NORTHEAST NOW (Assamese)

দ্বিতীয় পৰ্যায়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ল’ব ক’ৰ’না ভেকচিন!

January 21, 2021 12:26 pm · এন ই নাও নিউজ

ভাৰতত কৰ’না ভাইৰাছৰ প্ৰথম পৰ্যায়ৰ টীকাকৰণ কাৰ্যসূচী আৰম্ভ হৈছে। দ্বিতীয় পৰ্যায়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ৰাজ্য সমূহৰ মুখ্য মন্ত্ৰীসকলে ভেকচিন গ্ৰহণ কৰিব।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰি অনুসৰি দেশৰ সাধাৰণ জনতাৰ মাজত ভেকচিনৰ প্ৰতি বিশ্বাস জগোৱাৰ উদ্দেশ্যেই প্ৰধান মন্ত্ৰী আৰু বাকী নেতাসকলক প্ৰতিষেধক দিয়া হ’ব।

উল্লেখ্য যে প্ৰতিষেধকৰ দ্বিতীয় পৰ্যায়ত ৫০ বছৰৰ ওপৰৰ লোকক ভেকচিন প্ৰদান কৰা হ’ব বুলি টীকাকৰণ আৰম্ভ হোৱাৰ প্ৰথম দিনটোত প্ৰধান মন্ত্ৰী মোদীয়ে কৈছিল।

প্ৰধান মন্ত্ৰীৰ উপৰি দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহ, ৰাজ্য সমূহৰ মুখ্য মন্ত্ৰী, ৰাজ্যপালকে ধৰি মন্ত্ৰীসভাৰ আন আন সদস্যসকলেও ভেকচিন ল’ব।

অৰ্থাৎ ৫০ বছৰৰ ওপৰৰ সকলো সাংসদ আৰু বিধায়ককে ক’ৰ’না ভেকচিন প্ৰদান কৰা হ’ব।

তদুপৰি দ্বিতীয় পৰ্যায়ত, নিৰাপত্তা বাহিনীৰ কৰ্মী আৰু ৫০ বছৰৰ ওপৰৰ লোকসকলক প্ৰতিষেধক দিয়া হ’ব।

কিন্তু টীকাকৰণৰ দ্বিতীয় পৰ্যায় এতিয়া আৰম্ভ হ’ব সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।

উল্লেখ্য যে যোৱা ১৬ জানুৱাৰিৰ পৰা সমগ্ৰ দেশতে আৰম্ভ হৈছে টীকাকৰণৰ প্ৰথম পৰ্যায়। প্ৰথম পৰ্যায়ত স্বাস্থ্য কৰ্মী আৰু ক’ৰ’নাৰ বিৰুদ্ধে সন্মুখৰ পৰা নেতৃত্ব দিয়া লোকসকলক প্ৰতিষেধক দিয়া হৈছে।

উল্লেখ্য যে ভেকচিনক লৈ সাধাৰণ জনতাৰ মাজত কিছু ভয়ৰ উদ্ৰেগ ঘটিছে। এই ভয় নোহোৱা কৰিবলৈ প্ৰধান মন্ত্ৰীকে ধৰি আন আন লোকসকলক দ্বিতীয় পৰ্যায়ত প্ৰতিষেধক দিয়া হ’ব।

Related News