‘ভোট চুৰি’ৰ বিষয়টো এতিয়া উচ্চতম ন্যায়ালয়ত পালেগৈ। লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে উত্থাপন কৰা ভোট চুৰিৰ অভিযোগ নিৰপেক্ষভাৱে তদন্ত কৰিব লাগে। এই দাবীক লৈ দেশৰ শীর্ষ আদালতত গোচৰ ৰুজু কৰা হৈছে৷ প্ৰয়োজন হ’লে উচ্চতম ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশৰ নেতৃত্বত বিশেষ তদন্তকাৰী দল গঠন কৰিবলৈ দাবী জনাইছে।
ৰোহিত পাণ্ডে নামৰ এজন অধিবক্তাই উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থৰ গোচৰ ৰুজু কৰিছে। তেওঁৰ মতে, ৭ আগষ্টত ৰাহুল গান্ধীয়ে উত্থাপন কৰা অভিযোগ এনেকুৱা যে ভাৰতীয় গণতন্ত্ৰৰ ভেটি কঁপাই তুলিব পাৰে। অভিযোগ সঁচা হ’লে সেয়া এক বৃহৎ অপৰাধমূলক ষড়যন্ত্ৰ। কৰ্ণাটকৰ এটা কেন্দ্ৰত বিজেপি-নিৰ্বাচন আয়োগে যৌথভাৱে ভোটাৰ তালিকাত কেনেদৰে হেতালি খেলিছিল সেয়া ৰাহুলে দেখুৱাইছে। এই অভিযোগ সন্দৰ্ভত নিৰপেক্ষ তদন্ত নোহোৱালৈকে আদালতে নিৰ্দেশ দিব লাগে যে নিৰ্বাচন আয়োগে এছ আই আৰ সন্দৰ্ভত কোনো ধৰণৰ অগ্ৰগতি বা চূড়ান্ত সিদ্ধান্ত ল’ব নোৱাৰে।
যোৱা ৭ আগষ্টত ৰাহুলে ভোটাৰ তালিকা দাখিল কৰি ভুৱা ভোটাৰ সন্দৰ্ভত এজাক অভিযোগ উত্থাপন কৰিছিল। ভোটাৰ জালিয়াতি ছয় প্ৰকাৰৰ বুলি দাবী কৰে লোকসভাৰ বিৰোধী নেতাই। আনকি ২০২৪ চনৰ লোকসভা নিৰ্বাচনতো কংগ্ৰেছ নেতাগৰাকীয়ে নিৰ্বাচন আয়োগৰ সহায়ত বিজেপিয়ে বহু আসন লাভ কৰা বুলি দাবী কৰিছিল। বিগত কিছুদিন ধৰি ৰাহুলে ধাৰাবাহিকভাৱে অভিযোগ উত্থাপন কৰি আহিছে। আনকি লোকসভাৰ বিৰোধী দলপতিৰ নেতাইও দেওবাৰৰ পৰা নিৰ্বাচনমুখী ৰাজ্য বিহাৰত ভোটাধিকাৰৰ পদযাত্ৰা আৰম্ভ কৰিছে। মূলতঃ ৰাহুলৰ অভিযোগৰ প্রত্যুত্তৰ দিবলৈ আয়োগে যোৱা দেওবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰে৷ লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ নাম উল্লেখ নকৰাকৈ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে ‘ভোট জালিয়াতি’ৰ দৰে আপত্তিজনক শব্দ ব্যৱহাৰ কৰি বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰে।
আমোদজনকভাৱে নিৰ্বাচন আয়োগেও মানি লৈছে যে ভোটাৰ তালিকাত কিছু ভুল আছে। মুখ্য নিৰ্বাচন আয়ুক্তৰ মতে বিহাৰত সেই ভুলবোৰ শুধৰাবলৈ SIR চলোৱা হৈছে। আৰু সকলো পক্ষই ইয়াত অংশগ্ৰহণ কৰি প্ৰক্ৰিয়াটোক নিখুঁত কৰিবলৈ চেষ্টা কৰিছে। কিন্তু ৰাহুলে উত্থাপন কৰা অভিযোগৰ তদন্তৰ বাবে কোনো তদন্ত সমিতি গঠন কৰা হোৱা নাই। নতুবা ৰাহুলৰ অভিযোগৰ পোনপটীয়া কোনো সঁহাৰি দিয়া নাই।