• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ভাৰতলৈ গণেশ মূৰ্তিও আমদানি হয় চীনৰ পৰা! অনুশোচনামূলক সুৰত দেশবাসীক আত্মনিৰ্ভৰশীলতাৰ বাৰ্তা দিলে মোদীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 28, 2025 10:49 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফুটুকাৰ ফেনলৈ পৰিণত হৈছে মোদীৰ মেক ইন ইণ্ডিয়া প্ৰকল্প। মেক ইন ইণ্ডিয়াৰ জৰিয়তে আত্মনিৰ্ভৰ্শীলতাৰ সপোন দেখা দেশ খন চীনৰ ওপৰত ইমানেই নিৰ্ভৰশীল হৈ পৰিছে যে ক্ষুদ্ৰ ক্ষুদ্ৰ সামগ্ৰীৰ পৰা আৰম্ভ কৰি অৰাধ্য দেৱাতাৰ মূৰ্তিও আমদানী কৰিব লাগীয়া হৈছে চীনৰ পৰা।    

২৭ মে’ত গান্ধীনগৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গণেশ মূৰ্তিৰ দৰে সামগ্ৰী চীনৰ পৰা আমদানিৰ কথা উল্লেখ কৰি দেশবাসীক থলুৱা সামগ্ৰী ক্ৰয়ৰ আহ্বান জনায়। তেওঁ ব্যৱসায়ীসকলক বিদেশী সামগ্ৰী বিক্ৰী নকৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিবলৈও অহ্বান জনায়। প্ৰধানমন্ত্ৰী গৰাকীৰ এই বক্তব্যই ‘মেক ইন ইণ্ডিয়া’ কাৰ্যসূচীৰ ব্যৰ্থতাক উদঙাই দেখুৱাইছে। কিয়নো মেক ইন ইণ্ডিয়া দৰে প্ৰকল্পই দেশক উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ কৰাৰ প্ৰতিশ্ৰুতিৰ পিছতো চৰ্ম ব্যৰ্থতাৰ সন্মুখীন হৈছে এই আঁচনি।

Apply Now

মোদীৰ কথাতেই স্পষ্ট হৈ পৰিছে যে গণেশ মূৰ্তিৰ পৰা হেয়াৰপিনলৈকে সৰু সামগ্ৰীও চীনৰ পৰা আমদানি কৰি থকা হৈছে। ২০২৪-২৫ত চীনৰ সৈতে বাণিজ্য ঘাটি ৮৫ বিলিয়ন ডলাৰৰ ওচৰত, যিয়ে ‘মেক ইন ইণ্ডিয়া’ৰ বিফলতাক আলোকপাত কৰিছে। উল্লেখ্য যে স্থানীয় কাৰিকৰী আৰু ক্ষুদ্ৰ উদ্যোগীসকলৰ বাবে পৰ্যাপ্ত বিনিয়োগ আৰু নীতিৰ অভাৱে চীনৰ সস্তীয়া সামগ্ৰীৰ প্ৰাধান্য আজিও বৰ্তি আছে।

সমালোচকসকলে মোদীৰ এই আহ্বানক প্ৰতীকী আৰু ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি গণ্য কৰিছে। নেহৰুৰ সমালোচনাৰ জৰিয়তে তেওঁ ‘মেক ইন ইণ্ডিয়া’ৰ ব্যৰ্থতাৰ পৰা দৃষ্টি আঁতৰোৱাৰ চেষ্টা কৰিছে বুলি মত প্ৰকাশ কৰিছে।

‘মেক ইন ইণ্ডিয়া’ক সফল কৰিবলৈ গাঁথনিগত সংস্কাৰ, ক্ষুদ্ৰ উদ্যোগৰ বাবে সহজ ঋণ, আৰু স্থানীয় উৎপাদনৰ প্ৰচাৰৰ বাবে বিনিয়োগৰ প্ৰয়োজন। এই ক্ষেত্ৰত বাস্তৱ পদক্ষেপৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তাক মোদী চৰকাৰে আওকাণ কৰি অহিছে। ইয়াৰ পৰিৱৰ্তে মোদীয়ে ইয়াক প্ৰচাৰৰ অহিলা হিচাপে ব্যৱহাৰ কৰাত হে গুৰুত্ব দি অহিছে।

উল্লেখ্য যে ২০২৪-২৫ বৰ্ষত ভাৰতে চীনৰ পৰা ১২৬.৯৬ বিলিয়ন ডলাৰৰ সামগ্ৰী আমদানি কৰিছে, য’ত ইলেক্ট্ৰনিকছ, মেচিনেৰী আৰু ফাৰ্মাচিউটিকেল উপাদানকে ধৰি ৯৯.২ বিলিয়ন ডলাৰৰ বাণিজ্যিক ঘাটিৰ সন্মুখীন হয়। যদি চীনে এই ৰপ্তানি বন্ধ কৰে তেন্তে ভাৰতে বৃহৎ সংকটৰ সন্মুখীন হ’ব, কিয়নো ইলেক্ট্ৰনিকছ আৰু ফাৰ্মাচিটিকেলৰ দৰে উদ্যোগসমূহ চীনৰ যোগানৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল, যাৰ ফলত নাটনি, অধিক মূল্য (১০-২০% খৰচ বৃদ্ধি) আৰু উৎপাদন হ্ৰাস (৫-৭%) হ’ব। স্মাৰ্টফোন আৰু খেলনা আদি সামগ্ৰী ব্যয়বহুল হৈ পৰিব। গতিকে চৰকাৰে মুখৰ কথাত কৈ বাস্তৱ মুখি পৰিকল্পনাৰে আগঢ়া উচিত।

প্ৰসংগ ক্ৰমে শেহতীয়াকৈ নীতি আয়োগে ভাৰত চতুৰ্থ বৃহৎ অৰ্থনীতিলৈ হিচাপে পৰিগণিত হোৱা বুলি কৰা দাবী মিথ্যা প্ৰতিপন্ন কৰে অইএমএফে। এনে ধৰণৰ ভুৱা প্ৰচাৰেৰে জনপ্ৰিয়তা অৰ্জন কৰাৰ নীতি পৰিহাৰ নকৰিলে এই বৃহৎ বৃহৎ পৰিকল্পনা কেতিয়াও বাস্তৱ হৈ নুঠে।

Tags: Assamese newsAssamNewsAtmanirbharBharatChineseImportsGaneshIdolsIndiaChinaTradeLocalForVocalMakeInIndiaModiSpeechnewsupdateNorteastNowSelfReliantIndiaTodayNewsUpdate
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

June 26, 2026 11:17 am
পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

June 26, 2026 10:11 am
ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

June 26, 2026 8:43 am
এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

June 26, 2026 8:04 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

June 26, 2026 11:17 am
পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

June 26, 2026 10:11 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd