দিল্লীৰ দৰেই অসমতো আৰম্ভ হ’ব প্লাজমা থেৰাপি : ডঃ হিমন্ত বিশ্ব শৰ্মা

plasma-therapy.gif

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

ৰাজধানী চহৰ নতুন দিল্লীৰ দৰেই অসমতো আৰম্ভ হ’ব প্লাজমা থেৰাপি।

বুধবাৰে এই ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী ড.হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীত আয়োজিত এখন সংবাদমেলত স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কয় যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৪-৫ দিনৰ ভিতৰতে এটা প্লাজমা বেংক স্থাপন কৰা হ’ব।

মন্ত্ৰী শৰ্মাই লগতে কয় যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ইতিমধ্যে এটা প্লাজমা পৃথকীকৰণ যন্ত্ৰ স্থাপন কৰা হৈছে। ৰাজ্যত ক’ভিড-১৯ত আক্ৰান্ত ৰোগীৰ চিকিৎসাত প্লাজমা থেৰাপি ব্যৱহাৰ কৰিবলৈ লোৱা সিদ্ধান্ত নিঃসন্দেহে এক আশাব্যঞ্জক খবৰ।

প্ৰতিকাৰ বিহীন ৰোগ কোভিড-১৯ৰ চিকিৎসাত ইতিমধ্যে প্লাজমা থেৰাপি ব্যৱহাৰ কৰি যথেষ্ঠ সুফল লাভ কৰিব পৰা গৈছে।

ভাৰতীয় স্বাস্থ্য গৱেষণা পৰিষদে  কোভিড-১৯ত আক্ৰান্ত ৰোগীৰ চিকিৎসাত প্লাজমা থেৰাপি ব্যৱহাৰত অনুমোদন জনাইছে।

ৰাজধানী চহৰ নতুন দিল্লীৰ এল এন জে পি চিকিৎসালয় আৰু ৰাজীৱ গান্ধী মাল্টি স্পেছিয়েলিটি হস্পিতালত প্লাজমা থেৰাপিৰে  বহু ৰোগীক আৰোগ্য কৰিব পৰা গৈছে।

ভাৰতীয় স্বাস্থ্য গৱেষণা পৰিষদে দেশৰ ২১ খন চিকিৎসালয়ত প্লাজমা থেৰাপিৰ অনুমোদন জনাইছে।

মহাৰাাষ্ট্ৰৰ চৰকাৰে প্ৰজেক্ট প্লেটিনা নামেৰে এক বিশেষ প্ৰকল্প হাতত লৈছে। প্লাজমা থেৰাপিত আক্ৰান্ত ৰোগী সুস্থ হোৱাৰ পিছত তেওঁৰ তেজৰ প্লাজমা লোৱা হয় আৰু সেই প্লাজমা আন আক্ৰান্ত ৰোগীৰ দেহত প্ৰয়োগ কৰা হয়।

এই চিকিৎসা পদ্ধতি ১৯৩০ চনতে প্ৰথম বাৰৰ বাবে প্ৰয়োগ কৰি সুফল লাভ কৰিব পৰা গৈছিল। ৰাজধানী চহৰ নতুন দিল্লীৰ এল এন জে পি চিকিৎসালয় আৰু ৰাজীৱ গান্ধী মাল্টি স্পেছিয়েলিটি হস্পিতালত প্লাজমা থেৰাপিৰে শতাধিক ৰোগীক আৰোগ্য কৰিব পৰা গৈছে।