সন্মুখত নিৰ্বাচন! মোডীৰ উপহাৰ, পেট্ৰল-ডিজেলৰ দাম ৮ৰ পৰা ১০ টকালৈ হ্ৰাস পাব?
বছৰৰ শেষত দেশবাসীক এটা ডাঙৰ উপহাৰ দিব পাৰে মোডী চৰকাৰে। অহা বছৰৰ আৰম্ভণিতে লোকসভা নিৰ্বাচন। সূত্ৰ অনুসৰি, তাৰ পূৰ্বে চৰকাৰে খুচুৰা বজাৰত পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস কৰিব পাৰে। এই সংশোধিত মূল্য বছৰ শেষ হোৱাৰ পূৰ্বে ঘোষণা কৰিব পাৰে।
বিভিন্ন বাতৰি অনুসৰি, পেট্ৰলিয়াম মন্ত্ৰালয়ে প্ৰতি লিটাৰ ইন্ধনৰ মূল্য ৮ টকাৰ পৰা ১০ টকালৈ হ্ৰাস কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। শীঘ্ৰে এই প্ৰস্তাৱ মন্ত্ৰীসভাৰ সন্মুখত অনুমোদনৰ বাবে দাখিল কৰা হ’ব।
জানিব পৰা মতে, আমদানিকৃত খাৰুৱা তেলৰ ক্ৰয় মূল্য হ্ৰাস কৰি খুচুৰা বজাৰত ইন্ধনৰ মূল্য হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে মন্ত্ৰালয়ে।
২০২৩-২৪ বিত্তীয় বৰ্ষত খাৰুৱা তেলৰ মূল্য গড়ে প্ৰতি বেৰেলত আছিল ৭৭.১৪ ডলাৰ। ইয়াৰে কেৱল ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহতহে তেলৰ মূল্য যথেষ্ট বৃদ্ধি পাইছে। বিগত বিত্তীয় বৰ্ষত খাৰুৱা তেলৰ মূল্য আছিল ৯৩.১৫ ডলাৰ।
লগতে পঢ়কঃ দশম শ্ৰেণীৰ ছাত্ৰৰ সৈতে শিক্ষয়িত্ৰীৰ ৰোমাঞ্চৰ অন্তৰংগ ছবি ভাইৰেল; ব্যৱস্থা গ্ৰহণৰ দাবী অভিভাৱকৰ
শেষবাৰৰ বাবে খুচুৰা বজাৰত চৰকাৰে তেলৰ মূল্য বৃদ্ধি কৰিছিল ২০২২ চনৰ এপ্ৰিল মাহত। তাৰ পিছৰ পৰাই মূল্য অপৰিৱৰ্তিত হৈ আছে। ইয়াৰ ভিতৰত ভাৰতীয় তেল নিগম, ভাৰত পেট্ৰলিয়াম নিগম আৰু হিন্দুস্তান পেট্ৰলিয়াম নিগম – তিনিওটা চৰকাৰী তেল বিপণন কোম্পানীয়ে চলিত বিত্তীয় বৰ্ষত খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ বাবে এই বছৰ ডাঙৰ লাভ কৰিছে।
তিনিওটা কোম্পানীৰ মুঠ লাভ ৫৮,১৯৮ কোটি! খাৰুৱা তেলৰ মূল্য অধিক হোৱাৰ বাবে বিগত বিত্তীয় বৰ্ষত তিনিওটা কোম্পানীয়ে যথেষ্ট লোকচানৰ সন্মুখীন হৈছিল। যাৰ বাবে চৰকাৰে যোৱা কেন্দ্ৰীয় বাজেটত তেওঁলোকৰ বাবে ৩০ হাজাৰ কোটি টকাৰ সহায়ক পেকেজৰো ঘোষণা কৰিছিল।
সূত্ৰ অনুসৰি, সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত বিজেপিৰ নিৰংকুশ জয়ৰ পিছত চৰকাৰে লোকসভা নিৰ্বাচন আগতীয়াকৈ অনুষ্ঠিত কৰিব পাৰে। কিন্তু লোকসভা নিৰ্বাচনত মোডী চৰকাৰৰ বিৰুদ্ধে বিৰোধীৰ আটাইতকৈ ডাঙৰ অভিযোগ হৈছে মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ হোৱা। যদি প্ৰতি লিটাৰত তেলৰ দাম ৮ৰ পৰা ১০ টকা হ্ৰাস কৰা হয়, তেন্তে বিৰোধীৰ এই অভিযোগ নিৰস্ত্ৰ হৈ পৰিব পাৰে।
লগতে পঢ়কঃ First Woman DG: চিআইএছএফৰ প্ৰথম মহিলা সঞ্চালক প্ৰধান হিচাপে নিযুক্ত নীনা সিং
বৰ্তমান গুৱাহাটীত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰ ৯৮.১৭ টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৯০.০৮ টকা। দিল্লীত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য কিছু হ্ৰাস পাই ক্ৰমে ৯৬.৭১ আৰু ৮৯.৬২ টকা। অৱশ্যে মুম্বাই আৰু বেংগালুৰু দুয়োখন ইন্ধনৰ মূল্য প্ৰতি লিটাৰত ১০০ টকাৰ ওপৰত।