• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পুৰণিগুদামত চোৰৰ উপদ্ৰৱ : এক চোৰে নিলে আ-অলংকাৰসহ নগদ ধন, আনক একে ছাগলী নি পৰিল ফান্দত

খাটোৱালতো দিনদুপৰতে ছাগলী চোৰ কৰিবলৈ আহি টেম্পুসহ হাতে-লোতে কৰায়ত্ব এটা গভাইত চোৰ

NE NOW NEWS ভাৰ্গব হাজৰিকা
পুৰণিগুদাম , December 1, 2020 8:34 am

2 min read

Polish_20201201_075557364
641
VIEWS
Share on FacebookShare on Twitter

অনুষ্টুপীয়াকৈ হ’লেও চাৰিওফালে শ্ৰীশ্ৰীকৃষ্ণৰ ৰাস উৎসৱৰ আনন্দ-উল্লাসৰ মাজতে চোৰৰ সন্ত্ৰাসে টোপনি হৰিছে বৃহত্তৰ পুৰণিগুদাম অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজৰ।

সোমাবাৰে নগাঁও জিলাৰ পুৰণিগুদামৰ ম’হপাৰা গাঁৱত ফুটগধূলিতে সংঘটিত এক চুৰিকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোতে।

চন্দন ফুকন নামৰ এজন লোকৰ ঘৰত কোনো নথকাৰ সুযোগলৈ সন্মুখৰ দুৱাৰ ভাঙি সন্তৰ্পণে ঘৰখনত প্ৰৱেশ কৰি চোৰে লুটি নিলে তিনি লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰসহ নগদ ধন।

বিশেষ কাৰণত নগাঁৱলৈ যোৱা চন্দন ফুকনৰ পৰিয়ালটো উভতি অহাৰ পিছতহে পোহৰলৈ আহে সমগ্ৰ চুৰিকাণ্ডটো। ভুক্তভোগী যুৱকজনৰ ঘৰত পুৰণিগুদাম আৰক্ষীৰ এটা দল উপস্থিত হৈ আৰম্ভ কৰে প্ৰাৰম্ভিক অনুসন্ধান।

উল্লেখ্য যে, চন্দন ফুকন হৈছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পুৰণিগুদাম আঞ্চলিক সমিতিৰ বৰ্তমানৰ সভাপতি।

ইফালে সোমাবাৰে দিন দুপৰতে পুৰণিগুদাম নিকটৱৰ্তী খাটোৱাল আৰক্ষী থানাৰ এলেকাধীন শলিয়াভেটিত স্থানীয় ৰাইজে এক ছাগলী চোৰক টেম্পুসহ হাতে-লোটে ধৰিবলৈ সক্ষম হয়৷

বিয়লি তিনিটা চোৰে যাত্ৰী কঢ়িওৱা এখন টেম্পুৰে আহি পথৰ কাষত এৰাল দি থোৱাৰ অৱস্থাৰ পৰা দুটা ছাগলী টেম্পুত ভৰাই উধাও হোৱা প্ৰত্যক্ষ কৰি গাঁৱৰ ৰাইজে ছাগলীসহ টেম্পুখন ধৰিবলৈ সক্ষম হয় যদিও দুটা চোৰে সুযোগ বুজি ঘটনাস্থলিৰ পৰা পলায়ন কৰে।

চুৰি কাণ্ডটোত ব্যৱহৃত এএচ-০২ই-৪০৬৬ নম্বৰৰ টেম্পুখনৰ সৈতে ধৃত চোৰ আৰু ছাগলী দুটা সন্ধিয়া ৰাইজে গটাই দিয়ে খাটোৱাল আৰক্ষীক।

চোৰৰ উপদ্ৰৱ দিনক দিনে বৃদ্ধি পোৱাৰ বাবে বিনিদ্ৰ ৰজনী কটাবলৈ বাধ্য হোৱা বৃহত্তৰ পুৰণিগুদাম আৰু খাটোৱাল অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজক সুৰক্ষা প্ৰদান কৰিব পৰাকৈ আৰক্ষীয়ে কেনে ধৰণেৰে ব্যৱস্থা গ্ৰহণ কৰে সেয়া নিশ্চয় পৰৱৰ্তী সময়ত অতিশয় লক্ষণীয় হ’ব।

Recent News

shashi-tharoor

লালকিল্লাত প্ৰতিবাদী কৃষকৰ পতাকা উৰুওৱাক দুৰ্ভাগ্যজনক আখ্যা কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ

শচীনৰ সৰ্বাধিক টেষ্ট ৰানৰ অভিলেখ জ’ ৰুটে ভংগ কৰিব পাৰে বুলি মন্তব্য এজন প্ৰাক্তন ক্ৰিকেটাৰৰ

শচীনৰ সৰ্বাধিক টেষ্ট ৰানৰ অভিলেখ জ’ ৰুটে ভংগ কৰিব পাৰে বুলি মন্তব্য এজন প্ৰাক্তন ক্ৰিকেটাৰৰ

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd