NORTHEAST NOW (Assamese)

প্ৰধান মন্ত্ৰীৰ ‘মন কী বাট’ অনুষ্ঠানে ৰাজহ বৃদ্ধি কৰিছে অল ইণ্ডিয়া ৰেডিঅ’ৰ : আৰ টি আই

November 17, 2020 6:06 pm · এন ই নাও নিউজ
Updated: November 17, 2020 6:07 pm
উৎস-ইণ্টাৰনেট

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাট’ অনুষ্ঠানে অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰিছে অল ইণ্ডিয়া ৰেডিঅ’ক।

তথ্য জনাৰ অধিকাৰে এক উত্তৰত এই কথা প্ৰকাশ কৰে।

তথ্য জনাৰ অধিকাৰত প্ৰকাশিত এক তথ্য অনুসৰি প্ৰধান মন্ত্ৰীৰ মন কী বাট অনুষ্ঠানৰ বাবে অল ইণ্ডিয়া ৰেডিঅ’ই চৰকাৰী বিজ্ঞাপনতকৈ চাৰিগুণ বেছি ৰাজহ সংগ্ৰহ কৰিছে।

জানিব পৰা মতে, কেন্দ্ৰীয় চৰকাৰে মন কী বাট অনুষ্ঠানৰ প্ৰচাৰৰ বাবে ৭.২৯ কোটি টকা খৰচ কৰিছে যিয়ে অল ইণ্ডিয়া ৰেডিঅ’ক ৩০.২৮ কোটি টকা ৰাজহ সংগ্ৰহ কৰাত সহায় কৰিছে।

২০১৪ চনৰ অক্টোবৰ মাহত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰেডিঅ’ত মন কী বাট অনুষ্ঠানৰ শুভাৰম্ভ কৰিছিল।

ৰেডিঅ’ক শক্তিশালী জনসংযোগৰ মাধ্যম হিচাপে উপস্থাপন কৰাৰ বাবে প্ৰধান মন্ত্ৰী মোদীয়ে আগ্ৰহ প্ৰকাশ কৰি এই পদক্ষেপ গ্ৰহণ কৰিছিল।

মন কী বাট অনুষ্ঠানৰ মাধ্যমেৰে প্ৰধান মন্ত্ৰী মোদীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ লোকৰ সৈতে বিভিন্ন সামাজিক বিষয় সমূহৰ ওপৰত আলোচনা কৰে।

Related News