NORTHEAST NOW (Assamese)

পান্নুৰ হত্যাৰ ষড়যন্ত্ৰ, ভাৰতৰ বিৰুদ্ধে আমেৰিকাৰ ডাঙৰ অভিযোগ; মুখ খুলিলে প্ৰধানমন্ত্ৰী মোদীয়ে

December 21, 2023 8:41 am · এন ই নাও নিউজ, গুৱাহাটী

আমেৰিকাত খলিস্তানী নেতা পান্নুক হত্যাৰ ষড়যন্ত্ৰক লৈ প্ৰথমবাৰৰ বাবে মুখ মেলিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। খালিস্তানী সন্ত্ৰাসবাদক সমৰ্থন কৰাৰ বাবে তেওঁ পশ্চিমীয়া দেশসমূহকো দোষাৰোপ কৰে।

আমেৰিকাত এজন ভাৰতীয়ৰ বিৰুদ্ধে খলিস্তানী সন্ত্ৰাসবাদী গুৰপতৱন্ত সিং পান্নুক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছত প্রধানমন্ত্রী মোদীয়ে তেওঁ প্রথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷

প্ৰধানমন্ত্ৰী মোদীয়ে স্পষ্টকৈ কৈছে যে যদিহে ষড়যন্ত্ৰৰ কোনো প্ৰমাণ দিয়া হয় তেন্তে তেওঁ সেই বিষয়ে “বিবেচনা” কৰিব। লগতে তেওঁ কয় যে ‘কেইটামান ঘটনা’ই ভাৰত আৰু আমেৰিকাৰ বন্ধুত্ব নষ্ট কৰিব নোৱাৰে।

লগতে পঢ়কঃ পত্ৰৰ পিছত পত্ৰ! প্ৰতাৰক চন্দ্ৰশেখৰৰ পৰা বাচিবলৈ নিৰাপত্তা বিচাৰিলে অভিনেত্ৰী জেকলিনে

ব্ৰিটিছ কাকত ফাইনেন্সিয়েল টাইমছক দিয়া এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী মোদীয়ে স্পষ্টকৈ উল্লেখ কৰে যে আমাৰ নাগৰিকৰ মাজত যিকোনোৱে কৰি থকা অন্যায়ৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আমি সাজু। আমি আইনৰ শাসনৰ প্ৰতি দায়বদ্ধ। এই সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে বিদেশত উগ্ৰপন্থী কাৰ্যকলাপক লৈ তীব্ৰ উদ্বেগ প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘খালিস্তানীসকল মত প্ৰকাশৰ স্বাধীনতাৰ নামত ভাবুকি আৰু উচটনি দিয়াত ব্যস্ত।’ ইয়াৰ পূৰ্বে ভাৰতীয় নাগৰিক নিখিল গুপ্তাৰ বিৰুদ্ধে পান্নুক হত্যাৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন হৈছিল। আমেৰিকাই তেওঁক প্ৰত্যাৰ্পণৰ দাবী জনাইছে। ২০২০ চনত ভাৰতে শিখছ ফৰ জাষ্টিছৰ মূল খালিস্তানী নেতা পান্নুক সন্ত্ৰাসবাদী বুলি ঘোষণা কৰিছিল। ভাৰতে বাৰে বাৰে কৈ আহিছে যে পশ্চিমীয়া দেশসমূহে খালিস্তানী সন্ত্ৰাসবাদক গুৰুত্বসহকাৰে লোৱা নাই।

ভাৰত আৰু আমেৰিকাৰ বন্ধুত্ব সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে নিৰাপত্তা আৰু সন্ত্ৰাসবাদ বিৰোধী সহযোগিতা আমাৰ অংশীদাৰিত্বৰ মূল উপাদান। তেওঁ কয় যে দুই এটা বিক্ষিপ্ত ঘটনাই ভাৰত-আমেৰিকাৰ বন্ধুত্বত প্ৰভাৱ পেলাব বুলি মই নাভাবো।

পান্নুক হত্যাৰ অভিযোগ উত্থাপন কৰা ষড়যন্ত্ৰক লৈ বাইডেনে উদ্বেগ প্ৰকাশ কৰাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দুয়োখন দেশৰ পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে প্ৰবল সমৰ্থন আছে।

লগতে পঢ়কঃ ২৪ত মোদীৰ সমুখত নীতিশ, প্ৰিয়ংকা কিম্বা কেজৰিৱাল! INDIA জোঁটে ৰচিছে পৰিকল্পনা

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰীয় ভ্ৰমণৰ বাবে আমেৰিকালৈ গৈছিল আৰু বাইডেনে তেওঁক উষ্ম আদৰণি জনাইছিল। ইয়াৰ পিছত বাইডেন ভাৰতলৈ আহিছিল জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ। উচ্চ প্ৰযুক্তিৰ পৰা আৰম্ভ কৰি প্ৰতিৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে আমেৰিকা আৰু ভাৰত দুয়োখন দেশেই সন্মতি প্ৰকাশ কৰিছে।

Related News