• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১৪ দিনৰ ন্যায়িক জিম্মালৈ; কাৰাগাৰৰ আলহী হ’ল SI কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড পি. কে. দত্ত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 13, 2020 5:04 pm
পি কে দত্ত

পি কে দত্ত

223
VIEWS
Share on FacebookShare on Twitter

১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ’ল এছ আই কেলেংকাৰীৰ অন্যতম মাষ্টাৰমাইণ্ড পি কে দত্তক। চি আই ডিয়ে পি কে দত্তক পুনৰ নিজৰ জিম্মাত নিবিচাৰিলে।

দত্তক কাৰাগাৰলৈ প্ৰেৰণ কৰাটো ইতিমধ্যে নিশ্চিত বুলি জনায় অধিবক্তাই।

পি কে দত্ত বৰ্তমান সময়ত হৃদৰোগত ভূগি থকাৰ লগতে তেওঁৰ দেহত অক্সিজেনৰ পৰিমানো কমি আছে বুলি জানিব পৰা গৈছে।

আজি পি কে দত্তৰ জীয়ৰীয়ে আদালতত ঘৰৰ পৰা ঔষধৰ যোগান ধৰাৰ অনুমতি বিচাৰি আবেদন কৰিছিল আৰু আদালতে সেই আবেদনৰ ভিত্তিত ঘৰৰ পৰা ঔষধ যোগানৰ বাবে অনুমতি প্ৰদান কৰে।

বিগত ৬ অক্টোবৰত ভাৰত-নেপাল সীমান্তৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল পি কে দত্তক।

উল্লেখযোগ্য যে, সোমবাৰে আৰক্ষী উপ-পৰিদৰ্শক নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰীৰ অন্যতম নায়ক দিবন ডেকাক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল।

চি আই ডিৰ জিম্মাত থকা দিবন ডেকাক সোমবাৰে আদালতত হাজিৰ কৰোৱা হৈছিল আৰু চি আই ডিয়ে পুনৰ জিম্মাত নিবিচৰাত আদালতে তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল।

উল্লেখযোগ্য যে, চি আই ডিৰ দলে সোমবাৰে দিবন ডেকা আৰু এই কেলেংকাৰিটোৰ মূল অভিযুক্ত পি কে দত্তক পুনৰ মুখামুখিকৈ বহুৱাই জেৰা চলায়।

এই জেৰাৰ পিছতে ডেকাক বিয়লিভাগত আদালতত হাজিৰ কৰোৱা হয়।

ইফালে, এই কেলেংকাৰিৰ সৈতে জড়িত থকাৰ অভিযোগত বঙাইগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা তিনিজন অভিযুক্ত ক্ৰমে ৰূপম দাস, তাৰিণীকান্ত বণিক্য, প্ৰদীপ মজুমদাৰ আৰু কাহিলীপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰা মনজিৎ বৰাক আদালতে পাঁচদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।

বৰ্তমানলৈকে, এই কেলেংকাৰীত অভিযুক্ত মুঠ ৪৭ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd