অসম চৰকাৰৰ পূৰ্ণ সহযোগত ব্যৱসায়ী ৰামদেৱৰ নেতৃত্বত অসমত পাম খেতি কৰিবলৈ ব্যাপক প্ৰস্তুতি লোৱা হৈছে। আন্দামান-নিকোবৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত বন্ধ কৰিবলৈ লোৱা পাম খেতি অসমত ব্যাপক উৎসাহ-উদ্দীপনাৰে কৰিবলৈ লোৱা কাৰ্যক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ প্ৰতিবাদ কৰিছে আৰু অসমত মৰুভূমি সৃষ্টি কৰিব পৰা এই পদক্ষেপ বন্ধ কৰিবলৈ দাবী জনাইছে।
সেউজ বনভূমিৰে পৰিপূৰ্ণ আৰু জৈৱ বৈচিত্ৰতাৰে ভৰপূৰ অসমৰ মাটিত পাম খেতি কৰিবলৈ হ’লে বিৰূপ প্ৰভাৱ পৰিব। পাম খেতিৰ ফলত সৃষ্টি হোৱা বিৰূপ পৰিস্থিতিৰ বাবে আন্দামান নিকোবৰত উচ্চতম ন্যায়ালয়ে তেনে খেতি বন্ধ কৰিবলৈ নিৰ্দেশ দিছে। চুবুৰীয়া মিজোৰামত পাম কৃষিয়ে সৃষ্টি কৰা কৃত্ৰিম খৰাঙৰ ফলত স্থানীয় বাসিন্দাসকলে দূৰদুৰণিৰ পৰা পানী সংগ্ৰহ কৰিবলগীয়া হৈছে। ডাম্পা বেঘ্ৰ’ প্ৰকল্পৰ প্ৰতি ভাবুকি কঢ়িয়া আনিছে।
ইণ্ডোনেচিয়াকে ধৰি পৃথিৱীৰ বিভিন্ন দেশত পাম খেতিয়ে সেউজ মৰুভূমি সৃষ্টি কৰিছে, এনে অঞ্চলত পাম গছৰ বাদে অন্য কোনো গছৰ অস্থিত্ব নাথাকে। পাম খেতিক লৈ বিশ্বৰ লগতে আমাৰ চুবুৰীয়া ৰাজ্যই ভয়াবহ অভিজ্ঞতাৰ সন্মুখীন হোৱাৰ সময়তে কৰ্প’ৰেট আদানি গোষ্ঠী আৰু ৰামদেৱৰ স্বাৰ্থতে অসম চৰকাৰে উৎসাহেৰে তাক আঁদৰণি জনাইছে।
২০২৫-২৬ চনৰ ভিতৰত ২ লাখ হেক্টৰ মাটিত পাম খেতি ৰোপন কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। মুঠ ১৮ জিলাত এই খেতি কৰাৰ প্ৰস্তুতি চলাইছে। অসমসহ উত্তৰ-পূৰ্বাঞ্চলত ৩.২৮ লাখ হেক্টৰ ভূমিত পাম খেতি কৰাৰ লক্ষ্য বান্ধি লৈছে। ভয়াবহ কথাটো হৈছে এজোপা পাম খেতিয়ে ভূ-গৰ্ভৰ পৰা দৈনিক তিনিশ লিটাৰ পৰ্যন্ত পানী শোষণ কৰাৰ লগতে বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইড এৰি দিয়ে। বিশ্বত ভয়াবহ খেতি হিচাপে পৰিচিত হৈ পৰা পাম খেতিকলৈ লৈ পৰিৱেশ বিজ্ঞানী, পৰিৱেশ কৰ্মী তথা সচেতন নাগৰিকসকল উদ্বিগ্ন হৈ পৰাৰ সময়তে অসম চৰকাৰৰ পাম খেতিকলৈ দেখুৱা তৎপৰতা উদ্বেগজনক আৰু চিন্তনীয়।
ইতিমধ্যে দেশৰ বহু পৰিৱেশ বিজ্ঞানী আৰু পৰিৱেশ কৰ্মীয়ে প্ৰধানমন্ত্ৰীলৈ এই সম্পৰ্কত পত্ৰ প্ৰেৰণ কৰিছে। ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়েও চৰকাৰৰ এই ভয়ংকৰ সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাইছে। ডি ৱাই এফ আইয়ে অসমৰ পৰিৱেশ কৰ্মী, সচেতন নাগৰিক, যুৱ-ছাত্ৰ সমাজ আৰু সচেতন ৰাইজলৈ প্ৰস্তাৱিত পাম খেতি বিৰোধিতা কৰিবলৈ দাবী জনাইছে।