NORTHEAST NOW (Assamese)

১০০ বছৰত প্ৰয়াত হীৰাবেন মোদী; মাতৃহাৰা হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

December 30, 2022 8:27 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 30, 2022 8:29 am

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃ হীৰাবেন মোডীৰ শুকুৰবাৰে পুৱা মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ১০০ বছৰ। তেওঁক আহমেদাবাদৰ ইউএন মেহতা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

প্ৰধানমন্ত্ৰী মোডীয়ে কেইবাটাও টুইটযোগে তেওঁৰ মাতৃৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। তেওঁ হিন্দীত লিখিছে, “এক গৌৰৱময় শতাব্দী ঈশ্বৰৰ চৰণত জিৰণি লৈ আছে… মোৰ মাৰ ক্ষেত্ৰত মই সদায় সেই ত্ৰিমূৰ্তিক অনুভৱ কৰি আহিছো যাৰ ভিতৰত আছে এজন তপস্বীৰ যাত্ৰা, নিস্বাৰ্থ কৰ্মযোগীৰ প্ৰতীক আৰু মূল্যবোধৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ জীৱন।”

লগতে পঢ়ক: বিদায়, দ্য কিং অৱ জগ’ বনিট’…….

তেওঁ লগতে কয়, “যেতিয়া মই তেওঁৰ ১০০ তম জন্মদিনত তেওঁক লগ পাইছিলো, তেতিয়া তেওঁ এটা কথা কৈছিল, সদায় মনত ৰাখিবা বুদ্ধিমত্তাৰ সৈতে কাম কৰা পৱিত্ৰ জীৱন যাপন কৰা।”

মাতৃৰ মৃত্যুৰ খবৰ পোহৰলৈ অহাৰ লগে লগে প্ৰধানমন্ত্ৰী মোডী আহমেদাবাদলৈ ৰাওনা হয়। তেওঁৰ মাতৃক তাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

আজি তেওঁ কলকাতাৰ হাওৰাত বন্দে ভাৰত ৰে’লৰ যাত্ৰা আৰু পশ্চিম বংগৰ ৰে’ল আৰু নমামি গঙ্গেৰ অন্যান্য উন্নয়নমূলক কাম আৰম্ভ কৰাৰ কথা আছিল। কিন্তু এতিয়া, তেওঁ ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে এনে কৰিব বুলি আশা কৰা হৈছে।

ইয়াৰ পূৰ্বে, ইউএন মেহতা ইনষ্টিটিউট অৱ কাৰ্ডিঅ’লজী এণ্ড ৰিচাৰ্চ চেণ্টাৰে জনাইছিল যে প্ৰধানমন্ত্ৰী মোডীৰ মাতৃৰ স্বাস্থ্য উন্নত হৈ আছে।

বুধবাৰে গুজৰাটৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ে এক বিবৃতিত লগতে কৈছিল যে আহমেদাবাদৰ ইউএন মেহতা ইনষ্টিটিউট অৱ কাৰ্ডিঅ’লজী এণ্ড ৰিচাৰ্ছ চেণ্টাৰত ভৰ্তি হোৱা হীৰাবেনক শীঘ্ৰেই অব্যাহতি দিয়া হ’ব।

Related News