আত্মনিৰ্ভৰ ভাৰত এপ ইন’ভেচন চেলেঞ্জ মুকলি প্ৰধান মন্ত্ৰী মোদীৰ

PM Modi launches Aatmanirbhar Bharat App Innovation Challenge

শেহতীয়াকৈ ৫৯টা চীনা এপ ভাৰতত নিষিদ্ধ কৰাৰ পিছতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশীয় এপ নিৰ্মাণৰ ওপৰত গুৰুত্ব দি শনিবাৰে “Aatmanirbhar Bharat App Innovation Challenge” মুকলি কৰিছে।

এই চেলেঞ্জৰ লক্ষ্য হৈছে নিজৰ নিজৰ শাখাত বিশ্বমানৰ হৈ উঠাৰ সম্ভাৱনা থকা ভাৰতীয় এপসমূহক উৎসাহিত কৰা।

“আপোনালোকৰ বাবে প্ৰত্যাহ্বান হ’ল যদি আপোনাৰ এটা কাৰ্য্যকৰী সামগ্ৰী আছে বা যদি আপুনি ভাবে আপোনাৰ এনে সামগ্ৰী সৃষ্টি কৰাৰ দৃষ্টি আৰু দক্ষতা আছে। মই টেক কমিউনিটিত থকা মোৰ সকলো বন্ধুক আহ্বান জনাইছো,” প্ৰধান মন্ত্ৰী মোদীয়ে এক টুইটত কয়।

এই চেলেঞ্জৰ সৈতে ইলেকট্ৰনিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰ্যালয় আৰু অটল ইন’ভেচন মিছন যুক্ত হৈ আছে।

এই চেলেঞ্জত ইতিমধ্যে থকা এপসমূহক উৎসাহিত কৰা আৰু নতুন এপৰ বিকাশ কৰাৰ লক্ষ্য লোৱা হৈছে।

“ভাৰতৰ এক খুব জীৱন্ত টেক আৰু ষ্টাৰ্ট আপ ইক’ চিষ্টেম আছে, যিটোৱে ভাৰতক দেশৰ লগতে বিশ্বতো গৰ্বিত কৰিছে। বিভিন্ন খণ্ডজুৰি টেক চলিউচন আগবঢ়োৱাত আমাৰ যুৱপ্ৰজন্মই উৎকৃষ্ট প্ৰদৰ্শন কৰিছে,” প্ৰধান মন্ত্ৰীয়ে কয়।

তেওঁ লগতে কয় যে ক’ভিড-১৯ মহামাৰীয়েও এক বৃ্হৎ সমস্যা আনিছে যিটোৰ মোকাবিলা প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে কৰা হৈছে আমাৰ দৈনন্দিন জীৱনত সহায় কৰাৰ বাবে।