NORTHEAST NOW (Assamese)

দুই কোটিৰ স্বপ্নৰ সলিল সমাধি! এইবাৰ ১.৫ বছৰত ১০ লাখ নিযুক্তিৰ সিদ্ধান্ত মোদী চৰকাৰৰ

June 14, 2022 12:14 pm · এন ই নাও নিউজ, গুৱাহাটী

২০১৪ চনত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হোৱাৰ সময়ত নিজৰ চমকপ্ৰদ বাকপটুতাৰ বলেৰে দেশৰ জনসাধাৰণক আকৃষ্ট কৰি তুলিছিল মোদীয়ে। দেশত বৰ্দ্ধিত নিবনুৱা সমস্যাৰ সমাপ্তিৰ বাবে সপোনৰ ধাৰা বোৱাই বছৰি ২ কোটি নিবনুৱাৰ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিল মোদীয়ে।

পিছে মোদীৰ এই প্ৰতিশ্ৰুতি বাস্তৱত সৈ পৰিল অসাৰ। মোদীৰ দুয়োটা কাৰ্যকাল মিলাই দেশত নিবনুৱা সমস্যা অধিক ৰূপতহে ব্যাপ্ত হৈ উঠিল। দেশত বিগত সময়চোৱাত নতুন নিযুক্তিৰ পৰিৱৰ্তে সংস্থাপন হেৰুওৱা লোকৰ সংখ্যাহে অধিক হ’ল।

এইবাৰ ২ কোটি নিযুক্তিৰ প্ৰতিশ্ৰুতি ধোঁৱাচাঙত তুলি নতুনকৈ অহা ১.৫ বছৰত ১০ লাখ নিযুক্তিৰ বাবে সাজু হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি মোদীয়ে বিভিন্ন চৰকাৰী বিভাগ আৰু মন্ত্ৰালয়ক অহা ডেৰ বছৰৰ ভিতৰত ১০ লাখ লোকক “মিছন মোড”ত নিযুক্তি দিবলৈ নিৰ্দেশ দিছে।

সকলো চৰকাৰী বিভাগ আৰু মন্ত্ৰালয়ত মানৱ সম্পদৰ স্থিতিৰ পৰ্যালোচনা কৰাৰ পিছত মোদীয়ে এই নিৰ্দশনা প্ৰদান কৰিছে বুলি পি এম অ’- এ উল্লেখ কৰিছে।

“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো বিভাগ আৰু মন্ত্ৰালয়ত মানৱ সম্পদৰ স্থিতি পৰ্যালোচনা কৰে আৰু নিৰ্দেশ দিয়ে যে অহা ১.৫ বছৰত চৰকাৰে মিছন মোডত ১০ লাখ লোকৰ নিযুক্তি দিব।” পিএমঅ’য়ে এক টুইটযোগে কয়।

নিবনুৱা সমস্যাক কেন্দ্ৰ কৰি সততে বিৰোধীৰ সমালোচনাৰ সন্মুখীন হৈ আহিছে মোদী চৰকাৰ। এনে অৱস্থাত চৰকাৰৰ এই নতুন প্ৰতিশ্ৰুতি কাৰ্যত: ফলৱৰ্তী হ’বনে সেয়া লক্ষ্যণীয় হ’ব।

Related News