আছুৰ গণ সত্যাগ্ৰহ কাৰ্যসূচী; গুৱাহাটীত আছু নেতাসহ প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ

835344-caa

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ ফাইল ছবি।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আজিৰে পৰা আছুৱে আৰম্ভ কৰা তিনিদিনীয়া গণ সত্যাগ্ৰহৰ কাৰ্যসূচীৰ প্ৰথম দিনটোতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আছু নেতৃত্বক।

সোমবাৰে লতাশিলৰ পৰা আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্বল কুমাৰ ভট্টাচাৰ্য আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ নেতৃত্বত প্ৰতিবাদী সমদলত যোৱা প্ৰতিবাদকাৰীসকলক কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

প্ৰতিবাদত বিভিন্ন জাতি-জনগোষ্ঠীৰ নেতাৰ লগতে একাংশ সাধাৰণ ৰাইজ তথা ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল।

আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক গ্ৰেপ্তাৰ কৰি দীঘলীপুখুৰী পাৰৰৰ অস্থায়ী কাৰাগাৰলৈ লৈ যায়।

প্ৰশাসনৰ অনুমতি নোহোৱাকৈ প্ৰতিবাদ কৰাৰ বাবেই আৰক্ষীয়ে এইদৰে প্ৰতিবাদকাৰীসকলক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে।

প্ৰতিবাদকাৰীসকলে আজি ‘’হয় CAA বাতিল কৰক, নহয় আমাক গ্ৰেপ্তাৰ কৰক’’ শ্ল’গান দি প্ৰতিবাদত অংশ লৈছিল।

উল্লেখযোগ্য প্ৰথমবাৰৰ বাবে এসময়ৰ সতীৰ্থ মুখ্য মন্ত্ৰী সোণোৱাল চৰকাৰৰ আৰক্ষীয়ে আন্দোলনকাৰী আছু নেতা সমুজ্বল ভট্টাচাৰ্যক গ্ৰেপ্তাৰ কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।