গুজৰাটত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ: ভোট দিলে প্ৰধানমন্ত্ৰী মোদীয়ে; ৯৩ খন আসনৰ বাবে প্ৰাৰ্থী ৮৩৩ জন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাট বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ভোটদান কৰে। সোমবাৰে ৰাতিপুৱা মোদীয়ে আহমেদাবাদৰ নিশান পাব্লিক স্কুলৰ ভোটকেন্দ্ৰলৈ গৈ ভোটাধিকাৰ সাব্যস্ত কৰে। অৱশ্যে, তেওঁৰ ভোটদানক লৈ বিতৰ্কৰো সৃষ্টি হৈছে।

আজি মোডীয়ে কিছু দূৰৰ পৰা খোজকাঢ়ি ভোটকেন্দ্ৰলৈ  যায়। স্বাভাৱিকতে, বহুতো সাধাৰণ নাগৰিকে প্ৰধানমন্ত্ৰীক চাবলৈ ৰাস্তাৰ দুয়োফালে একত্ৰিত হয়। ফলত মোডীয়ে ভোট দিবলৈ খোজ কাঢ়ি যোৱাত প্ৰায় এক ৰোড শ্ব’ত পৰিণত হ’ল। প্ৰধানমন্ত্ৰীয়ে হাত জোকাৰি সাধাৰণ লোকসকলক সম্বোধন কৰাও দেখা গৈছে। স্বাভাৱিকতে, প্ৰশ্ন উত্থাপিত হয় নিৰ্বাচনৰ দিনা ৰোড শ্ব’ৰ দৰে পৰিস্থিতি সৃষ্টি কৰাটো নিৰ্বাচনী আচৰণ বিধিৰ উলংঘন নহয় নেকি?

লগতে পঢ়ক: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল চেত্ৰীৰ আত্মসমৰ্পণ

উত্তপ্ত গুজৰাট বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত আজি ১৪ খন জিলাৰ ৯৩ খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। ২.৫ কোটিতকৈও অধিক ভোটাৰে ৮৩৩ জন প্ৰাৰ্থীৰ মাজৰ পৰা বিধায়ক নিৰ্বাচন কৰিবলৈ তেওঁলোকৰ ভোটাধিকাৰ সাৱ্যস্ত কৰিব। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ১ ডিচেম্বৰত অনুষ্ঠিত হৈছিল।

আজি মুঠ ২৬,৪০৯ টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। এই স্থানসমূহত ২৯,০০০ তকৈও অধিক প্ৰিজাইডিং বিষয়া আৰু ৮৪,০০০ ভোটগ্ৰহণ বিষয়া নিযুক্ত আছে। ভোটাৰসকলে পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ভোটদান কৰিবলৈ সক্ষম হ’ব। ভোটদানৰ বাবে প্ৰায় ৩৬হাজাৰ ইলেক্ট্ৰনিক ভোটিং মেচিন (ইভিএম) ব্যৱহাৰ কৰা হৈছে।

১৪ খন জিলাত প্ৰতিবন্ধী ব্যক্তিৰ দ্বাৰা পৰিচালিত ৯৩ টা আৰ্হি ভোটকেন্দ্ৰ আৰু সমান সংখ্যক পৰিৱেশ-অনুকূল ভোটকেন্দ্ৰ থাকিব। ইয়াৰ উপৰিও, ৬৫১ টা কেৱল মাত্ৰ মহিলা ভোটকেন্দ্ৰ থাকিব।

লগতে পঢ়ক:গৰুৰ পেটৰ পৰা উদ্ধাৰ ৬৫ কিলোগ্ৰাম প্লাষ্টিক, ধাতুৰ আৱৰ্জনা; হতভম্ব চিকিৎসক

৬১ টা ৰাজনৈতিক দলে এই নিৰ্বাচনত তেওঁলোকৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। ইফালে, ভাৰতীয় জনতা পাৰ্টি (বিজেপি), কংগ্ৰেছ আৰু আম আদমী পাৰ্টীয়ে ৰাজ্যজুৰি তেওঁলোকৰ বৃহৎ ৰোড শ্ব’ আৰু ৰাজহুৱা সভাৰ দ্বাৰা সংবাদ মাধ্যমত শিৰোনাম দখল কৰিছে।

আজিৰ ৮৩৩ জন প্ৰাৰ্থীৰ ভিতৰত ৭৬৪ জন পুৰুষ আৰু ৬৯ গৰাকী মহিলা। ৰাজ্যিক নিৰ্বাচনী আয়োগৰ তথ্য অনুসৰি মনোনীত সকলৰ মাজত ২৮৫ জন নিৰ্দলীয় প্ৰাৰ্থীও আছে।

দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত বিজেপি আৰু অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপে ৯৩ খন আসনত প্ৰতিদ্বন্দিতা কৰিছে। কংগ্ৰেছে ৯০ খন আসনত প্ৰতিদ্বন্দিতা কৰিছে আৰু ইয়াৰ মিত্ৰজোঁটৰ অংশীদাৰ নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিয়ে (এনচিপি) দুখন আসনত প্ৰাৰ্থী প্ৰদান কৰিছে।

লগতে পঢ়ক:অধিকৃত মাৰিঅ’পোলত নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিছে ৰাছিয়াই; ডনবাছ ভ্ৰমণৰ বাবে সাজু পুটিন!

নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৯৩ টা বিধানসভা সমষ্টি আহমেদাবাদ, বদোদৰা, গান্ধীনগৰ আৰু অন্যান্য জিলাত বিয়পি আছে।

নিৰ্বাচন আয়োগে প্ৰদান কৰা চূড়ান্ত পৰিসংখ্যা অনুসৰি প্ৰথম পৰ্যায়ৰ ভোটদানত গড় ভোটদানৰ হাৰ আছিল ৬৩.৩১ শতাংশ। ভোটগণনা অহা ৮ ডিচেম্বৰত অনুষ্ঠিত হ’ব।