• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, February 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপিৰ শীৰ্ষ পদবীত বাংলাদেশী মুছলমান ! গ্ৰেপ্তাৰৰ পিছত হতবাক আৰক্ষীও

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 21, 2021 10:18 am

2 min read

Article-5-2-960x540
426
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে যিটো সময়ত বিজেপিয়ে বাংলাদেশকে ধৰি বিশ্বৰ কেইবাখনো দেশৰ পৰা বিদেশী আনি দেশৰ বহু ৰাজ্যত থাপিবলৈ ওলাইছে সেই সময়তে বিজেপিৰ শীৰ্ষ পদবীত এজন বাংলাদেশী লোকে কাৰ্যনিৰ্বাহ কৰি থকাৰ কথা পোহৰলৈ আহিছে।

এই জন বাংলাদেশী লোকে বিজেপিৰ সংখ্যালঘু কোষৰ সভাপতিৰ পদ অলংকৃত কৰি আহিছিল।

শেহতীয়াকৈ মুম্বাই আৰক্ষীয়ে বিজেপিৰ উত্তৰ মুম্বাই সংখ্যালঘু কোষৰ সভাপতি ৰুবেল শ্বেখক গ্ৰেপ্তাৰ কৰাৰ পিছতে পোহৰলৈ আহে বহু ভয়ংকৰ তথ্য।লোকজনৰ কেৰামতালি দেখি হতবাক হৈ পৰিছে খোদ আৰক্ষীও।

মুম্বাই আৰক্ষীয়ে প্ৰকাশ কৰা মতে ৰুবেল শ্বেখ নামৰ বিজেপি নেতা গৰাকী দৰাচলতে বাংলাদেশী লোকহে।

২০১১ চনত তেওঁ ভাৰতলৈ আহিছিল আৰু ভুৱা নথি-পত্ৰৰে তেওঁ নিজকে ভাৰতীয় বুলি পৰিচয় দিছিল।

মুম্বাই আৰক্ষীৰ জ্যেষ্ঠ পৰিদৰ্শক ভালেৰাও শেখৰে প্ৰকাশ কৰা মতে লোক জনৰ ঘৰ বাংলাদেশৰ জাছুৰ জিলাৰ  বাৱালিয়া গাঁওত বুলি নিশ্চিত কৰা হৈছে।

বিজেপি নেতা ৰুবেল শ্বেখে ভুৱা নথি-পত্ৰৰে আধাৰ কাৰ্ডৰ লগতে পান কাৰ্ডো প্ৰস্তুত কৰিছিল।

তেওঁ পশ্চিমবংগৰ নদীয়া জিলাৰ মালাপোটা গাঁও পঞ্চায়তৰ হংসখালি গাঁৱত ঘৰ থকা বুলি ভুৱা প্ৰমাণ পত্ৰ উলিয়াই লৈছিল।

বিজেপিৰ সংখ্যালঘু কোষৰ নেতা জনে নিজৰ নাগৰিকত্বৰ তথ্য লুকুৱাই কিদৰে ইমান দিনে ভাৰতত থাকিব পাৰিছে তাকে লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে।

বিজেপিয়ে ‘কা’ৰ অধীনত তেওঁকো নাগৰিকত্ব প্ৰদান কৰিলে নেকি বুলি বহুতে প্ৰশ্ন কৰিছে।

কংগ্ৰেছৰ নেতা শচীন চাৱন্তে ঘটনাটো সন্দৰ্ভত টুইটাৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এইদৰে লিখিছে—‘এয়া বিজেপিৰ সংঘ জেহাদ নেকি?কিছিুমান বিজেপি নেতাই এতিয়া গোমাতাৰ চোৰাং সৰবৰাহ আৰু আইএছআইক তথ্য যোগানৰ কামত নিয়োজিত হোৱা দেখা গৈছে’।

বিজেপিয়ে ‘কা’ৰ অধীনত এনে বাংলাদেশীক নাগৰিকত্ব দিছে নেকি বুলিও কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰশ্ন কৰে।

Recent News

a mori

মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত নিৰ্বাচন সম্পৰ্কীয় জৰুৰী সভা

Screenshot_2021-02-26-16-25-47_1

টীয়কৰ শিক্ষাবিদ ৰবীন দুৱৰালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

ww-copy-1-750x375

আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্যে WICCIৰ উদ্যোগত গুৱাহাটীত মহিলাৰ বাবে ৱাকাথন, কেনেকৈ কৰিব যোগদান?

bhaba

তামুলপুৰত বিপিএফৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি ছয় প্ৰাৰ্থীৰ আবেদন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd