১৯৯১ চনৰ ধৰ্মীয় উপাসনা স্থলী (বিশেষ ব্যৱস্থা) আইনৰ বৈধতাক প্ৰত্যাহ্বান জনাই দাখিল কৰা কেইবাখনো আবেদনৰ চূড়ান্ত শুনানি গ্ৰহণ কৰিবলৈ বুধবাৰে সন্মতি প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে। উল্লেখ্য যে, এই ঐতিহাসিক আইনে ১৯৪৭ চনৰ ১৫ আগষ্টৰ সময়ত থকা যিকোনো ধৰ্মীয় উপাসনা স্থলীৰ চৰিত্ৰ সলনি কৰা অথবা তেনে স্থান পুনৰুদ্ধাৰৰ বাবে আইনী গোচৰ তৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰে।
মুখ্য ন্যয়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ বিপুল এম পাঞ্চোলীৰ গঠিত এখন বিচাৰপীঠৰ সন্মুখত জ্যেষ্ঠ অধিবক্তা ৰাকেশ দ্বিবেদীয়ে যুক্তি দৰ্শায় যে যিহেতু এই বিষয়ৰ আইনী প্ৰশ্নসমূহ ২০২২ চনৰ ১২ অক্টোবৰতে নিৰ্ধাৰণ কৰা হৈছিল, সেয়েহে এতিয়া গোচৰটোৰ চূড়ান্ত শুনানি আৰম্ভ কৰাৰ সময় হৈছে। তেওঁ আদালতৰ দৃষ্টিগোচৰ কৰে যে ২০২২ চনৰ ৩১ অক্টোবৰৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰক এই সন্দৰ্ভত উত্তৰ দাখিলৰ নিৰ্দেশ দিয়া হৈছিল যদিও চৰকাৰে আজিলৈকে কোনো সঁহাৰি প্ৰদান কৰা নাই।
আদালতে শুনানিৰ বাবে আশ্বাস প্ৰদান কৰি উল্লেখ কৰে যে মাৰ্চ আৰু এপ্ৰিল মাহত ইতিমধ্যে দুখন ৯ জনীয়া সংবিধান বিচাৰপীঠৰ শুনানি গ্ৰহণৰ দিন ধাৰ্য হৈ আছে। প্ৰধান ন্যায়াধীশগৰাকীৰ মতে, এই বৃহৎ বিচাৰপীঠৰ কাৰ্যসূচী সমাপ্ত হোৱাৰ পাছতহে বৰ্তমানৰ গোচৰটোৰ চূড়ান্ত শুনানিৰ দিন ধাৰ্য কৰা হ’ব।
ইফালে, ৰাজস্থানৰ দেৱানী আদালতক আজমীৰ দৰগাহ গোচৰত কোনো কাৰ্যকৰী নিৰ্দেশ দিয়াৰ পৰা বিৰত ৰাখিবলৈ জনোৱা এটা আবেদন উচ্চতম ন্যায়ালয়ে খাৰিজ কৰে। এই সন্দৰ্ভত প্ৰধান ন্যায়াধীশগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে আদালতে ইতিমধ্যে এক নিৰ্দেশনা জাৰি কৰিছে, যিটো সকলোৰে বাবে সমানে বাধ্যতামূলক। তেওঁ লগতে কয় যে যদিহে নিম্ন আদালতে তেনে কোনো আদেশ দিয়ে, তেন্তে পৰৱৰ্তী সময়ত সেই বিষয়টো আদালতে বিবেচনা কৰি চাব।
মন কৰিবলগীয়া যে, ২০২৪ চনৰ ১২ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ নিৰ্দেশযোগে যিকোনো ধৰ্মীয় উপাসনা স্থলী, বিশেষকৈ মছজিদ আৰু দৰগাহ পুনৰুদ্ধাৰৰ বাবে নতুনকৈ গোচৰ তৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছিল। একেদৰে, তেনে বিষয়ৰ অমীমাংসিত গোচৰসমূহতো কোনো ধৰণৰ অন্তৱৰ্তীকালীন বা চূড়ান্ত নিৰ্দেশ দিয়াৰ পৰা আদালতসমূহক বিৰত ৰখা হৈছিল। ইয়াৰ পূৰ্বে, ২০২২ চনৰ ১২ অক্টোবৰত শীৰ্ষ আদালতে ১৯৯১ চনৰ উপাসনা স্থলী আইনখনৰ বৈধতাক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনসমূহৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ স্থিতি জানিবলৈ এখন শপতনামামা দাখিল কৰাৰ নিৰ্দেশ দিছিল।





