এশিঙীয়া গড়ৰ বিচৰণ ভূমি পবিতৰা অভয়াৰণ্যখনি নবেম্বৰ মাহৰ প্ৰথম সপ্তাহতে পৰ্যটকৰ বাবে মুকলি কৰা হ’ব বুলি জানিব পৰা গৈছে ।
এই উপলক্ষ্যে পবিতৰা অভয়াৰণ্যৰ কৰ্তৃপক্ষই সমগ্ৰ অভয়াৰণ্যৰ পৰিবেশ ‘ন কইণা’সজোৱা দি সজাই পৰাই তুলিছে ।
পৰ্যটকৰ আকৰ্ষনৰ বাবেও আভয়াৰণ্যৰ কৰ্তৃপক্ষই ইতিমধ্যে সাজু কৰি তুলিছে হাতী ছাফাৰী, জীপ ছাফাৰীকে ধৰি পৰ্যটকৰ বাবে থকা ৰি’জটসমূহো আটোমটোকাৰীকৈ সজাই পৰাই তুলি সকলোতে চেনিটাইজ কৰি এক আকৰ্ষণীয় কৰি তুলিছে পবিতৰা অভয়াৰণ্যৰ সামগ্ৰীক পৰিবেশ ।
ইফালে,কভিডসৃষ্ট পৰিবেশৰ বাবে অভয়াৰণ্যখন বিগত ছমাহধৰি বন্ধ হৈ আছিল ।
যাৰ পৰিপ্ৰেক্ষিতত ভীষণ আৰ্থিক সমস্যাৰ সন্মোখিন হৈছিল হোটেল,ৰি’জটৰ সৈতে জড়িত এছাম শিক্ষিত নিবনুৱা যুৱক-যুৱতী।
আকৌ এবাৰ ৰাজ্যখনৰ লগতে বহিঃৰাজ্যৰ পৰা আহিবলগীয়া পৰ্যটকসকলক আদৰিবলৈ সাজু হৈ আছে পৰ্যটন উদ্যোগটোৰ সৈতে জড়িত পবিতৰাৰ ৰি’জটসমূহৰ উদ্যোগীসকল।