সাহিত্য-সংস্কৃতিৰ অৰবিন্দ, স্বামী বিবকানন্দ, বংকিম চন্দ্ৰ চেৰ্টাজী আদি কৃতবিদ্য পণ্ডিত তথা ব্যক্তিসকলৰ জন্মস্থান হ’লেও স্বাধীনতা আন্দোলনৰ নেত্ৰী সৰোজনী নাইডুৰ নামত পূব-পশ্চিম মেট্ৰ’ কৰিড’ৰৰ প্ৰথম অংশ উৰ্ছগা কৰিছো।’

কলকতাৰ পূব-পশ্চিম মেট্ৰ’ লাইনৰ বাকী অংশ দুবছৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসঙ্গত উল্লেখ কৰে।

প্ৰথম আণ্ডাৰগ্ৰাউণ্ড ষ্টেচন ফুলবাগানৰ লগত অহা দুৰ্গা পূজাৰ আগতে প্ৰথম অংশ মেট্ৰ’ লাইন সংযোগ কৰা হ’ব বুলিও দোহাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

ইফালে তৃণমূল কংগ্ৰেছৰ সাংসদ কাকলি ঘোষ দস্তিদাৰ, পশ্চিমবংগ ৰাজ্য চৰকাৰৰ অগ্নিনিৰ্বাপক সেৱা মন্ত্ৰী সুজিত বসু আৰু বিধাননগৰ পৌৰ নিগমৰ অধ্যক্ষ কৃষ্ণা চক্ৰৱৰ্তীক উক্ত উদ্বোধনী অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা হৈছিল যদিও তেওঁলোকে অনুষ্ঠান বৰ্জন কৰে।

‘পূব-পশ্চিম মেট্ৰ’ কৰিড’ৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মানস পু্ত্ৰ আছিল। ২০০৯-১১ বৰ্ষত কেন্দ্ৰীয় ৰেইল মন্ত্ৰী হৈ থাকোতে মমতা বেনাৰ্জীয়ে এই প্ৰকল্প ৰেল’ৱে বাজেটত অনুমোদন কৰি আৱণ্টন দিছিল আৰু আজি এই প্ৰকল্প উদ্বোধনী অনুষ্ঠানলৈ মমতা বেনাৰ্জীক নিমন্ত্ৰণ নকৰি বংগবাসীক কেন্দ্ৰীয় চৰকাৰে অপমান কৰিছে।’ তৃণমূল কংগ্ৰেছৰ সাংসদ দস্তিদাৰে অভিযোগ কৰি এইদৰে কয়।

‘আমাৰ মুখ্যমন্ত্ৰীক নিমন্ত্ৰণ নকৰা অনুষ্ঠানত আমি কিয় উপস্থিত থাকিম?’ বুলি প্ৰশ্ন কৰে ৰাজ্যৰ চৰকাৰ মন্ত্ৰী সুজিত বসুৱে।

কলকতাৰ মেয়ৰ আৰু নগৰ উন্নয়ন মন্ত্ৰী ফাৰ্হিদ হাকিমে উক্ত উদ্বোধনী অনুষ্ঠানলৈ মখ্যমন্ত্ৰীক নিমন্ত্ৰণ নকৰাৰ বাবে কেন্দ্ৰক সমালোচনা কৰি কয় ‘ৰাজ্যৰ নগৰ উন্নয়ন বিভাগে মেট্ৰ’ প্ৰকল্পত কেন্দ্ৰৰ লগত একেলগে কাম কৰি থকা অৱস্থাত যিগৰাকী ব্যক্তিয়ে গোটেই প্ৰকল্পটোক জন্ম দিছিল সেইগৰাকী ব্যক্তিক অনুষ্ঠানলৈ নিমন্ত্ৰণ নকৰাটো অতি দুৰ্ভাগ্যজনক।’

ইফালে ৰে’লৱে সূত্ৰত প্ৰকাশ যে মুখ্যমন্ত্ৰীলৈ নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হৈছিল।অৱশ্যে নিমন্ত্ৰণী পত্ৰত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নাম অতিথি হিচাপে উল্লেখ নাছিল।

উল্লেখ্য যে, ৫.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৬ টা ষ্টেচনযুক্ত মেট্ৰ’ কৰিড’ৰটো শুকুৰবাৰ পৰা মুকলি কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

September 26, 2026 2:59 pm
ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

September 26, 2026 2:45 pm
টিম ইণ্ডিয়াৰ আক্ৰমণাত্মক বেটছমেন! শচীনৰ বন্ধু বিনোদ কাম্বলিয়ে এতিয়া জীৱন কটাইছে বৃদ্ধাশ্ৰমত

টিম ইণ্ডিয়াৰ আক্ৰমণাত্মক বেটছমেন! শচীনৰ বন্ধু বিনোদ কাম্বলিয়ে এতিয়া জীৱন কটাইছে বৃদ্ধাশ্ৰমত

September 26, 2026 2:17 pm
গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

September 26, 2026 1:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

September 26, 2026 2:59 pm
ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

September 26, 2026 2:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd