NORTHEAST NOW (Assamese)

জানুৱাৰিত মোদীৰ ত্ৰিপুৰা ভ্ৰমণ, মুকলি কৰিব ৰিজ’নেল কেন্সাৰ ট্ৰিটমেণ্ট এণ্ড ৰিছাৰ্ছ চেণ্টাৰ

December 15, 2018 6:08 pm · এন ই নাও নিউজ

অহা জানুৱাৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ত্ৰিপুৰাৰ আগৰতলাত নতুনকৈ নিৰ্মাণ কৰি তোলা ৰিজ’নেল কেঞ্চাৰ ট্ৰিটমেণ্ট এণ্ড ৰিছাৰ্ছ চেণ্টাৰটো মুকলি কৰিব।

টাইমছ অব ইণ্ডিয়াত প্ৰকাশিত এক বাতৰি মতে যোৱা বৃহস্পতিবাৰে সংসদ ভৱনত প্ৰধান মন্ত্ৰীক সাক্ষাৎ কৰি ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ দেবে তেওঁক ৰাজ্যখনলৈ নিমন্ত্ৰণ জনায়।

জানুৱাৰিৰ শেষৰফালে বা ফেব্ৰুৱাৰিৰ আৰম্ভণিতে হ’ব লগীয়া উক্ত ভ্ৰমণকালত প্ৰধান মন্ত্ৰী মোডীয়ে ৰাজ্যিক কেবিনেটৰ সদস্যসকলৰ লগতে বিজেপিৰ শীৰ্ষ কৰ্মকৰ্তাসকলৰ সৈতে আলোচনাত মিলিত হ’ব বুলি বাতৰিটোত প্ৰকাশ পাইছে।

আনহাতে মোদীৰ ভ্ৰমণৰ পূৰ্বেই অহা ৫ জানুৱাৰিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে ত্ৰিপুৰাত এখন জনসমাৱেশত ভাগ ল’ব।

উক্ত ভ্ৰমণ কাৰ্যসূচীত অমিত শ্বাহে অহা বৰ্ষত অনুষ্ঠিত হ’ব লগীয়া সাধাৰণ নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে দলৰ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হোৱাৰ কথা।

Related News