দেশৰ প্ৰান্তে প্ৰান্তে এতিয়া হিন্দীক ৰাষ্ট্ৰ ভাষা হিচাবে প্ৰতিষ্ঠা কৰাৰ প্ৰতিযোগিতান চলিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্যালয়ত দশম শ্ৰেণীলৈকে হিন্দী বাধ্যতামূলক কৰাৰ পৰামৰ্শ দিছিল।
অমিত শ্বাহৰ এই পৰামৰ্শকলৈ অসমতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। হিন্দীৰ ৰাষ্ট্ৰ ভাষা হিচাবে প্ৰতিষ্ঠা কৰাৰ প্ৰতিযোগিতাত আনকি বলিউডৰ একাংশ চেলিব্ৰেটি অভিনেতা-অভিনেত্ৰীয়েও জঁপিয়াই পৰা পৰিলক্ষিত হৈছে।
ইয়াৰ মাজতে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সম্পূৰ্ণ বিপৰীত স্থিতিত অৱস্থান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আঞ্চলিক ভাষাসমূহক অধিক শক্তিশালী কৰাৰ বিষয়তহে গুৰুত্ব দিয়ে।
শনিবাৰে নতুন দিল্লীত বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশসকলৰ এক যুটীয়া সন্মিলনত ভাষণ দি মোদীয়ে কয় যে আদালতত স্থানীয় ভাষা ব্যৱহাৰৰ বাবে এক শক্তিশালী প্ৰচেষ্টা চলাব লাগে। আদালতত স্থানীয় ভাষাৰ প্ৰয়োগে ন্যায় ব্যৱস্থাৰ ওপৰত সাধাৰণ নাগৰিকৰ আস্থা বৃদ্ধি কৰিব আৰু তেওঁলোকে ইয়াৰ সৈতে অধিক জড়িত হ’ব পাৰিব বুলি মোদীয়ে মন্তব্য কৰে।
মোদীয়ে কয়—’আমি আদালতত স্থানীয় ভাষা ব্যৱহাৰৰ বিষয়টোক উৎসাহিত কৰিব লাগিব। ই ন্যায় ব্যৱস্থাৰ ওপৰত সাধাৰণ নাগৰিকৰ আস্থা বৃদ্ধি কৰাৰ লগতে তেওঁলোকক ইয়াৰ সৈতে অধিক সম্পৰ্কিত বুলি অনুভৱ কৰাৰ সুযোগ দিব”।
প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীসকলক ন্যায় প্ৰদান সহজ কৰি তুলিবলৈ পুৰণি আইন বাতিল কৰিবলৈও আহ্বান জনায়।
মোদীয়ে এই প্ৰসংগতে কয়—” ২০১৫ চনত আমি প্ৰায় ১,৮০০ খন আইন চিনাক্ত কৰিছিলোঁ । যিবোৰ অপ্ৰাসংগিক হৈ পৰিছে। ইয়াৰ ভিতৰত কেন্দ্ৰই ১,৪৫০ খন আইন বাতিল কৰিছে। কিন্তু কেৱল এনে ৭৫ খন আইনহে বিভিন্ন ৰাজ্যই বাতিল কৰিছে’।
উল্লেখ্য আদালতৰ কাম-কাজত আঞ্চলিক ভাষাৰ প্ৰয়োগত গুৰুত্ব দি প্ৰধানমন্ত্ৰী মোদীয়ে আজি হিন্দীৰ প্ৰসাৰৰ বিপৰীতে আঞ্চলিক ভাষাৰ প্ৰসাৰ তথা প্ৰয়োগকহে উৎসাহিত কৰিলে।
মোদীৰ এনে স্থিতি নিঃসন্দেহে অমিত শ্বাহৰ স্থিতিৰ বিপৰীত হিচাবে পৰিগণিত হৈছে।